পংকজ ভট্টাচাৰ্য:- তথ্য প্ৰযুক্তিৰ আধুনিক যুগতো এগৰাকী মহিলা স্বাবলম্বী হোৱাৰ পথত এতিয়াও বহু দূৰতে আছে | এনে ধৰনৰ যুক্তি খন্ডন কৰাৰ ক্ষেত্ৰত সবল ৰূপত আগবাঢ়ি অহিছে উত্তৰ পূবৰ অন্যতম চহৰ ইম্ফলত অৱস্থিত ‘আই মা কৈথেলে'(মাতৃ বজাৰ) | এই বজাৰ খনৰ বিশেষত্ব এইয়েই যে য’ত কেৱল বিক্ৰেতা আৰু বজাৰ পৰিচালনাৰ দায়িত্বত আছে কেৱল মহিলা | সমগ্ৰ বিশ্বতে এই বজাৰক লৈ চৰ্চা | মণিপুৰৰ মহিলাসকলক আত্মবিশ্বাসী আৰু স্বাবলম্বী কৰি তোলাৰ ক্ষেত্ৰত ইমা বজাৰৰ বিশেষ ভূমিকা আছে |
মণিপুৰৰ আই মা কৈথেলেৰ পৰা পোৱা অনুপ্ৰেৰণা লৈয়েই আজিৰ পৰা দুবছৰৰ আগতে আৰম্ভ হৈছিল তিতাবৰত গঢ় লৈ উঠিছিল অসমৰ প্ৰথমখন মহিলা বজাৰ ‘দাংধৰা মহিলা বজাৰ’ |

প্ৰাক্তণ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ সমষ্টি তিতাবৰত গঢ় লৈ উঠিছে দাংধৰা মহিলা বজাৰ | ৰাজ্যৰ প্ৰথমখন মহিলা বজাৰে সৰু অঞ্চলটোৰ মহিলাক স্বাবলম্বিতাৰ দিশত আগবাঢ়িবৰ বাবে এক স্থান দিছে | যোৰহাট জিলাৰ তিতাবৰ বৰহোলা অঞ্চলৰ এই দাংধৰা মহিলা বজাৰৰ বৈশিষ্ট্য হ’ল ইয়াৰ কিনা বেচা দুয়োটা কামতে কেৱল মহিলাইহে স্থান পাইছে | বজাৰ খনৰ লগত জড়িত প্ৰতিটো কামেই কেবল মহিলাইহে চোৱাচিতা কৰে |
কৃষি প্ৰধান অঞ্চলটোৰ সাহসী মহিলাসকলৰ একান্ত প্ৰচেষ্টাত গঢ় লৈ উঠিছে মহিলা বজাৰ খনে | চাৰিখন গাও পঞ্চায়তৰ ৩১৬ টা মহিলা আত্মসহায়ক গোটৰ উমৈহতীয়া প্ৰচেষ্টাতেই গঢ় লৈ উঠিছিল দাংধৰা মহিলা বজাৰ | এই গোট সমূহৰ নিজ নিজ বিপনী আছে বজাৰখনত | তদুপৰি সমীপৰ জনজাতীয় মহিলাসকলেও উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ সুবিধা পাইছে এই বজাৰখনৰ জড়িয়তে |

প্ৰতি বৃহস্পতিবাৰে পুৱা ১০ বজাৰ পৰা বিয়লী ৫ বজালৈকে বঢ়া বজাৰ খনত আত্মসহায়ক গোটসমূহে প্ৰস্তুতকৰা সামগ্ৰী, ঘৰতেই উৎপাদিত সতেজ শাক পাচলিৰ পৰা আৰম্ভ কৰি গাৱৰ মহিলাই বোৱা কাপোৰো এই বজাৰত পোৱা যায় | বিশেষভাবে সুলভমূল্যত সামগ্ৰীসমূহ লাভ কৰাৰ ফলত গ্ৰাহকৰ মাজতো খুউব সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰে দাংধৰা বজাৰ |
স্ব-নিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰা দাংধৰা বজাৰৰ এইসকল মহিলাই এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে | ইয়াৰ আগতে এইসকল মহিলাই সামগ্ৰী বিক্ৰীৰ বাবে পোৱা নাছিল উপযুক্ত এখন বজাৰ | এই বজাৰ খনে মহিলা সকলৰ মাজলৈ আশাৰ ৰেঙণী আনিছিল |
স্বাধীচিতীয়া মন লৈ উদ্যমী মহিলাসকলে নিজৰ কৰ্মদক্ষতাৰে সকলোৰে মাজত নিজকে চিনাকী দিয়াৰ চেষ্টাত এতিয়া লাগিছে কেণা | লকডাউনৰ সময়ৰে পৰা বজাৰখন বন্ধ হৈ পৰাত যথেষ্ট অসুবিধাৰ সন্মুখীণ হৈছে মহিলাসকল |

আজিৰ দিনত মহিলা সকল কোনো ক্ষেত্ৰতে পিছ পৰি থকা নাই । বিশেষকৈ গ্ৰাম্যাঞ্চলৰ মহিলা সকলে স্বাৱলম্বীতাৰ দিশে অগ্ৰসৰ হোৱাটো এটা ভাল খবৰ। তেনে এক ভাল খবৰ কঢ়িয়াই অনা যোৰহাট তিতাবৰৰ একাংশ মহিলাসকলক এইযাত্ৰাত হেঙাৰ ৰূপে থিয় দিছে সাম্প্ৰতিক সময়ৰ ক’ৰোনা সৃষ্ট পৰিবেশ | অসম ৰাজ্যিক জীৱিকা অভিযানৰ উদ্যোগত পৰিচালিত হোৱা দাংধৰা বজাৰ সোনকালেই খোলাৰ আশাত আছে গাৱৰ মহিলাসকল | গ্ৰাম্য অৰ্থনীতি ভেটি টনকিয়াল কৰি তোলা মহিলা সকলৰ এনে পদক্ষপৰ যাতে যতি নপৰে তাৰ কথাও বৰ্তমান সময়ত চৰকাৰ-প্ৰশাসনে চোৱাতো জৰুৰী হৈ পৰিছে |