নিউজ ডেস্ক– সমগ্ৰ দেশৰ ভিতৰত সৰ্বাধিক মহিলা সুৰাপায়ী আছে অৰুণাচল প্ৰদেশত। ৰাজ্য অনুযায়ী মহিলা সুৰাপায়ীসকলৰ ওপৰত কৰা এক সমীক্ষাত এই তথ্য় প্ৰকাশ পাইছে। ” ইণ্ডিয়া ইন পিক্সেল” নামৰ এটা ছচিয়েল মিডিয়া পেজে এই সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰিছিল। তাৰ পিছতেই চৰ্চালৈ আহিছে এই খবৰ।
এই পোষ্টটোত ভাৰতৰ মহিলা সুৰাপায়ী সকলৰ এখন তালিকা প্ৰকাশ পাইছে। য’ত সৰ্বাধিক মহিলা সুৰাপায়ীৰ স্থানত আছে অৰুণাচল প্ৰদেশ । অৰুণাচলৰ পাছতেই স্থান পাইছে ছিকিমে। ১৫বছৰৰ পৰা ৪৯ বছৰ বয়সৰ মহিলা সকলে বেছিকৈ সুৰাপান কৰে বুলি তালিকাখনত প্ৰকাশ পাইছে।
” ইণ্ডিয়া ইন পিক্সেল” প্ৰকাশিত তথ্য় অনুসৰি “সুৰাপান কৰা মহিলাসকলৰ ভিতৰত, ১৮ শতাংশই প্ৰায় প্ৰতিদিনে সুৰা পান কৰে, আৰু ৩৫শতাংশই সপ্তাহত প্ৰায় এবাৰ সুৰা পান কৰে।
দেশৰ মহিলা সুৰাপায়ী সকলৰ ভিতৰত আটাইতকৈ বেছি ২৬ শতাংশ অৰুণাচল প্ৰদেশৰ আৰু ইয়াৰ পাছতেই ২৩ শতাংশ ছিকিমৰ মহিলাই স্থান পাইছে বুলি প্ৰকাশ পাইছে।
এই বাতৰি প্ৰচাৰ হোৱাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে এই সন্দৰ্ভত ” ইণ্ডিয়া ইন পিক্সেল”ক প্ৰশ্ন উত্থাপন কৰি টুইটাৰত টুইটো কৰে। মন্ত্ৰীগৰাকীয়ে লিখে, “এয়া এক আকৰ্ষণীয় তথ্য! আপোনালোকে কিহৰ ওপৰত ভিত্তি কৰি মোৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ পুৰুষ আৰু মহিলাক শীৰ্ষ স্থানত ৰাখিলে?”
This is interesting data! But on what basis did you put my state Arunachal Pradesh on the top for both men and women? https://t.co/CgLwzibd86
— Kiren Rijiju (@KirenRijiju) January 16, 2021
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ প্ৰশ্নৰ উত্তৰত “ইণ্ডিয়া ইন পিক্সেল” য়ে কয়, “আমাৰ কাম আপোনাৰ মনোযোগৰ যোগ্য বুলি বিবেচনা কৰাৰ বাবে আপোনাক ধন্যবাদ কিৰেন ৰিজিজু ছাৰ।
“ইণ্ডিয়া ইন পিক্সেলচ”য়ে লগতে কয় যে এই তথ্য় সন্দৰ্ভত তেওঁলোক সম্পূৰ্ণভাৱে নিশ্চিত নহয়। এই তথ্যবোৰ ২০১৫-১৬ চনৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ পৰা সংগ্ৰহ কৰা হৈছিল। হয়তু নতুন আপডেট অনুসৰি এই তথ্য়ৰ সাল-সলনিয়ো হ’ব পাৰে। আনহাতে দেশীয় সুৰা উত্তৰ-পূবৰ এক পৰম্পৰাগত পানীয়ৰ ভিতৰতো পৰে।
উল্লেখযোগ্য যে ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ ২০২০চনত প্ৰকাশিত শেহতীয়া তথ্য় অনুসৰি অৰুণাচল প্ৰদেশৰ ১৫-৪৯ বয়সৰ ৫৯ শতাংশ পুৰুষে দেশৰ সৰ্বাধিক সুৰাৰ উপভোক্তা হোৱা দেখা গৈছিল।
আনহাতে, অসমৰ ১৫-৫৪ বছৰৰ ভিতৰত ২৬.৪ শতাংশ মহিলা আৰু ৫৯.৪ শতাংশ পুৰুষে সুৰা সেৱন কৰাৰ তথ্য় পোৱা গৈছে।