মানকাচৰ : মানকাচাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। এগৰাকী যুৱতীক অপহৰণ কৰি বলপূৰ্বকভাৱে বিবাহ তাৰ পিছত হত্যা। ৯ মাহ পূৰ্বে অপহৰণ কৰি বলপূৰ্বকভাৱে বিবাহ কৰি যৌতুকৰ বাবে শাৰিৰীক, মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ মহিলা গৰাকীৰ স্বামী গৃহৰ বিৰুদ্ধে। হত্যাৰ সময়ত গৰ্ভৱতী আছিল যুৱতী গৰাকী।

আৰু পঢ়কঃ শোনিতপুৰ জিলাৰ ৰঙাপৰাত ডাইনীৰ সন্দেহত এগৰাকী মহিলাক হত্যা

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত কঠালবাৰীত দেওবাৰে এগৰাকী গৰ্ভৱতী মহিলাৰ মৃতদেহ স্বামী গৃহত উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে। হত্যাকাণ্ডৰ পিছতে মহিলা গৰাকীৰ স্বামীসহ স্বামীৰ পৰিয়ালৰ সকলো সদস্য ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী লৈ পলায়ন কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰায় ৯ মাহ পূৰ্বে কঠালবাৰী গাঁৱৰ প্ৰয়াত ওচমান সেখৰ ২২ বছৰীয়া কন্যা খালিদা বেগমক গাওঁখনৰে কমেজ উদ্দীনৰ পুত্ৰ মেহেবুব আলম ঘৰৰ পৰা অপহৰণ কৰি নি বলপূৰ্বকভাৱে বিবাহ কৰিছিল। বিবাহৰ পিছত প্ৰায় তিনি মাহ ঘৰৰ পৰা আঁতৰত পলাই থাকি অৱশেষত প্ৰায় ৬ মাহ পূৰ্বে যুৱতী গৰাকীৰ পৰিয়ালৰ সৈতে মিমাংসা হৈ নিজ ঘৰত উপস্থিত হয় মেহেবুব আলম। ইয়াৰ পিছৰে পৰা যুৱতী গৰাকীক যৌতুক বিচাৰি বিভিন্ন প্ৰকাৰে শাৰীৰিক তথা মানসিকভাৱে অত্যাচাৰ চলাবলৈ আৰম্ভ কৰে স্বামী মেহেবুব আলম তথা তেওঁৰ পৰিয়ালৰ আন সদস্য সকলে।

ইতিমধ্যে যুৱতী গৰাকীৰ পৰিয়ালে কেইবা লাখ টকাৰ সোণৰ আ-অলংকাৰ যুৱতী গৰাকীক দিয়াৰ লগতে বিভিন্ন সামগ্ৰীও বৰঙনি হিচাপে প্ৰদান কৰিছে কিন্তু বিগত কিছুদিন ধৰি নগদ দুই লাখ টকা বিচাৰি যুৱতী গৰাকীক অত্যাচাৰ চলাই অহা অভিযোগ উত্থাপন হৈছে যুৱতী গৰাকীৰ স্বামী তথা পৰিয়ালৰ লোকৰ বিৰুদ্ধে। এনে পৰিস্থিতিৰ মাজত শনিবাৰে নিশা মহিলা গৰাকীৰ পৰা ২ লাখ টকা দাবী কৰাত ঘৰখনত এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয়। নিশা যুৱতী গৰাকী কেনেকৈ দুই লাখ টকা আনি দিব বুলি কোৱাত স্বামী তথা স্বামীৰ পৰিয়ালে মহিলা গৰাকীক মাৰপিট কৰিবলৈ ধৰে।

অভিযুক্ত পৰিয়ালটো ইমানতে শান্ত নাথাকি মুখত গাৰু সোপা দি যুৱতী গৰাকীক হত্যা কৰি যুৱতী শৰীৰত থকা সোণ-ৰূপৰ সকলো আ-অলংকাৰ খুলি নিয়ে। কেৱল এয়াই নহয়, পৰিয়ালটোত থকা মুঠ সাত গৰাকীকৈ লোক ঘৰখনত থকা প্ৰয়োজনীয় সকলো সমাগ্ৰী তথা গৰু-ছাগলী আদি গাড়ী এখন ভাড়া কৰি নিশাৰ ভিতৰতে পলায়ন কৰে।

দেওবাৰে পুৱা যুৱতী গৰাকীৰ পিতৃ গৃহক স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত অৱগত কৰাত ঘৰখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনা সংক্ৰান্তত মানকাচৰ থানাত খবৰ দিয়াত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও বর্তমানলৈকে ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ অহা নাই। অভিযুক্ত কেইজনক আৰক্ষীয়ে আটক কৰিলেহে জুলুঙাৰ মেকুৰী ওলাই পৰিব বুলি মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জনে সাংবাদিকৰ আগত মন্তব্য কৰে। মন কৰিবলগীয়া বিষয় যে ইতিমধ্যে ভূক্তভূগী যুৱতী গৰাকীৰ পিতৃ পৰিয়ালে মানকাচৰ থানাত কন্যাৰ স্বামীসহ মুঠ ১২ জন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply