গুৱাহাটী : চৰকাৰে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা। কভিড ফলাফল নিগেটিভ হ’লেও থাকিব লাগিব হোম কোৱাৰাণ্টাইনত। বহিঃৰাজ্যৰ পৰা অহা লোক সকলক হোম কোৱাৰাণ্টাইনত থকাটো বাধ্যতামূলক কৰিছে চৰকাৰে। বহিঃৰাজ্যৰ পৰা অহা লোকে ৭ দিন হোম কোৱাৰাণ্টাইনত থকাটো বাধ্যতামূলক কৰিছে চৰকাৰে।

কভিড পৰিস্থিতিয়ে দেশত ভয়াবহ ৰূপ ধাৰণ কৰিছে। কভিডৰ দ্বিতীয়টো ঢৌ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে। দেশত লাখ লাখ লোক কভিডত আক্রান্ত হোৱাৰ ধাৰা অব্যাহত আছে। ইতিমধ্যে মৃত্যু হৈছে বহু লোকৰ আৰু মৃত্যুৰ সৈতে যুঁজি আছে বহু লোক। দিল্লী আৰু মহাৰাষ্ট্ৰত ক্ৰমাৎ অধিক জটিল হৈ পৰিছে পৰিস্থিতি।

দিল্লী আৰু মহাৰাষ্ট্ৰৰ লগতে দেশৰ কেইবাখনো ৰাজ্য এতিয়া কভিড মহামাৰীৰ কবলত। অসমত বর্তমানলৈকে পৰিস্থিতি জটিল হোৱা নাই যদিও দ্ৰুতগতিত বৃদ্ধি পাইছে কভিড আক্রান্তৰ সংখ্যা। বিশেষকৈ বহিঃৰাজ্যৰ পৰা বিমান আৰু ৰে’ল যোগে অহা লোকৰ শৰীৰত প্ৰতিদিনে ধৰা পৰিছে কভিডৰ অৱস্থিতি।

বহিঃৰাজ্যৰ পৰা অহা লোকৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰা পৰিস্থিতিয়ে চিন্তিত কৰি তুলিছে ৰাজ্য চৰকাৰক। বহিঃৰাজ্যৰ লোকৰ বাবে যাতে অসমত কভিডৰ সংক্ৰমণ ভয়াবহ ৰূপ ধাৰণ নকৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে।

চৰকাৰে বিমান আৰু ৰে’ল যোগে বহিঃৰাজ্যৰ পৰা লোক সকলক ৭ দিনৰ বাবে হোম কোৱাৰাণ্টাইনত থকাটো বাধ্যতামূলক কৰিছে। বহিঃৰাজ্যৰ পৰা অহা লোক কভিড পৰীক্ষাৰ অন্তত নেগেটিভ বুলি নিশ্চিত হোৱাৰ পিছতো ৭ দিনৰ বাবে হোম কোৱাৰাণ্টাইনত থাকিব লাগিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply