গুৱাহাটী- একাগ্ৰতা, দৃঢ়তা, লক্ষ্য স্থিৰ থাকিলে যে মানুহৰ সফলতাত কোনো হেঙাৰ হ’ব নোৱাৰে | এজন সাধাৰণ ব্যক্তি হিচাবে ১৯৭৪ চনত গুৱাহাটীত উপস্থিত হোৱা এইগৰাকী সাধাৰণৰ অসাধাৰণ কাহিনী আজি বহুতৰ বাবেই অণুপ্ৰেৰণা | ‘৭০ দশকতে অসমলৈ আহি এখন সৰু কাঠৰ চকী লৈ আৰম্ভ কৰিছিল এখন সাধাৰণ চেলুন | সেই সৰু কোঠাটোত আৰম্ভ কৰা সাধাৰণ চেলুন খনৰ পৰা বৰ্তমানৰ বিলাসী চেলুন লৈকে এক সংগ্ৰামী দীঘলীয়া যাত্ৰা | সাধাৰণ নাপিতৰ পৰা বৰ্তমানৰ ৬ খনকৈ বিলাসী চেলুনৰ গৰাকী হোৱা এই ব্যক্তিয়ে হ’ল মহম্মদ ৰিয়াজ আহমেদ |

প্ৰথমে ‘ৰিয়াজ’ নামেৰে গুৱাহাটীৰ উলুবাৰীত এখন চেলুন আৰম্ভ কৰে। পিছৰ পৰ্যায়ত তেওঁৰ এই ব্যৱসায়ত সহযোগ কৰে তেওঁৰ পুত্ৰ ৰাজু ৰিয়াজে ।’ ৰিয়াজ’ চেলুনৰ পাছতেই বৰ্তমান ‘ৰাজু ৰিয়াজ ‘ নামেৰে উলুবাৰীত তিনিখন, বেলতলাত এখন, জু তিনিআলিত এখন সহ মুঠ ৬খনকৈ চেলুন তেওঁলোকৰ আছে।
এখন সাধাৰণ চেলুনৰ পৰা আধুনিক পৰ্যায়লৈ এই চেলুনখনক লৈ যোৱা সন্দৰ্ভত ইষ্ট ম’জ’ৰ আগত মহম্মদ ৰিয়াজ আহমেদে কয়, ‘সকলো কাম আৰম্ভ কৰাৰ আগতে প্ৰথমে ভালকৈ ভাবিব লাগিব। আৰম্ভণিতে বিশেষ সফল হোৱা নাছিলো যদিও মই কেতিয়াও হতাশ হোৱা নাছিলো । গুৱাহাটীলৈ মই কেৱল ফুৰিবহে আহিছিলো। অসমলৈ আহি অসমৰ মানুহক মোৰ খুব ভাল লাগিল। মোকো মানুহে ইমান ভাল পালে মৰম দিলে মই আৰু অসমৰ পৰা ঘূৰি নগলো । প্ৰথমে মৰম দিয়ক তাৰ বিপৰীতে সকলোৱে আপোনাকো মৰম দিব। মই চেলুন আৰম্ভ কৰিলো মানুহেও মোৰ চেলুনলৈ আহি খুব ভাল পালে।’
ৰিয়াজ আহমেদে বহু প্ৰভাৱশালী মানুহৰো চুলি কাটিছে। বিখ্যাত সংগীতজ্ঞ,চেহনাই বাদক বিছমিল্লা খানৰো এবাৰ হেয়াৰ কাট কৰিছিল ৰিয়াজ আহমেদে।

মহম্মদ ৰিয়াজ আহমেদৰ শ্বায়েৰীও গ্ৰাহক সকলক মনোৰঞ্জন দিয়ে | তেওঁৰ শ্বায়েৰী শুনিবলৈ বিভিন্ন অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰে। ৰবীন্দ্ৰ ভৱন, অসম ৰাজ্যিক পুথিভড়াল প্ৰেক্ষাগৃহৰ লগতে বিভিন্ন সন্মিলনতো অংশগ্ৰহণ কৰি ৰাইজৰ সমাদৰো লাভ কৰিছিল ।
পৰৱৰ্তী সময়ত পিতৃৰ খোজত খোজ মিলাই এই পেছাক আগুৱাই লৈ যোৱা মহম্মদ ৰিয়াজৰ পুত্ৰ ৰাজু ৰিয়াজ গুৱাহাটীৰ এজন জনপ্ৰিয় হেয়াৰ ড্ৰেছাৰ। ৰাজুৱে ডুবাই, দক্ষিণ আফ্ৰিকাত গৈ হেয়াৰ ড্ৰেছাৰৰ প্ৰশিক্ষণো লৈ আহিছে।

এসময়ত গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম অনুষ্ঠিত আন্তঃৰাষ্টীয় ক্ৰিকেট খেলত অংশ ল’বলৈ অহা দেশী-বিদেশী ক্ৰিকেটাৰৰো চুলি কাটিছিল ৰাজুৱে।
চেলুন কেইখনৰ নামৰ সন্দৰ্ভত ৰাজু ৰিয়াজে সাংবাদিকৰ আগত কয় , “আমাৰ এই যাত্ৰাত দেউতা foundation , মই pillar সেই কাৰণে বাকীকেইখন চেলুন ৰাজু-ৰিয়াজ বুলি খুলিলো। দেউতাৰ হাত আছে ,দেউতাৰ আৰ্শীবাদ আছে । দেউতাৰ এই proffesion আগবঢ়াব লাগে। মোৰো সপোন আছিল। সপোন পূৰণ কৰিবলৈ এই যাত্ৰা অব্যাহত ৰাখিছো ।”
বৰ্তমান সময়ত গুৱাহাটীৰ উলুবাৰীত ৰাজুৱে হেয়াৰ সম্পৰ্কে প্ৰশিক্ষণ কেন্দ্ৰৰো ব্যবস্থা কৰিছে | বহুজন ব্যক্তি ইয়াৰ পৰা সফলতাৰে প্ৰশিক্ষণ লৈ আগবাঢ়িছে। ৩খনকৈ প্ৰশিক্ষণ কেন্দ্ৰত বিভিন্ন জনক ৰাজুৱে বিনামূলীয়াকৈ চুলি কটাৰ প্ৰশিক্ষণ দিয়ে।
পিতা-পুত্ৰ যুটীৰ এই সাফল্যৰ আঁৰত আছে তেওঁলোকৰ কামটোৰ প্ৰতি একাগ্ৰতা আৰু লক্ষ্যৰ দিশত আগবঢ়াৰ দৃঢ় সংকল্প। এখন কাঠৰ চকীৰ সাধাৰন চেলুনৰ পৰা ৬ খনকৈ বিলাসী চেলুনৰ গৰাকী পিতা পুত্ৰ দুয়ো এই পেছাটোত অহা সকলো পৰিৱৰ্তন কেনেদৰে মোকাবিলা কৰিব পাৰি সেই ক্ষেত্ৰত সদায়েই সচেতন। সাধাৰণ কেঁচী এখনৰ পৰা আজিৰ আধুনিক মেচিন সমূহৰ সম্পৰ্কে জ্ঞান অৰ্জন কৰি নিজকে আধুনিক কৰি ৰাখিছে | বৃদ্ধৰ পৰা যুৱলৈকে সকলোকে সন্তোষ্ট কৰিব পৰা কৌশল আছে দুয়োৰে মাজত | সেইবাবেই দুটা প্ৰজন্মৰ মাজত জনপ্ৰিয় পিতাপুত্ৰ ৰাজু-ৰিয়াজ |