গুৱাহাটী – এফালে যদি এগৰাকী নৈশবাছ চালকৰ অভিজ্ঞতা, আনফালে এগৰাকী নাস্তিকৰ কাৰাগাৰত থকা দিন কেইটাৰ অভিজ্ঞতা। নৈশবাছ চালক ৰূপম দত্তৰ “লাইফ অফ এ ড্ৰাইভাৰ, কেবিনৰ ইপাৰে” বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ সৃষ্টিৰ দিশত, নাস্তিক আয়ুব আলী শৰ্মাৰ “নাস্তিকৰ জেল ডায়েৰী”ও বিশেষ সমাদৰ লাভ কৰিছে গ্ৰন্থপ্ৰেমী সকলৰ। ইতিমধ্যে নৈশবাছ চালক ৰূপম দত্তৰ কিতাপ বিখ্যাত হোৱাৰ পিছত অন্য এগৰাকী অখ্যাত লেখকৰ কিতাপ বিখ্যাত হোৱাৰ দিশত অগ্ৰসৰ গ্ৰন্থমেলাৰ বাকৰিত।

গুৱাহাটী গ্ৰন্থমেলা 2021

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ আয়ুব আলী শৰ্মা নামৰ এগৰাকী যুৱকে এখন কিতাপৰ মাধ্যমেৰে প্ৰকাশ কৰিছে নিজৰ ৪৫ দিনীয়া জেল যাত্ৰাৰ কাহিনী। “আয়ুব আলী শৰ্মা”ৰ নামৰ পিছত দুটাকৈ উপাধি, “আলী” আৰু পিছত “শৰ্মা”। প্ৰথমে আমি বুজি লওঁ “আয়ুব আলী শৰ্মা”ৰ নামৰ পিছত থকা “আলী” আৰু “শৰ্মা” উপাধিৰ ৰহস্য।

নাস্তিক আয়ুব আলী শৰ্মাৰ “নাস্তিকৰ জেল ডায়েৰী”বিশেষ সমাদৰ

“নাস্তিকৰ জেল ডায়েৰী” কিতাপখনৰ লেখক আয়ুব আলী শৰ্মাই জন্মগ্ৰহণ কৰিছিল এক ইছলামধৰ্মীয় পৰিয়ালত। ইছলামধৰ্মীয় পৰিয়ালত জন্মলাভ কৰা আয়ুব আলী শৰ্মাৰ নাম পৰিয়ালে ৰাখিছিল আয়ুব আলী। সময়ৰ লগে লগে আনুষ্ঠানিক শিক্ষাৰ লগতে আয়ুব আলীয়ে ধর্মীয় শিক্ষাও গ্ৰহণ কৰিবলৈ ধৰে। ধৰ্মীয় শিক্ষা গ্ৰহণ কৰি থাকোতে আয়ুব আলীয়ে আস্থা হেৰুৱাইছিল ঈশ্বৰৰ অস্থিতিৰ ওপৰত। ঈশ্বৰৰ অস্থিতিৰ ওপৰত আস্থা হেৰুৱাই কোনো ধৰ্মৰ প্ৰতি বিশ্বাস নোহোৱা হ’ল আয়ুব আলীৰ আৰু আয়ুব আলী হৈ পৰিল আয়ুব আলী শৰ্মা।

গুৱাহাটী গ্ৰন্থমেলা 2021

ধৰ্ম ত্যাগ কৰি নাস্তিক হৈ পৰা আয়ুব আলী শৰ্মাৰ নাস্তিক হোৱা যাত্ৰা আছিল এক কঠিন যাত্ৰা। বিভিন্ন জনৰ সমালোচনাৰ লগতে ধৰ্ম ত্যাগ কৰাৰ বাবে আয়ুব আলী শৰ্মাই যাত্ৰা কৰিব লগীয়া হৈছিল কাৰাগাৰৰ। আয়ুব আলী শৰ্মাৰ ওপৰত ৰুজু কৰা হৈছিল গোচৰ আৰু এই গোচৰৰ ভিত্তিত কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল আয়ুব আলী শৰ্মাক। কাৰাগাৰত বিভিন্ন অপৰাধত বন্দী হৈ থকা কাৰাবন্দী সকলৰ দৃষ্টিত আয়ুব আলী শৰ্মাৰ নাস্তিক হোৱাটো আছিল যেন আটাইতকৈ ডাঙৰ অপৰাধ।

নাস্তিক আয়ুব আলী শৰ্মাৰ “নাস্তিকৰ জেল ডায়েৰী”বিশেষ সমাদৰ

কাৰাগাৰত ধৰ্ম ত্যাগ কৰি নাস্তিক হোৱাৰ মূল্য দিব লগীয়া হৈছিল আয়ুব আলী শৰ্মাই। ৪৫ দিনীয়া কাৰাবন্দীৰ সময়ছোৱাত আয়ুব আলীয়ে আহৰণ কৰা অভিজ্ঞতা সমূহ প্ৰকাশ কৰিছে কিতাপৰ মাধ্যমেৰে। “নাস্তিকৰ জেল ডায়েৰী” নামেৰে নামাকৰণ কৰি আয়ুব আলীয়ে কিতাপখনত প্ৰকাশ কৰিছে নিজৰ জেল যাত্ৰাৰ বহু কথা। শংকৰদেৱ কিতাপ ঘৰে গ্ৰন্থমেলাত আয়ুব আলী শৰ্মাৰ “নাস্তিকৰ জেল ডায়েৰী” কিতাপখন মেলি দিছে পাঠক ৰাইজৰ বাবে।

নাস্তিক আয়ুব আলী শৰ্মাৰ “নাস্তিকৰ জেল ডায়েৰী”বিশেষ সমাদৰ

৩৩ তম গুৱাহাটী গ্ৰন্থমেলাত পাঠক ৰাইজৰ বিশেষ সমাদৰ লাভ কৰিছে আয়ুব আলী শৰ্মাৰ “নাস্তিকৰ জেল ডায়েৰী” নামৰ কিতাপখনে। এগৰাকী নাস্তিকৰ জেল যাত্রা আৰু জেলৰ ভিতৰৰ অভিজ্ঞতা জানিবলৈ বহু লোকে ভিৰ কৰিছে গ্ৰন্থমেলৰ কিতাপৰ বিপণী সমূহত “নাস্তিকৰ জেল ডায়েৰী” নামৰ কিতাপখন সংগ্ৰহ কৰিবলৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply