অসমৰ শিক্ষা বিভাগৰ নতুন ক’ভিড প্ৰটক’ল ঘোষণা হৈছে সংবাদমেলত এই কথা প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ যি খন জিলাতে এতিয়াৰে পৰা ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যাই ১০০ৰ ঘৰ স্পৰ্শ কৰে সেইখন জিলাৰ বিদ্যালয় সমূহৰ অষ্টম শ্ৰেণীলৈকে বন্ধ হ’ব।

এই পৰ্যন্ত চিৰাং, বিশ্বনাথ, বাক্সা, মাজুলী, ডিমা হাছাও, দক্ষিণ শালমৰা, চৰাইদেউ, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং জিলাক বাদ দি বাকী সকলো জিলাতেই শতাধিক সংখ্যা অতিক্ৰম কৰাত সেই জিলা সমূহত অষ্টম শ্ৰেণীলৈ স্কুল বন্ধ থাকিব ৷

মন্ত্ৰী গৰাকীয়ে লগতে কয় যে গুৱাহাটী মেডিকেল কলেজত আই চি ইউ ৰ সংখ্যা ৯২, MMCH ত আই চি ইউৰ সংখ্যা ২৪,কালাপাহাৰত আই চি ইউৰ সংখ্যা ৩৪ খন,১৫০টা মুঠ আই চি ইউ আছে ক’ভিড আক্রান্ত ৰোগীৰ বাবে । অহা সপ্তাহত আই চি ইউ ৰ সংখ্যা বৃদ্ধি পাব বুলি কয় মন্ত্ৰী গৰাকীয়ে।ৰাজ্যত অহা সপ্তাহত কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কিন্তু অহা ২ মে তাৰিখলৈকে কোৰোণাৰ বিৰুদ্ধে যুঁজ দিয়াত কোনো অসুবিধা নাথাকিব। বৰ্তমান সময়ত গুৱাহাটী মহানগৰীত দৈনিক ১২শকৈ কোৰোণা ৰোগী চিনাক্ত হ’লেও বিচনাৰ নাটনি নহ’ব। গুৱাহাটীত আই চি ইউৰ সংখ্যা বৃদ্ধি পাইছে ৷ ৫২ গৰাকী ৰোগী আই চি ইউত আছে ৷

লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই যে, শিলচৰ আৰু যোৰহাট মেডিকেল কলেজত আই চি ইউ বেড বৃদ্ধি কৰা হ’ব। জিএমচিএইচ ২৬০ বেড আছিল, এতিয়া ১৬০ নতুন বেড সংযোজন কৰা হৈছে ৷ সৰুসজাইত ৪৩০ বেডৰ কাম সম্পূৰ্ণ হৈছে। অহা সপ্তাহলৈ আই চি ইউ আৰু বিচনাৰ অভাৱ নহয় ৷ ইফালে জিএমচিএইচৰ কাৰ পাৰ্কিংত ৮ কোটি খৰচ কৰি আই চি ইউ বেড নিৰ্মাণ কৰা হ’ব

নাৰ্ছিং হম কৰ্তৃপক্ষই ৰেমডিচিভিৰ প্ৰয়োজন হ’লে গুৱাহাটী মেডিকেল কলেজ ৰ পৰা ল’ব পাৰিব । ২৫০০ টা ৰেমডিচিভি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ কাৰণে মজুত আছে আৰু ১৫৬৮ টকা মূল্যত ক্ৰয় কৰিব পাৰিব ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ।

উল্লেখ্য যে, প্ৰৱাসী অসমীয়াৰ বাবেও অসমত অক্সিজেন মজুত ৰখা হৈছে। ১০০০ ৰেমডিচিভিৰ প্ৰবাসী অসমীয়াৰ বাবে মজুত কৰি ৰখা হৈছে। উপযুক্ত প্ৰমাণ পত্ৰ দি গুৱাহাটী মেডিকেল কলেজ ৰ পৰা লৈ যাব পাৰিব ।

গুৱাহাটীত মুঠ ২১২০ খন বিচনা আজিৰ দিনত আছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘এই বিচনাৰ বিপৰীতে ৰোগীৰ সংখ্যা হৈছে ১৮৫২ গৰাকী। ৩০০ বিচনা এতিয়া গুৱাহাটীত খালী আছে।‘
ইয়াৰ লগতে, গুৱাহাটী মেডিকেল কলেজৰ কাৰ পাৰ্কিঙত যদি ৮ কোটি টকা খৰচ কৰা হয় তেন্তে ২৫৪ টা আইচিইউ নতুনকৈ নিৰ্মাণ কৰিব পৰা যাব আৰু দুই-এদিনতে এই আইচিইউ নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত মন্তব্য কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply