মানকাচৰ – বগৰী খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টা শিক্ষিত নিবনুৱাৰ। বগৰী খেতিৰে স্বাৱলম্বীতাৰ দিশে অগ্ৰসৰ হৈছে হাটশিঙিমাৰীৰ ফেকামাৰীৰ এগৰাকী শিক্ষিত নিবনুৱা যুৱকৰ। চৰকাৰী আঁচনি অভিহনে বগৰী খেতিৰে সেউজ বিপ্লৱ মহম্মদ নজৰুল ইচলামৰ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ ফেকামাৰীত এগৰাকী শিক্ষিত নিবনুৱা যুৱকে নিজকে আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ বাবে বগৰী খেতি কৰি সেউজ বিপ্লব গঢ়ি তোলা পৰিলক্ষিত হৈছে। জিলাখনৰ সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগত থকা ফেকামাৰী গাঁৱৰ মহম্মদ নজৰুল ইচলাম নামৰ শিক্ষিত নিবনুৱা যুৱকেজনে শিক্ষা সমাপ্ত কৰাৰ পিছৰে পৰা নিজকে নিয়োজিত কৰি ৰাখিছিল কৃষি কৰ্মত।

চৰকাৰী চাকৰিৰ পিছে পিছে দৌৰি সময় নষ্ট নকৰি নিজকে স্বাৱলম্বী কৰি তোলাৰ বাবে যুৱকজনে দীৰ্ঘদিনৰ পৰা কৃষি কাৰ্য কৰি পৰিয়ালক পোহপাল দিয়াৰ উপৰিও বিগত প্ৰায় ৭ মাহ ধৰি যুৱকজনে নতুনকৈ আৰম্ভ কৰিছে বগৰী খেতি। মোবাইল ফোনত ইউটিউৱৰ ভিডিঅ চাই বগৰী খেতিৰ প্ৰশিক্ষণ লৈ আজিৰ প্ৰায় ৭ মাহ পূৰ্বে যুৱকজনে চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ কলিকতালৈ গৈ বৰগী খেতিৰ বাবে বগৰী পুলি লৈ আহে। জিলাখনৰ ভিতৰত প্ৰথম বাৰৰ বাবে অতি সাহসিকতাৰে বগৰী খেতি আৰম্ভ কৰে ফেকামাৰী গাঁৱৰ মহম্মদ নজৰুল ইচলাম নামৰ শিক্ষিত নিবনুৱা যুৱকেজনে।

প্ৰথম পৰ্যায়ত প্ৰায় ৫০ হেজাৰ টকাৰ মুলধনেৰে আৰম্ভ কৰা বগৰী খেতিত মাত্ৰ ৭ মাহৰ ভিতৰত ইমান ভাল ফল পাব বুলি যুৱকজনে আশা কৰা নাছিল যদিও ইতিমধ্যে প্ৰায় ৪০ হেজাৰ টকাৰ বগৰি বজাৰত বিক্ৰী কৰাৰ উপৰিও এতিয়াওঁ যুৱকজনৰ বগৰী গছত লক্ষাধিক টকাৰ আছে।

আগন্তক দুই সপ্তাহৰ ভিতৰত যুৱকজন এই বগৰি খেতিৰ দ্বাৰা অধিক লাভাম্বিত হোৱাৰ আশা প্ৰকাশ কৰি উৎফুল্লিত হৈ পৰিছে। মন কৰিবলগীয়া বিষয় এয়া যে মুঠ তিনি বিঘা খেতিত তিনি প্ৰকাৰৰ বগৰী খেতি কৰিছে যুৱকজনে। এইবাৰ মহম্মদ নজৰুল ইচলামে ধান তথা শাক-পাচলিৰ খেতিৰ পৰিবৰ্তী অধিক ভূমিত বগৰী খেতি কৰিবলৈ প্ৰস্ততি চলাই থকা পৰিলক্ষিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply