আলফা(স্বাঃ) জাৰি কৰিলে দুই অপহৃত অভিযন্তা

নিউজ ডেস্ক: প্ৰায় এমাহ ধৰি আলফাৰ কৱলত আছে কুইপ্পৰ দুই অভিযন্তা বিষয়া। ২১ ডিচেম্বৰত আলফা স্বাধীনে অপহৰণ কৰিছিল দুই অভিযন্তাক।প্ৰণৱ গগৈ, ৰাম কুমাৰ নামৰ দুয়োকে অপহৰণ কৰিছিল দায়ুনৰ পৰা। ৰাম কুমাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক অসমৰ মুখ্যমন্ত্ৰীৰে আলোচনা কৰিবলৈ অনুৰোধ জনাইছে।

২১ ডিচেম্বৰত অৰুণাচলৰ দায়ুনৰ পৰা অপহৰণ হোৱা বিষয়া দুগৰাকীয়ে পৃথকে পৃথকে অসম আৰু বিহাৰ চৰকাৰক তেওঁলোকক মুকলি কৰিবলৈ ভিডিঅ’ যোগে আহ্বান জনোৱা দুটা মন্তব্যত তেওঁলোকক আলফা (স্বাঃ) আৰু এনএছচিএনে অপহৰণ কৰি ৰখাৰ কথা সদৰি কৰিছে। অৰণ্যৰ পৰাই মুক্তি বিচাৰি ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিছে অপহৃত দুয়োগৰাকী অইলৰ বিষয়াই। ভিডিঅ’ কেইটা ম্যানমাৰৰ কোনো দুৰ্গম অঞ্চলৰ বুলি সন্দেহ কৰা হৈছে।

৩৮ ছেকেণ্ডৰ ভিডিঅ’ বাৰ্তাত অপহৃত বিষয়া প্ৰণৱ কুমাৰ গগৈয়ে কৈছে, ”মই শ্ৰী প্ৰণৱ কুমাৰ গগৈ কুইপ্প’ অইল এণ্ড গেছ কোম্পানীৰ এগৰাকী খনন বিষয়া। কোম্পানীৰ লগত হোৱা সংঘাটৰ বাবে আলফা (স্বাঃ) আৰু এনএছচিএনে আবদ্ধ কৰি ৰাখিছে। আজি এমাহ হৈ যোৱাৰ পিছতো কোম্পানীয়ে মোক মুক্তিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়ে কোম্পানীক মই সংগঠনৰ লগত কথা পাতি মোক সোনকালে মুকলি কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো অনুৰোধ জনাইছো। এজন অসমীয়া হিচাপে মোৰ জীৱন ৰক্ষা কৰিবলৈ আপুনি কোম্পানীক যেন বাধ্য কৰে।”

আনহাতে ৩৭ ছেকেণ্ডৰ এটা ভিডিঅ’যোগে ৰাম কুমাৰ নামৰ লোকজনে প্ৰকাশ কৰিছে, ”মই ৰাম কুমাৰ। বিহাৰৰ বাসিন্দা। মই কুইপ্প’ অইল এণ্ড গেছ কোম্পানীৰ এগৰাকী কৰ্মচাৰী। কোম্পানীৰ লগত হোৱা সংঘাটৰ বাবে আলফা (স্বাঃ) আৰু এনএছচিএনে মোক বন্দী কৰি ৰাখিছে। সেয়েহে মই মুখ্যমন্ত্ৰী নীতিশ কুমাৰক অনুৰোধ কৰিছো অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি মোক মুক্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply