ডুমডুমা – তিনিচুকীয়াৰ পৰা শদিয়ালৈ গৈ থকাৰ সময়ত ডুমডুমা চহৰ পাৰ হৈ বিচাকুপি চাহ বাগিচাৰ ফেক্টৰীৰ সন্মুখত সংঘটিত হয় দুৰ্ঘটনাটো। চুকৰা মুণ্ডা নামৰ শ্ৰমিক গৰাকীয়ে বিচাকুপি বাগিচাৰ কৰ্মস্থলীৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত মন্ত্ৰীগৰাকীৰ কনভয়ৰ এখন বাহনে শ্ৰমিকজনক খুন্দিয়ায় ।

অভিযোগ মতে দুৰ্ঘটনা সংঘটিত কৰি মন্ত্ৰীৰ কনভয়ে আহত লোকজনক কোনো গুৰুত্ব নিদি পোনে পোনে শদিয়ালৈ গুচি যায়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিকজনক স্থানীয় লোকে চিকিৎসালয়লৈ নিয়ে যদিও আঘাত গুৰুতৰ হোৱা বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।

এনে কাৰ্যক ডুমডুমাৰ বিধায়ক দুৰ্গা ভূমিজে গৰিহণা দিয়াৰ লগতে চুকৰা মুণ্ডাৰ উন্নত চিকিৎসাৰ লগতে ক্ষতিপূৰণ দিয়াৰ জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply