কোৰোনাক লৈ কংগ্ৰেছৰ সজাগতা অভিযান

অসমত কোৰোনাৰ সজাগতাৰ বাবে কংগ্ৰেছ দলে ৰাজহুৱা স্থানত প্ৰচাৰ অভিযান আজিৰে পৰা আৰম্ভ কৰিছে ।

কিছুদিনৰ আগলৈকে দলটোৰ জ্যেষ্ঠ নেতা সাংসদ আব্দুল খালেকে কোৰোনা সংক্ৰমণৰ চোৱাচিতাৰ কাম তেওলোকৰ নহয় চৰকাৰৰ বুলি কোৱাৰ বিপৰীতে দলটোৰ মুখ্য কাৰ্যালয়ত আজি ৰাইজক সজাগ কৰাৰ বাবে প্ৰচাৰ অভিযানৰ আৰম্ভনি কৰে ।

অনুষ্ঠানত উপস্থিত থাকি কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে অসমৰ ক’ভিড পৰিস্থিতিৰ বাবে জগৰীয়া কৰে স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক ।

তত্বাবধায়ক সিঙে সংবাদমাধ্যমৰ আগত জনোৱা মতে,নিৰ্বাচনৰ সময়ত হিমন্তই কৈছিল ‘মাস্ক পিন্ধিব নালাগে অসমত কৰোনা নাই’ এনে কথা কৈ পৰিস্থিতিক উপহাস কৰিছিল স্বাস্থ্যমন্ত্ৰীজনে ।


হিমন্তবিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তোলে APCCৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে । জীতেন্দ্ৰ সিঙৰ মতে হিমন্তবিশ্বৰ বিৰুদ্ধে ৩০২ ধাৰাৰ অধীনত গোচৰ ৰুজু হ’ব লাগে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply