শদিয়াৰ পৰা ধুবুৰীলৈ এইদৰে দেৱালত প্ৰকৃতিক জীয়াই ৰখাৰ বাৰ্তা লিপিবদ্ধ কৰি যোৱা বিচিত্ৰ ধৰিত্ৰীৰ অনাবিল প্ৰেমিক জনেই হৈছে কিৰণ গগৈ। ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাইগাঁৱত জন্ম গ্ৰহণ কৰিছিল কিৰণ গগৈয়ে।
২০০৪ চনৰ পৰা কিৰণ গগৈয়ে সম্পূৰ্ণ নিজা খৰচত দেৱালত অংকণ কৰিছে প্ৰকৃতিক জীয়াই ৰখাৰ বাণী। গগৈৰ ইতিবাচক আৰু ব্যতিক্ৰমধৰ্মী চিন্তাই মানুহক কৰি তুলে উৎসাহিত। কিৰণ গগৈয়ে প্ৰকৃতি প্ৰেমৰ নিৰলস কামৰ মাজেদি অনেকৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে| প্ৰকৃতি প্ৰেমিক, কিৰণ গগৈৰ চিন্তা আৰু কামৰ পৰিচয় দাঙি বিস্ময় মানিব লাগিব|

প্ৰকৃতিক ভালপাৱলৈ শিকাৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘প্ৰকৃতিৰ প্ৰেমত পৰা মূলতেই হ’ল এই বহল পৃথিৱী। লাহে লাহে মাতৃভাষা শিকিলো। তাৰপাছত স্কুল,কিতাপ,ৰেডিঅ’ শুনি ,নাটকৰ জৰিয়তে প্ৰকৃতিক ভালপাবলৈ শিকিলো। মোৰ আই প্ৰকৃতিপ্ৰেমী আছিল। প্ৰকৃতিৰ কিছুমান শব্দ লৈ তেওঁ গান গাইছিল। তেতিয়াৰ পৰাই মই প্ৰকৃতিক ভালপাবলৈ শিকিলো।’

বৰ্তমান তেওঁ চাবুৱাৰ প্ৰকৃতিপ্ৰেমী অনুষ্ঠান ‘বিচিত্ৰ ধৰিত্ৰী’ৰ সভাপতিৰ দায়িত্ব বহন কৰি আছে| ১৯৯৪ চনৰ পৰা তেওঁ এই অনুষ্ঠানটো উজ্জীৱিত কৰি ধৰি ৰাখিছে| ইয়াৰ লগে লগে দেশ সেৱাত ব্ৰতী হৈছে| তেওঁৰ এটা বিশেষ অভিযানৰ নাম ‘চৰণ পখালি’| এই অভিযানটো তেওঁ নিজে উদ্ভাৱন কৰিছে| এই কাৰ্যত তেওঁ ইতিমধ্যে প্ৰাথমিকৰ পৰা উচ্চ মাধ্যমিক পৰ্যায়লৈকে ১০০০ খন বিদ্যালয় সামৰিছে| এই কাৰ্যসূচী মতে প্ৰকৃতি ৰক্ষাৰ হকে বসুমতী আইৰ নামত মাটি স্পৰ্শ কৰি শপত গ্ৰহণ কৰোৱা হয়|
এই সন্দৰ্ভত তেওঁ কয় , ‘প্ৰকৃতিক ভাল পাবলৈ নতুন প্ৰজন্মক প্ৰকৃতিৰ লগত চিনাকি কৰি দিয়াটো দৰকাৰ। সেই উদ্দেশ্য যোৱা ২৫ বছৰ ধৰি বহুকেইখন বিদ্যালয়লৈ গৈ শিক্ষাৰ্থীক প্ৰকৃতিক ভাল পাবলৈ শিকাইছো। প্ৰকৃতিক ভাল পাবলৈ নাটক, কবিতাৰ যোগেৰে শিক্ষা দিছো।’
প্ৰকৃতি প্ৰেমী কিৰণ গগৈৰ সহমৰ্মিতা, প্ৰেম, চিন্তাধাৰা আদি কেৱল ধৰিত্ৰীৰ সুৰক্ষাত নিমৰ্জিত। ইয়াৰ কপাত খুলি তেওঁ একক প্ৰচেষ্টাৰে ২০০৪ চনৰ পৰা দেৱালত লিখি আহিছে আখৰ; যি আখৰ এতিয়া প্ৰাচীৰৰ প্ৰতিধ্বনি হৈ জাগৰণৰ সৃষ্টি কৰিছে | সম্পূৰ্ণ নিজ খৰচত চূণ আৰু ব্ৰাছ নিজৰ মটৰ চাইকেলখনত বান্ধি শদিয়াৰ পৰা ধুবুৰী লৈকে বিশেষকৈ ৰাজপথৰ কাষৰ দেৱালসমূহত প্ৰকৃতি সম্পৰ্কীয় বাক্য লিপিবদ্ধ কৰি সজাগতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে । কিৰণ গগৈৰ এই কাৰ্য সামান্য বুলি ক’ব নোৱাৰি। সঁচা অৰ্থত আত্মবলেই তেওঁৰ সাহস। তেওঁৰ এই যাত্ৰা মহাযাত্ৰা হওঁক| অবিস্মৰনীয় হওঁক কিৰণ গগৈৰ এই প্ৰচেষ্টা।
(তথ্য় সংগ্ৰহ-স্বৰাজ ফুকন)