গুৱাহাটী– কোঠাৰ ভিতৰৰ পৰা আৰু কেতিয়াও উফৰি নাহে এজাক প্ৰাণোচঞ্চলা গাভৰুৰ হাঁহি। প্ৰতিটো আবেলি আৰু কেতিয়াও নাহিব জীপাল হ’বলৈ। আড্ডাৰে কেতিয়াও জমি নুঠিব হোষ্টেলৰ প্ৰতিটো কোঠা। এতিয়া মাথোঁ প্ৰতিটো কোঠাই কোঠাই পৰি ৰৈছে স্মৃতিৰ টোপোলা।
কাৰণ অতীত হ’বলৈ ওলাইছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰচিচি ৪নং ছাত্ৰী নিৱাস ৷ হাবি – জংঘলৰ মাজত মৃত্যুৰ ক্ষণ গণিছে জৰাজীৰ্ণ আৰচিচি ৪নং ছাত্ৰী নিৱাসে।

এই ছাত্ৰী নিৱাসতেই আৰম্ভ হৈছিল বহুতৰে সপোন, আশা- আকাংশাই। সেই আশাক সামৰি – সুতুৰি এতিয়া এৰাবাৰীলৈ পৰিণত হ’ল পদ্মাৱতী দেৱী ফুকননী ছাত্ৰী নিৱাস।
এতিয়া মেৰামতিৰো অসম্ভৱ উৱলি যোৱা ছাত্ৰী নিৱাসটোৰ। এই আৱাসটোৰ ছাত্ৰীসকলক এতিয়া স্থানান্তৰ কৰা হৈছে বেলেগ ছাত্ৰীনিৱাসলৈ।

কিছুদিনৰ পিছতেই ভাঙি পেলোৱা হ’ব এই আৱাসটো। ইয়াৰ লগে লগে ভাঙি পৰিব প্ৰতিটো কোঠাৰ কোণে কোণে সিঁচৰিত হৈ থকা স্মৃতিসমূহ। এতিয়া মাথোঁ নিষ্প্ৰাণ হৈ পৰি ৰৈছে ভঙা দেৱাল – ভঙা খিৰিকীবোৰ। বন্ধ খিৰিকীৰ মাজত এতিয়া কান্দিছে অতীতে। ক’ত গাভৰু ভৰ যৌৱনা হৈছিল পদ্মাৱতীৰ বুকুতেই। কেইদিনমানৰ পিছতেই মাথোঁ অতীতৰ বুকুত বিলীন হ’ব পদ্মাৱতী দেৱী ফুকননী ছাত্ৰী নিৱাস।