গুৱাহাটী : অহা ৫ মে’লৈকে বন্ধ থাকিব জিলা-ৰাজ্যিক সংগ্ৰহালয়। কভিড অতিমাৰীজনিত সংক্রমণৰ প্রতি লক্ষ্য ৰাখি অসম চৰকাৰৰ সংগ্রহালয় সঞ্চালকালয়ে ইয়াৰ অধীনৰ সকলাে সংগ্রহালয় পােন্ধৰ দিনৰ বাবে বন্ধ ঘােষণা কৰিছে।

সংগ্ৰহালয় সঞ্চালকে মঙলাবাৰে জাৰি কৰা এক নির্দেশ অনুসৰি গুৱাহাটীস্থিত ৰাজ্যিক সংগ্রহালয় আৰু জিলা সংগ্ৰহালয়সমূহকে ধৰি সঞ্চালকালয়ৰ অধীনত পৰিচালিত ৰাজ্যৰ সকলো চৰকাৰী সংগ্রহালয় মঙলাবাৰৰ পৰা অহা ৫ মে’ পর্যন্ত বন্ধ থাকিব। ইফালে কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে।

উচ্চ ন্যায়ালয়ত এতিয়াৰে পৰা ৫০ শতাংশ কৰ্মচাৰীৰ উপস্থিতিত কাম-কাজ চলিব বুলি নিৰ্দেশনা জাৰি কৰিছে উচ্চ ন্যায়ালয়ে। কভিডৰ ভয়াবহ সংক্ৰমণ ৰোধৰ বাবে উচ্চ ন্যায়ালৰ ভিতৰত সকলোৱে পালন কৰিব লাগিব সামাজিক দূৰত্ব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহা পঞ্জীয়কে এই নিৰ্দেশনা জাৰি কৰিছে।

এই নিৰ্দেশনা অনুসৰি ভিডিঅ’ কনফাৰেন্স যোগে উচ্চ ন্যায়ালয়ৰ সকলো শুনানি গ্ৰহণ কৰা হ’ব। ন্যায়ালয়ৰ ভিতৰত বাহিৰৰ কোনো ব্যক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰিব। সম্পূৰ্ণৰূপে বন্ধ থাকিব ন্যায়ালৰ বাৰৰূম আৰু কেণ্টিন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply