ৰাভাৰ সম্পত্তিক লৈ তিনি পুত্ৰৰ সংঘাট

তেজপুৰ– কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি বিজড়িত সম্পত্তি অসম চৰকাৰক সংৰক্ষণৰ বাবে তেজপুৰ বাসী ৰাইজে দাবী উত্থাপন কৰি অহাৰ সময়তে কলাগুৰুৰ সম্পত্তিক লৈ পুত্ৰৰ মাজৰ সংঘাতে চুড়ান্ত ৰূপ ধাৰণ কৰিছে ।

তেজপুৰৰ কলিবাৰীত অৱস্থিত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ আপুৰুগীয়া সম্পদ সম্বলিত বাসগৃহটো ঋণৰ বিপৰীতে বেঙ্কত বন্ধকীত থৈছে বুলি গুৰুত্ব অভিযোগ তুলিছে কলাগুৰুৰ পুত্ৰ হেমৰাজ ৰাভাই । এই সুযোগতে কোনো তৃতীয় পক্ষৰ প্ৰবেশ ঘটিলে কলাগুৰু দেৱৰ সৃষ্টিৰাজি অসমীয়া সমাজৰ বাবে পাহৰণিৰ গৰ্ভত বিলীন হ’ব। সেয়ে এই কাৰ্য্যৰ গৰিহনা দি আৰু সমগ্ৰ প্ৰক্ৰিয়াটোৰ এটি উচিত তদন্ত বিচাৰিছে হেমৰাজ ৰাভাই ।

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ তিনি পুত্ৰৰ মাজত তেজপুৰৰ মণ্ডলে কি অংকত ৩কঠা ১২লেচা মাটি সমানে দুভাগ কৰিলে এজনৰ ভাগত ২কঠা আৰু আনজনৰ ভাগত ১কঠা ১২লেচা কৈ পৰে । এজনৰ ১কঠা ১৫লেচা পাই বুলি প্ৰশ্ন কৰে ।

ইফালে এই সন্দৰ্ভত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জেষ্ঠ পুত্ৰ পৃথ্বীৰাজ ৰাভাই কয় যে “কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সম্পত্তিক লৈ তিনি জন পুত্ৰৰ সমান অধিকাৰ আছে । মই ছোৱালী পঢ়োৱাৰ বাবে মাটি বন্ধকত দিছো । টকা পালে ঘুৰাই আনিম, ইয়াক লৈ আলোচনা, কোনোবাই আপত্তি কৰা যুক্তি কি।”

উল্লেখযোগ্যযে কলাগুৰু বিষ্ণু ৰাভাই বেঙ্কৰ পৰা ২০,০০০/- টকা ঋণ লৈ নিজৰ ঘৰটো নিৰ্মাণ কৰিছিল। বিনিময়ত ঘৰটো বেঙ্কত বন্ধকত আছিল। কোনো আয় নথকা বিষ্ণু ৰাভাৰ ঋণ পৰিশোধ কৰাৰ সামৰ্থ্যতা নাছিল। ফলত তেখেতৰ জীৱিত কালতেই দুবাৰকৈ নিলামৰ জাননী আহিছিল।

মৃত্যুৰ সময়ত সেই ঋণ সুদে মূলে ৬০,০০০/- টকা হৈছিলগৈ। গুৱাহাটী মেডিকেল কলেজত চিকিৎসা কৰি থকা সময়ৰ তেতিয়াৰ মুখ্যমন্ত্ৰী বিমলাপ্ৰসাদ চলিহাদেৱে খবৰ লবলৈ অহাত চলিহাদেৱক সকলো কথা অবগত কৰাত মুখ্যমন্ত্ৰী চলিহাদেৱে সেই ঋণ পৰিশোধ কৰি বিষ্ণু ৰাভাক ঋণমুক্ত কৰে। এতিয়া পুনৰ সেই ঘৰটো বেঙ্কত বন্ধকত ৰখা বিষয়টোৱে ব্যথিত কৰিছে বহুজনকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply