যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

গুৱাহাটী – নেপাল ভাৰতৰ সীমান্তৱৰ্তী কাকৰভিঠা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ হৈছে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত ডিআইজি প্ৰশান্ত কুমাৰ দত্ত ওৰফে পি কে দত্ত। উল্লেখ্য যে নিজৰ জোৱাইয়েকৰ সৈতে থকা অৱস্থাত দাৰ্জিলিং আৰক্ষীৰ বিশেষ শাখাৰ এটা দলে গ্ৰেপ্তাৰ কৰে দত্তক।

পানীটেংকী নামৰ এক এলেকাত চলোৱা এই গ্ৰেপ্তাৰ অভিযানত বহু বিতৰ্কিত দত্ত তেওঁৰ জোৱাই তথা পুত্ৰকো আটক কৰা হয়। আটক কৰাৰ পিচতে ভাৰত নেপাল সীমান্তৱৰ্তী এলেকাত থকা ইমিগ্ৰেচন চেন্টাৰত তেওঁক জেৰা কৰি থকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে অসম আৰক্ষীৰ এটা দলো তালৈ ৰাওনা হৈছে।

অসম আৰক্ষীৰ উপ-পৰিদর্শক পদৰ নিযুক্তিৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ প্রশ্নকাকত ফাদিল কৰি আত্মগোপন কৰি আছিল পি কে দত্তই। অসম আৰক্ষীৰ অৱসৰপ্রাপ্ত ডি আই জি পে কে দত্তই কেলেংকাৰী সংঘটিত কৰিয়েই নেপাললৈ পলায়ন কৰাৰ তথ্য ইতিমধ্যেই অসম আৰক্ষীয়ে লাভ কৰিছিল৷

উল্লেখ্য যে আনহাতে দত্তৰ অন্যতম সহযোগী বিজেপিৰ যুৱ নেতা দিবন ডেকাই আত্মসমর্পণ কৰাৰ পাছত দত্তয়ো আত্মসমর্পণ কৰিবলৈ শীর্ষ আৰক্ষী বিষয়াৰ সৈতে যোগাযোগ কৰা বুলিও বাতৰি ওলাইছিল।

লক্ষণীয় যে যোৱা ২৩ ছেপ্টেম্বৰত চি আই ডিয়ে দত্তৰ বাসগৃহ আৰু হোটেলত অভিযান চলোৱাৰ আগে আগে ৰাজ্য এৰি পলায়ন কৰিছিল৷ তাৰ পিছদিনাই তেওঁ শিলিগুৰি হৈ নেপালত প্রৱেশ কৰে৷ তেওঁ নেপালত প্রৱেশ কৰি প্রথমে কাকৰভিটা আৰু তাৰ পাছত পোখৰাত আশ্রয় লৈ থকাৰ তথ্য লাভ কৰিছে তদন্তকাৰী চি আই ডিয়ে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply