ছিপাঝাৰ – নিজস্ব মন্ত্ৰী মণ্ডল থকা ভাৰতৰ একমাত্ৰ গাঁও। গাঁওখনত মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, কৃষিমন্ত্ৰীকে আদি কৰি আছে ১৬ টাকৈ বিভাগৰ মুঠ ২৬ গৰাকী মন্ত্ৰী আৰু অতিৰিক্ত মন্ত্ৰী। এই ১৬ টা বিভাগৰ ২৬ গৰাকী মন্ত্ৰী আৰু অতিৰিক্ত মন্ত্ৰীৰ কান্ধত আছে গাঁওখনৰ উন্নয়নৰ সকলো দায়িত্ব। প্ৰশাসনে গঠন কৰি দিয়া গাঁওখনৰ মন্ত্ৰী মণ্ডলত থকা মন্ত্ৰী সকলক লৈ গাঁওবাসীৰ নাই কোনো ধৰণৰ অভিযোগ। সম্পূৰ্ণ নিষ্ঠা আৰু সততাৰে কাম কৰি মন্ত্ৰী মণ্ডলত থকা বিভিন্ন বিভাগৰ মন্ত্ৰী সকলে গাঁওখনক আগুৱাই নি এখন আদৰ্শ গাঁও হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

নিজস্ব মন্ত্ৰী মণ্ডল থকা ভাৰতৰ এই বিশেষ আৰু আদৰ্শ গাঁওখন আছে এইখন অসমতে। গুৱাহাটীৰ পৰা ৪৫ কিলোমিটাৰ দূৰত্বত আৰু দৰং জিলাৰ সদৰ মঙলদৈৰ পৰা ২৫ কিলোমিটাৰ নিলগত থকা এই গাঁওখন সমগ্ৰ দৰং জিলাৰ গৌৰৱ। দৰং জিলা প্ৰশাসনে গাঁওখনত গঠন কৰি দিছে নিজস্ব মন্ত্ৰী মণ্ডল। ২০১৭ চনত গাঁওখনে এক বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবে দৰং জিলা প্ৰশাসনে গাঁওখনত গঠন কৰি দিছে নিজস্ব মন্ত্ৰী মণ্ডল। সকলো বিভাগৰে নিজস্ব মন্ত্ৰী থকা কামৰূপ আৰু দৰং জিলাৰ সীমান্তৰ হালধা গাঁও অসমৰ ভিতৰতে এখন স্বচ্ছ আৰু আদৰ্শ গাঁও।

স্বচ্ছতাৰ ক্ষেত্ৰত দৰং জিলাৰ হালধা গাঁওখনে দাঙি ধৰা নিদর্শনৰ বাবে দৰং জিলা প্ৰশাসনে গাঁওখনক ২০১৭ চনৰ ২ অক্টোবৰত জিলাখনৰ ভিতৰত স্বচ্ছ গাঁৱৰ স্বীকৃতি প্ৰদান কৰিছিল। গাঁওখনত থকা মন্ত্ৰী মণ্ডলৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা ভাস্কৰজ্যোতি নাথে গাঁওখনৰ সম্পৰ্কে জানিবলৈ দি কয় “দৰং জিলা প্ৰশাসনে জিলাখনৰ ভিতৰতে স্বচ্ছ গাঁৱৰ স্বীকৃতি প্ৰদান কৰাৰ পিছতে হালধাবাসী ৰাইজক অধিক উৎসাহিত হৈ পৰে আৰু গাঁওখনক স্বচ্ছতাৰ লগতে অন্যান্য সকলো দিশতে এখন আদৰ্শ গাঁও হিচাপে গঢ় দিয়াৰ বাবে সংকল্পবদ্ধ হয় গাঁওখনৰ ৰাইজ। স্বচ্ছতাৰ লগতে হালধা গাঁওখনক অন্যান্য দিশটো আগুৱাই নিয়াৰ প্ৰচেষ্টা গ্ৰহণ কৰে গাঁওবাসীয়ে। গাঁওখনৰ সামগ্ৰিক উন্নয়নক লৈ ২০১৭ চনৰ পৰা আৰম্ভ কৰা হালধাবাসীৰ যাত্ৰা মাত্ৰ তিনি বছৰতে বহু ক্ষেত্ৰত উল্লেখনীয় সফলতা লাভ কেইবলৈ সক্ষম হৈছে”।

বিশেষকৈ কৃষিমন্ত্ৰীৰ নেতৃত্বত হালধা গাঁওখনে কৃষিৰ ক্ষেত্ৰত এক নৱজাগৰণ আনিবলৈ সক্ষম হৈছে। হালধা গাঁৱৰ কৃষিমন্ত্ৰী ধীৰেন্দ্র কুমাৰ নাথৰ নেতৃত্বত কৃষিৰ ক্ষেত্ৰত গাঁওখনে লেখত ল’বলগীয়া সফলতা অৰ্জন কৰিছে। গাঁওখনৰ কৃষি কাৰ্যত পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা কৃষিমন্ত্ৰী গৰাকীয়ে কয় “আমাৰ গাঁওখন খেতিৰ ওপৰতে নিৰ্ভৰশীল। গাঁৱৰ ৬৬ শতাংশ লোক বিভিন্ন কৃষি কাৰ্যৰ লগত জড়িত। কৃষি কাৰ্যৰ লগত জড়িত লোক সকলে পুৰণি পদ্ধতিৰে খেতি কৰি আহিছিল যদিও ইয়াৰ দ্বাৰা কৃষক সকলক লাভম্বিত হোৱা নাছিল। এতিয়া শিক্ষিত নতুন চামৰ কৃষক সকলে কেনেকৈ কম মাটিত খেতি কৰি অধিক উৎপাদন কৰিব পাৰি ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰি নতুন পদ্ধতিৰে কৃষি কাৰ্য আৰম্ভ কৰা হৈছে”।

কৃষিৰ ক্ষেত্ৰত হালধা গাঁওখনে দৰং জিলা কৃষি বিভাগৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰা বুলিও জানিবলৈ দিয়ে কৃষিমন্ত্ৰী গৰাকীয়ে। কৃষিমন্ত্ৰী ধীৰেন্দ্র কুমাৰ নাথে কয় “হালধা গাঁওত পোন প্ৰথমবাৰৰ বাবে হাল-কোৰ নমৰকৈ আলু খেতি কৰাৰ পদ্ধতি আৰম্ভ কৰা হৈছে। এই পদ্ধতিত মাটিত আলু পেলাই আলুৰ ওপৰত নৰা কাটি পাৰি দিয়া হয় আৰু ইয়াৰ দ্বাৰা অধিক আলু উৎপাদন হয়”। গাঁওখনত কৃষিমন্ত্ৰী গৰাকীয়ে গাঁওখনৰ বাহিৰত গোবৰ বিক্ৰী কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। গাঁৱৰ গৰুৰ গোবৰ গাঁৱৰ কৃষি কাৰ্যত ব্যৱহাৰৰ কৰাৰ উদ্দেশ্যে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ইয়াৰ সমান্তৰালে মানুহৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি গাঁওখনত কৃষি কাৰ্যত ৰাসায়নিক সাৰৰ পৰিবৰ্তে পচন সাৰ ব্যৱহাৰ কৰা হয়। হালধা গাঁৱত প্ৰতিঘৰ লোকে নিজৰ নিজৰ ঘৰৰ জাৱৰৰ পৰা পচন সাৰ প্ৰস্তুত কৰে। হালধা গাঁৱত পৃথকে পৃথকে খেতি কৰাৰ পৰিবৰ্তে সমূহীয়াকৈ গাঁওবাসীয়ে খেতি কৰে যাতে কম কষ্টৰ বিনিময়ত অধিক উৎপাদন কৰিব পৰা যায়। উল্লেখ্য যে কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত ঘোষণা কৰা লকডাউনৰ সময়ছোৱাত হালধা গাঁওবাসীয়ে গাঁৱৰ খেতিত উৎপাদিত শস্যৰ ওপৰত নিৰ্ভৰশীল আছিল।

হালধা গাঁও স্বচ্ছ, কৃষি, শিক্ষা, নিৰাপত্তা ক্ষেত্ৰত আগুৱাই গৈ এক আদৰ্শ গাঁও হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে যদিও এই গাঁওখনে পৰ্যটক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নাই। পৰৱৰ্তী সময়তে হালধা গাঁওখন অসমৰ ভিতৰতে এক আকৰ্ষণীয় পৰ্যটকস্থলীত পৰিণত হয় ইয়াৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। গাঁওখনৰ মুখ্যমন্ত্ৰী ভাস্কৰজ্যোতি নাথে কয় “অনাগত দিনত পৰ্যটকক আকর্ষণ কৰাৰ উদ্দেশ্যে হালধা গাঁওখনক এক সেউজীয়া গাঁৱত পৰিণত কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে। বন বিভাগৰ সহযোগত অতি শীঘ্ৰে গাঁওখনৰ চাৰিওফালে গছপুলি ৰোপন কাৰ্যসূচী আৰম্ভ কৰা হ’ব”।