মানকাচৰ : কভিড প্ৰ’টকল মানি মানকাচৰৰ কামাখ্যা মন্দিৰত মহা নৱৰাত্ৰি পুজা-অৰ্চনা। কভিড সংক্ৰমণ নিয়ন্ত্ৰণলৈ অহাৰ বাবে ভগৱানৰ ওচৰত প্ৰাথনা ভক্তৰ। কভিড বাবে এই বেলি নৱৰাত্ৰি উপলক্ষে মানকাচৰৰ কামাখ্যা মন্দিৰত বহু পৰিমাণে হ্ৰাস পালে ভক্তৰ সমাগম।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তৰ মানকাচৰৰ মেঘালয়ত থকা কামাখ্যা মন্দিৰত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে মহা নৱৰাত্ৰিৰ পুজা অনুষ্ঠিত কৰা হয়। চাৰিদিন পূৰ্বে পঞ্চমিৰ দিনা দেৱী দুৰ্গাৰ প্ৰতিমা মাণ্ডপত স্থাপন কৰাৰ পিছত ষষ্টমী, সপ্তমী আৰু অষ্টমীৰ দিনা দেৱীক বিভিন্ন ফুলেৰে পুষ্পঞ্জলি দিয়া হয়।

বুধবাৰে মহা নৱমীৰ দিনা পুজা-অৰ্চনা কৰিবলৈ কামাখ্যা মন্দিৰত যথেষ্ট পৰিমাণে ভক্তৰ সমাগম হয় যদিও পূৰ্বৰ তুলনাত ভক্তৰ সংখ্যা বহু হ্ৰাস পোৱা দেখিবলৈ পোৱা যায়। আন আন বছৰত কামাখ্যা মন্দিৰত সহস্ৰাধিক ভক্তৰ সমাগম হয় যদিও কভিডৰ ভয়াবহতাৰ বাবে যোৱা বছৰ কামাখ্যাত মহা নবৰাত্ৰি অনুষ্ঠিত হোৱা নাছিল।

অৱশ্য এই বেলি মহা নৱৰাত্ৰি উপলক্ষে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে যদিও আন বছৰৰ তুলনাত বহু কম সংখ্যক ভক্তৰ সমাগম দেখা গ’ল। সেৰেঙা ভক্তৰ উপস্থিতিত মহা যজ্ঞ, আৰতি, ভোগ, পূজা আদি অনুষ্ঠিত কৰা হয়। ইফালে ভক্ত সকলে কভিড প্ৰ’টকল মানি মুখত মাক্স পৰিধান কৰি এইবাৰ কামাখ্যা মন্দিৰত পূজা কৰিবলৈ অহা দেখিবলৈ পোৱা যায়।

ভক্ত সকলে দেৱীৰ ওচৰত দেশৰ লগতে পৃথিৱীৰ পৰা কভিড মহামাৰী নিৰাময় হোৱাৰ প্ৰাথনা কৰা পৰিলক্ষিত হয়। আনহাতে মহা নৱৰাত্ৰি উপলক্ষে মানকাচৰৰ মাৰোৱাৰী সম্প্ৰদায়ৰ লোক সকলে নিজৰ নিজৰ প্ৰতিষ্ঠানত ৰাম নৱমী উৎসৱ পালন কৰা পৰিলক্ষিত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply