প্ৰকাশ পালে ২০২১ বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকা

নিউজ ডেক্স: অসমৰ ২০২১ বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পালে। খচৰা ভোটাৰ তালিকাত ৫,৫২,৯৮৩জন ভোটাৰ বৃদ্ধি পাইছে। ২.৪৬ শতাংশ ভোটাৰ বাঢ়িছে খচৰা তালিকাত। এইবাৰৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট হৈছে ২,২৯,৯২,৫০৫ গৰাকী ভোটাৰৰ নাম।

প্ৰকাশ পোৱা ভোটাৰ তালিকাত মুঠ পুৰুষ ভোটাৰৰ সংখ্যা ১,১৬,৫৬,৯২৬ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ১,১৩,৩৫,৫৭৯ গৰাকী। ১৮ জানুৱাৰীত প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা।

এই ভোটাৰ তালিকাত আপোনাৰ নাম আছেনে নাই তাৰ বাবে দুটা ৱেবছাইটৰ যোগেদি চাব পাৰিব আপোনাৰ নাম। ৱেবছাইট দুটা হ’ল nvsp.in আৰু electoralsearch.in। আপোনাৰ নাম আৰু ভোট কেন্দ্ৰৰ সবিশেষৰ জৰিয়তে বা ভোটাৰ আই ডিৰ জৰিয়তে চাব পাৰিব নাম।

বৰ্তমান অসম ভ্ৰমণৰত নিৰ্বাচন আয়োগক লগ ধৰা বিভিন্ন ৰাজনৈতিক দলে তেওলোকৰ দাবী সমূহ অবগত কৰিছে |ডি ভোটাৰে ভোটদান কৰাটো বিচাৰে AIUDFএ। নিৰ্বাচনী আয়োগৰ সৈতে আলোচনাৰ পাছত এই মন্তব্য আমিনুল ইছলামৰ Iমুক্ত আৰু নিকা নিৰ্বাচন হ’ব লাগে বুলি প্ৰকাশ কৰে এ আই ইউ ডি এফৰ নেতাজনে। লগতে তেওঁ ইভিএমৰ প্ৰতি থকা সন্দেহ দূৰ কৰিবলৈ আয়োগক আহ্বান জনোৱাৰ লগতে ডি ভোটাৰৰ সমস্যা সন্দৰ্ভতো নিৰ্বাচনী আয়োগক পদক্ষেপ লবলৈ আহ্বান জনায়। তিনিটা পৰ্যায়ত নিৰ্বাচন হ’লেও এ আই ইউ ডি এফৰ কোনো আপত্তি নাই বুলিও ইছলামে মন্তব্য কৰে।

আগন্তুক নিৰ্বাচনত নতুন ৫লাখ ভোটাৰক শীঘ্ৰে ভোটাৰ কাৰ্ডসমূহ প্ৰদান কৰিবলৈ নিৰ্বাচনী আয়োগৰ প্ৰতি আহ্বান জনাই বিজেপি প্ৰতিনিধি স্বপ্ননীল বৰুৱাই। লগতে নিৰ্বাচনৰ বাবে জাৰি কৰিব লগীয়া ক’ভিড নীতি নিৰ্দেশনাসমূহ অতি শীঘ্ৰে জনাবলৈ নিৰ্বাচনী আয়োগক আহ্বান জনায় শাসক দলটোয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply