ইন্ডো গ্লোৱেল চলচ্চিত্ৰ মহোৎসৱত উজলিল 'লাইফ ইন এ পাপেট'

পাঠশালা:- অসমৰ বিলুপ্তপ্রায় লোক–সংস্কৃতি পুতলা নাচ আৰু পুতলা নাচৰ শিল্পীয়ে সন্মুখীন হোৱা জীৱন সংগ্ৰামৰ মৰ্মস্পৰ্শী কাহিনীৰে ৰাজেন দাসে ৰচনা কৰা আৰু পৰিচালনা কৰা অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ‘লাইফ ইন এ পাপেট’ এইবাৰ উজলি উঠিছে মুম্বাইত অনুষ্ঠিত আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত৷ মুম্বাইত সামৰণি পৰা ২০২০ বর্ষৰ ইণ্ডো–গ্ল’বেল আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত ‘লাইফ ইন এ পাপেট’ৰ পৰিচালক ৰাজেন দাসলৈ আগবঢ়োৱা হৈছে ‘বর্ষৰ শ্রেষ্ঠ পৰিচালক’ৰ বঁটা৷ অসমীয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’ৰ বাবে পৰিচালক ৰাজেন দাসলৈ আগবঢ়োৱা হৈছে এই বঁটা৷

এইবাৰৰ মুম্বাই ইণ্ডো–গ্ল’বেল আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱে ২০২০ বর্ষৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ পাঁচগৰাকী চলচ্চিত্র পৰিচালকক ‘বর্ষৰ শ্রেষ্ঠ পৰিচালক’ৰ সন্মান প্রদান কৰিছে৷ সেই অনুসৰি ‘মানাসানামাহ’ ছবিৰ বাবে ভাৰতীয় পৰিচালক দীপক ৰেড্ডী, আমেৰিকান ‘হ’ম’লেছ ছাল্ম এণ্ড ছালী’ৰ বাবে ইভানছ ক্লার্ক, আর্জেণ্টিনাৰ বিখ্যাত মালেভো ফিল্মছৰ বেনাৰত নির্মিত তথা আমেৰিকাত মুক্তিপ্রাপ্ত চিনেমা ‘এলার্ট ইগ’’ৰ পৰিচালক এজি’ মাছা, পর্তুগীজ চিনেমা ‘লষ্ট ৰেকর্ডছ’ৰ পৰিচালক তিয়াগো পি ডে আৰু ভাৰতীয় তথা অসমৰ চলচ্চিত্র ‘লাইফ ইন এ পাপেট’ৰ পৰিচালক ৰাজেন দাসলৈ আগবঢ়োৱা হৈছে ২০২০ বর্ষৰ ‘বর্ষশ্রেষ্ঠ পৰিচালক’ৰ বঁটা৷

আনহাতে, বর্ষটোৰ শ্রেষ্ঠ চিনেমা বঁটা লাভ কৰিছে আমেৰিকান পৰিচালক টেড হায়েনছৰ ছবি ‘টিকছ’–এ৷ আজি ইণ্ডো–গ্ল’বেল আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱে নিজৰ অফিচিয়েল ৱেৱছাইটত এই বিজয়ীসকলৰ তালিকা প্রকাশ কৰে৷

চলচ্চিত্র মহোৎসৱত বিশ্বৰ বিভিন্ন দেশৰ প্রায় ২০০খন ছবিয়ে বিভিন্ন শিতানত অংশগ্রহণ কৰিছিল৷ মুম্বাই ইণ্ডো–গ্ল’বেল ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত ২০২০ মনোনয়ন লাভ কৰা প্রায় ২০০খন দেশী–বিদেশী পূর্ণদৈর্ঘ্যৰ কাহিনী চলচ্চিত্র, তথ্যচিত্র, চুটি চলচ্চিত্রৰ মাজৰ পৰা এই বর্ষশ্রেষ্ঠ পৰিচালক, বর্ষশ্রেষ্ঠ চলচ্চিত্র বঁটা বাছনি কৰা হৈছে৷ অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে ইতিবাচক খবৰে আনিছে আন এক শুভবাৰ্তা |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply