মানকাচৰ : নামনি অসমৰ দক্ষিণ শালমাৰা-মানকাচৰৰ দুই সমষ্টি কংগ্ৰেছ আৰু এআইইউডিএফৰ দখলত। দক্ষিণ শালমাৰাত ১,৩৬,১৭৯ টা ভোটৰ ব্যৱধানত কংগ্ৰেছী প্ৰাৰ্থী ওৱাজেদ আলী চৌধুৰীৰ বৃহৎ জয়। মানকাচৰত এআইইউডিএফৰ হাতত ৫৬,৮৪০ ভোটত পৰাস্ত অগপৰ প্ৰাৰ্থী জাবেদ ইছলাম।

সকলো জল্পনা-কল্পনাৰ অন্তত অৱশেষত দেওবাৰে ৰাজ্যৰ অন্যান্য বিধানসভা সমষ্টিৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দুই সমষ্টিৰ নিৰ্বাচনৰ ভোট গণনা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয়। দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত ২১ নং মানকাচৰ আৰু ২২ নং দক্ষিণ শালমাৰা সমষ্টিৰ ভোটগণনা সম্পন্ন কৰা হয়। যোৱা ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল।

মানকাচৰত থকা মুঠ ২,২৬,৬৪৮ গৰাকী ভোটাৰৰ ভিতৰত ৯১.৮৩ শতাংশ অৰ্থাত ২,০৮,১৪২ গৰাকী ভোটাৰে ভোটাদান কৰিছিল। সমষ্টিখনত মুঠ ৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত অন্যতম প্ৰাৰ্থী হিচাপে বিবেচিত এআইইউডিএফ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক তথা মহাজোঁট বন্ধনৰ সমৰ্থিত আৰু এআইইউডিএফৰ পৰা মনোনীত প্ৰাৰ্থী অধিবক্তা আমিনুল ইছলাম মুঠ ১,২৫,৮৭৩ টা ভোট লাভ কৰি মানকাচৰ সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয়।

আমিনুল ইছলামৰ মূল প্ৰতিদ্বন্দী হিচাপে আছিল মানকাচৰৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলাম। জাবেদ ইছলামে ৬৮,৪৮৪ টা ভোট লাভ কৰি মুঠ ৫৬,৮৪০ টা ভোটৰ ব্যৱধানত এআইইউডিএফৰ আমিনুল ইছলামৰ হাতত পৰাস্ত হয়। মানকাচৰ সমষ্টিত যোৱা চাৰিটা নিৰ্বাচনৰ ফলাফলৰ প্ৰতি লক্ষ্য কৰিলে এটা কথা স্পষ্ট হয় যে যি গৰাকী প্ৰাৰ্থী প্ৰথম বাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি দ্বিতীয় স্থান লাভ কৰে সেই গৰাকী প্ৰাৰ্থী পৰৱৰ্তী সময়ত বিধায়ক হিচাপে নিৰ্বাচিত হয়।

যোৱা ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনত এআইইউডিএফৰ প্ৰাৰ্থী আমিনুল ইছলাম প্ৰথমবাৰৰ বাবে মানকাচৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ২০১৬ চনত কংগ্ৰেছী বিধায়ক ডাঃ মতিউৰ ৰহমানৰ হাতত পৰাস্ত হৈ দ্বিতীয় স্থান দখল কৰাৰ পিছত এইবাৰ আমিনুল ইছলাম প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। আনহাতে যোৱা ২০১১ চনত মানকাচৰৰ তেতিয়াৰ বিধায়ত ডাঃ মতিউৰ ৰহমান জাবেদ ইছলামৰ হাতত পৰাস্ত হৈ দ্বিতীয় স্থান লাভ কৰিছিল।

২০১১ চনত দ্বিতীয় স্থান লাভ কৰা ডাঃ মতিউৰ ৰহমান মণ্ডল পৰৱৰ্তী সময়ত ২০১৬ চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। আনহাতে প্ৰাক্তন বিধায়ক জাবেদ ইছলামও প্ৰথমবাৰৰ বাবে ২০০৬ চনত মানকাচৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি ডাঃ মতিউৰ ৰহমান মণ্ডলৰ হাতত পৰাস্ত হৈ দ্বিতীয় স্থান লাভ কৰাৰ পিছত ২০১১ চনত তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। তদুপৰি ডাঃ মতিউৰ ৰহমান মণ্ডল ২০০১ চনত প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দিতা কৰি জাবেদ ইছলামৰ মাতৃ হোছেনাৰা ইছলামৰ হাতত পৰাস্ত হৈ দ্বিতীয় স্থাল লাভ কৰাৰ পিছত ২০০৬ চনত প্ৰথম স্থান লাভ কৰিছিল।

ইফালে জিলাখনৰ দক্ষিণ শালমাৰা সমষ্টিত ১,৩৬,১৭৯ ভোটৰ ব্যৱধানত কংগ্ৰেছী প্ৰাৰ্থী বিধায়ক ওৱাজেদ আলী চৌধুৰীয়ে বৃহৎ জয় সাব্যস্ত কৰিছে। পঞ্চমবাৰৰ বাবে নিৰ্বাচিত হোৱা বিধায়ক ওৱাজেদ আলী চৌধুৰী সাংবাদিকক মন্তব্য দিয়াৰ পৰা বিৰত থাকে। দক্ষিণ শালমাৰা সমষ্টিত এইবাৰ বিধায়ক ওৱাজেদ আলী চৌধুৰী ১,৩৬,১৭৯ টা ভোটৰ ব্যৱধানত জয়ী হৈ সমষ্টিখনত এক ইতিহাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

আনহাতে সমষ্টিখনত ৯৪১ ভোট নোটাত পৰা পৰিলক্ষিত হয়। মন কৰিবলগীয়া বিষয় এয়া যে বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ জয় নিশ্চিত হোৱাৰ পাছত সাংবাদিকৰ দলৰ সৈতে কেইবাবাৰো মুখামুখি হয় যদিও সাংবাদিক সকলে প্ৰতিক্ৰিয়া বিচৰাত তাতপৰ্যপূৰ্ণভাৱে বিধায়ক গৰাকী কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply