ডিব্ৰুগড় : মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে শনিবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ নতুনকৈ স্থাপন কৰা অক্সিজেন প্লান্ট পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে লগতে চিকিৎসা মহাবিদ্যালয়খনত থকা কভিড চিকিৎসা ব্যৱস্থাৰ আন্তঃগাঁথনিৰাে বুজ লয়। মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়স্থিত আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্র পৰিদৰ্শন কৰি জ্যেষ্ঠ চিকিৎসকসকলৰ সৈতে কভিড সম্পর্কীয় এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ চিকিৎসা আন্তঃগাঁথনিৰাে বুজ লয়।

উল্লেখ্য যে স্বাস্থ্য সেৱাৰ এই অগ্রণী গৱেষণা প্রতিষ্ঠানটোৱে কভিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াত এক শক্তিশালী ভূমিকা পালন কৰি আহিছে। সাংবাদিকৰ সৈতে হােৱা কথােপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত অক্সিজেন চিলিণ্ডাৰ আৰু যােগান যাতে পর্যাপ্ত পৰিমাণে উপলব্ধ থাকে তাৰ ওপৰত ৰাজ্য চৰকাৰে যথেষ্ট গুৰুত্ব আৰােপ কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম চিকিৎসা মহাবিদ্যালয়ত অক্সিজেন প্লান্টৰ ক্ষমতা বৃদ্ধিৰ বাবে চিন্তা-চৰ্চা কৰি থকা হৈছে। এই ক্ষেত্ৰত অইল ইণ্ডিয়াই সহযােগিতা আগবঢ়াব।

অহা তিনি মাহৰ কাৰণে অক্সিজেনৰ যাতে কোনাে ধৰণৰ নাটনি নহয়, তাৰ বাবে আন্তঃগাঁথনি শক্তিশালী কৰা হৈছে। আজি ইয়াত জেনেৰেশ্যন প্লান্ট, কনছেনট্রেট’ৰ, ষ্ট’ৰেজ ইত্যাদি সকলােবােৰ ক্ষেত্ৰতে বিশেষভাৱে পদক্ষেপ গ্রহণ কৰা হৈছে। ইয়াৰ উপৰি এই চিকিৎসা মহাবিদ্যালয়ত ৬০ খন আই চি ইউ, ভেন্টিলেটৰৰ ব্যৱস্থা ৰখা আছে বুলি উল্লেখ কৰি আৰু ২৫ খন আই চি ইউ বেড বৃদ্ধি কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰাে আমি সন্মিলিতভাৱে কভিডৰ বিৰুদ্ধে যুঁজ দি সফল হ’ম।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply