নিউজ ডেস্কঃ সমগ্ৰ দেশ জোকাৰি যোৱা “চুমিলা ৰংহাংপী” হত্যাকাণ্ডৰ দোষীক উচিত শাস্তি প্ৰদান কৰা দাবীত শুকুৰবাৰে নাজিৰাৰ মাজমজিয়াত ”warriours” নামৰ এটা মহিলা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ নাজিৰা শাখাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

সম্পূৰ্ণ ক’ভিড প্ৰ’টকল মানি নাজিৰা ”warriours”ৰ সকলো সদস্যই হাতত প্লে কাৰ্ড লৈ বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে নাজিৰাৰ আকাশ বতাহ কপাই তোলে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীক নাজিৰাৰ বীৰ লাচিত সেনাৰ সদস্য সকলেও সহযোগিতা আগবঢ়ায়।

ইফালে শিৱসাগৰ জিলাৰ মাজমজিয়াত অৱস্থিত দৰবাৰ ৰোড’ৰ তিনি আলিৰ আব্দুল হামিদ উদ্যান’ৰ প্ৰাংগনত “উজনি অসম মুচলিম কল্যাণ পৰিষদ’ৰ ‘শিৱসাগৰ জিলা নগৰ সমিতি’য়ে অসম জোকাৰি যোৱা ৰহাৰ “চুমিলা ৰংহাংপী”ৰ জঘন্য হত্যা কাণ্ডৰ উচিত ন্যায়িক তদন্ত বিচাৰি অশ্ৰুসিক্ত নয়নৰে একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বন্তি প্ৰজ্বলন কৰে।

শিৱসাগৰ জিলা নগৰ সমিতিৰ প্ৰায় ৩০ জনীয়া বিষয়ববীয়া আৰু সদস্যসকলে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি চুমিলা ৰংহাংপীৰ আত্মাৰ সদগতি কামনা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply