প্ৰিয়ংদীপ কাকতিৰ 'সঁজাল কুটীৰ' Credit: ইষ্ট ম'জ'

গোলাঘাট– পথৰুৱা গানত মাটিৰ মালিতা বোৱাই সঁজাল কুটীৰয়ে আজি পোখা মেলি মেলি দুবছৰত ভৰি থলে। ”সঁজাল কুটীৰ”ত প্ৰাণ পাই উঠিছে স্মৃতিৰ গৰ্ভত বিলীন হ’ব খোজা অসমীয়াৰ আবেগ। ”সঁজাল কুটীৰ” য’ত পৰিস্ফুট হৈ পৰিছে অসমীয়াৰ হেৰাই যাবলৈ ধৰা কিছু আপুৰুগীয়া সম্পদ। গোলাঘাটৰ মৰঙিৰ উদ্যমী যুৱক তথা সাংবাদিক প্ৰিয়ংদীপ কাকতিয়ে এক অভিনৱ চিন্তাৰে নিজৰ বাসগৃহৰ চোতালখন ৰূপান্তৰ কৰিছে এটা মিনি-মিউজিয়ামলৈ।

প্ৰিয়ংদীপ কাকতিৰ ‘সঁজাল কুটীৰ’

সাংবাদিক প্ৰিয়ংদীপ কাকতিয়ে তেওঁৰ নিজৰ বাসগৃহৰ আহল-বহল চোতালখনৰ এমূৰত ৰোপন কৰা তেওঁৰ সপোনৰ বীজ ‘সঁজাল কুটীৰ’। প্ৰিয়ংদীপ আৰু তেওঁৰ পত্নী বৰ্ণালীয়ে বিগত দুটা বছৰত সঁজাল কুটীৰক আটকধুনীয়াকৈ সজাই তুলিছে এনে এটি মিনি-মিউজিয়ামৰ ৰূপত ।

প্ৰিয়ংদীপ কাকতিৰ ‘সঁজাল কুটীৰ’

য’ত তেওঁলোকে আটকধুনীয়াকৈ সজাই-পৰাই তুলিছে ক্ৰমাৎ হেৰাই যাবলৈ ধৰা গৰু-গাড়ীৰ পৰা আৰম্ভ কৰি জাকৈ, খালৈ, নাঙল-যুৱলি, জাপি, মাছ ধৰা আহিলা, ডলা-চালনী,কুলা পৰা আৰম্ভ কৰি টোকাৰীকে ধৰি বিভিন্নধৰণৰ সাঁ-সজুলি।

প্ৰিয়ংদীপ কাকতিৰ ‘সঁজাল কুটীৰ’

”সঁজাল কুটীৰ”ত প্ৰৱেশ কৰিলেই আপোনালোকে দেখা পাব চহা গাঁৱলীয়া ছবিখন। অকল ইমানেই নহয় অসমীয়া জাতিটোৰ বিষয়ে জানিবলৈ তথা অসমীয়া সংস্কৃতি বিষয়ে জ্ঞাত হ’বলৈ বিভিন্ন তথ্য সম্বলিত গ্ৰন্থ সংগ্ৰহ কৰা এটি সৰু পুথিভঁৰালো ৰাখিছে প্ৰিয়ংদীপ কাকতিয়ে।

এই উদ্যমী যুৱক জনৰ এই প্ৰচেষ্টাই আমাৰ উঠি অহা নৱ প্ৰজন্মক নিজৰ ঐতিহ্যক জনাৰ লগতে অসমীয়াৰ হেৰাই যোৱাৰ শিপাডালৰ লগত পৰিচয় কৰোৱাত বিশেষ ভাৱে সহায় কৰিব। ‘সঁজাল কুটীৰ’ হৈ পৰক নতুন প্ৰজন্মৰ নতুন চিন্তাৰ অংকুৰিত কৰা এক প্ৰতীক। প্ৰিয়ংদীপ কাকতিৰ এই চিন্তা-ভাৱনাক সকলোৱে প্ৰশংসা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply