মানকাচৰ : দক্ষিণ শালমাৰা মানকাচৰ জিলাত ২৪ জনলৈ বৃদ্ধি পালে কভিড আক্ৰান্ত লোকৰ সংখ্যা। জিলাখনত শুকুৰবাৰৰ দিনটোত নতুনকৈ কভিডত আক্ৰান্ত হয় ৫ জনকৈ লোক। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত প্ৰতিদিনে নতুন নতুন লোকৰ শৰীৰত ধৰা পৰিছে কভিডৰ অৱস্থিতি।

সমগ্ৰ দেশতে এতিয়া কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে তাণ্ডৱলীলা চলাই আছে। দেশত প্ৰতিদিনে লক্ষাধিক লোক কভিডত আক্ৰান্ত হোৱাৰ সমান্তৰালে মৃত্যুৰ মুখত পৰিছে হাজাৰ হাজাৰ লোক। কভিড ৰোগীৰ সংখ্যা দেশত ইমানেই ভয়াবহভাৱে বৃদ্ধি পাইছে যে চিকিৎসালয় সমূহত ঠাই আৰু অক্সিজেৰ নাটনি দেখিবলৈ পোৱা গৈছে।

সমগ্ৰ দেশৰ লগতে অসমতো প্ৰতিদিনে কভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বহিঃৰাজ্যৰ পৰা ৰে’ল আৰু বিমান যোগে অসমলৈ অহা বহু লোক কভিডত আক্রান্ত হোৱা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ অন্য জিলাসমূহৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত প্ৰতিদিনে নতুন নতুন লোকৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰিছে।

শুকুৰবাৰে জিলাখনত নতুনলৈ পাঁচজন লোকৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰাত জিলাখনত মুঠ আক্রান্তৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি পায়। শুকুৰবাৰে জিলাৰ সদৰ হাটশিঙিমাৰীত দুজন, মানকাচৰত এজন, কাকৰিপাৰাত এজন আৰু কালাপানীত এজনসহ মুঠ ৫ জন লোক নতুনকৈ কভিড আক্ৰান্ত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply