''The identity quotient''

গুৱাহাটী– সমসাময়িক ১২০০ খ্ৰীষ্টাব্দৰ সময়ৰ পৰাই অসমত মুছলমান সকলৰ অৱস্থিতিৰ উমান পোৱা যায়। যিকোনো কাৰণতে যি নামাংকিত নহওঁক কিয় গড়িয়া বুলি ক’লে সাধাৰণতে সেইসকল লোকক বুজোৱা হয় যাৰ একমাত্ৰ ধৰ্মটোৰ বাহিৰে ভাষা-সংস্কৃতি , পৰম্পৰা, কথা-বতৰা ইত্যাদি সকলোবোৰ অসমৰ অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ লগত অভিন্ন। অসমৰ বহু খিলঞ্জীয়া জনগোষ্ঠীৰ তেজ গড়িয়া সকলৰ ধমনীত প্ৰবাহিত। কিন্তু দুখৰ বিষয় এই জনগোষ্ঠীটো আজি অস্তিত্বৰ সংকটত ভুগিছে।

অসমীয়া মুছলমানৰ বিষয়ে সবিশেষ বৰ্ণনা কৰি অসমৰ ডিব্ৰুগড়ৰ জাফ্ৰি মুদ্দাছৰ নফিল নামৰ লিখকজনে ” The identity quotient” নামেৰে এখন গ্ৰন্থ লিখি উলিয়াইছে। হৰ আনন্দ পাব্লিকেচনে প্ৰকাশ কৰিছে এই কিতাপখন।

জাফ্ৰি মুদ্দাছৰ নফিল

জাফ্ৰি মুদ্দাছৰ নফিল পেছাত এজন সাংবাদিক। ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা জাফ্ৰি কৰ্মসূত্ৰে থাকে দিল্লীত। এই কিতাপখনত অসমীয়া মুছলমানসকল দেশৰ বাকী সম্প্ৰদায়ৰ পৰা পৃথক। ভাৰতৰ আন অংশৰ মুছলমান সকলৰ পৰা পৃথক বুলি অভিহিত কৰিছে। লগতে অসমৰ অনুপ্ৰৱেশকাৰী মুছলমানসকলৰ পৰা পৃথক বুলি অভিহিত কৰাৰ চেষ্টা কৰিছে।

বহু শতাব্দী ধৰি ৰাজ্যত বাস কৰা মুছলমানসকলে নিজকে অসমীয়া সমাজৰ এক অবিচ্ছেদ্য অংশ বুলি বিবেচনা কৰে বুলি তেওঁ লিখিছে। কিন্তু এই সম্প্ৰদায়টোক বহুতে অবৈধ অনুপ্ৰৱেশকাৰীৰ সৈতে একত্ৰিত কৰি ‘মিঞা’ বুলি অভিহিত কৰাক লৈ লেখকে ক্ষোভ প্ৰকাশো কৰিছে।

কিতাপখনত তেওঁ এই দিশটোৰ এক উদাহৰণ দাঙি ধৰিছে: শিৱসাগৰ চহৰৰ এক সন্মানীয় মুছলিম পৰিয়াল দৌল্লাহসকলৰ পূৰ্বপুৰুষসকলে আহোম ৰজাসকলৰ শাসনকালত শিৱসাগৰৰ দ’লত নাগাৰা বজাইছিল।

সেই সময়ত, দেৱীক নৈবেদ্য হিচাপে দুৰ্গা পূজাৰ অষ্টমী দিনত জন্তু বলি দিয়া হৈছিল।

সেইসকলৰ প্ৰতি সন্মান জনাই শিৱসাগৰ দৌল উন্নয়ন সমিতিয়ে দৌল্লাহ পৰিয়াললৈ এতিয়াওঁ এটা ছাগলী দান কৰে।

লেখকে উল্লেখ কৰে যে অসমীয়া মুছলমান পৰিয়ালত প্ৰস্তুত কৰা খাদ্য, বিবাহ আৰু তেওঁলোকৰ সৈতে জড়িত বিভিন্ন ৰীতি-নীতিৰ বিষয়ে উল্লেখ কৰিছে। মৰিয়া, দেশী আৰু জোলা দৰে গোটৰ ওপৰত পৃথক অধ্যায়ও আছে, য’ত তেওঁলোকৰ আৰু ৰীতি-নীতিৰ কথা উল্লেখ কৰিছে।

লগতে তেওঁ কয় বহু বছৰ ধৰি অসমীয়া মুছলমানসকলৰ অৱদান অপৰিসীম আছিল।

“ৰাজনীতি, অসামৰিক সেৱা, সাহিত্য, কলা, শিক্ষা, চিকিৎসা বিজ্ঞান, আইন, ক্ৰীড়া, সংগীত, চলচ্চিত্ৰ আৰু মনোৰঞ্জন হওঁক সকলো ক্ষেত্ৰতে অসমীয়া মুছলমান সকলে উৎকৃষ্ট প্ৰদৰ্শন কৰিছে। অসমৰ সাংস্কৃতিক ক্ষেত্ৰতো ‘জিকিৰ- জাৰি’ অৱদান অসীম।

আজান পীৰৰ বিষয়েও কিতাপখনত বিস্তৃতভাৱে উল্লেখ কৰিছে। কেনেকৈ বছৰ বছৰ ধৰি তেওঁ ভাতৃত্ববোধ কঢ়িয়াই আনিবলৈ আৰু শ্ৰীমন্ত শংকৰাদেৱৰ দ্বাৰা অনুপ্ৰাণিত হৈ অসমত এক আধ্যাত্মিকতাৰ আদৰ্শ হৈ পৰিছিল। আজান পীৰৰ প্ৰাথমিক লক্ষ্য আছিল মুছলমানসকলক ভক্তি আৰু প্ৰাৰ্থনাৰ জৰিয়তে ঈশ্বৰৰ ফালে লৈ যোৱা আৰু সমন্বয় আৰু ভাতৃত্বৰ বিষয়ে জাগ্ৰত কৰা। তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম, বৰগীতৰ দ্বাৰা বহুত প্ৰভাৱিত হৈছিল।

বাহাদুৰ গাওঁবুঢ়াৰ মুছলমান সকললৈ থকা অৱদানৰ বিষয়ো তেওঁ কিতাপখনত পৰিস্কাৰ ভাৱে দৰ্শাইছে। বাহাদুৰ গাওঁবুঢ়া মণিৰাম দেৱানৰ অন্যতম মুখ্য সহযোগী আছিল যি আহোম ৰজা কন্দৰ্পেশ্বৰ সিংঙৰ শাসনকালত ১৮৫৭ চনত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল। ১৮১৯ চনত জন্ম গ্ৰহণ কৰা তেওঁ আখৰ কটিয়া পৰিয়ালৰ আছিল যি শিলা লিপি খোদিত কৰিছিল। বাহাদুৰ গাওঁবুঢ়া ৰজা পুৰন্দৰ সিংহাৰ ৰাজত্বকাল ধৰি গাওঁৰ মুৰব্বী আছিল। বাহাদুৰ গাওঁ বুঢ়াই যোৰহাট আৰু দাঁতি কাষৰীয়া অঞ্চলৰ লোকসকলৰ মাজত, বিশেষকৈ মুছলমানসকলৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল।

আৰু সেয়েহে দেৱানৰ দ্বাৰা মুছলিম সম্প্ৰদায়ৰ মাজত সমৰ্থন একত্ৰিত কৰাৰ গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব দিয়া হৈছিল। তেওঁ ব্ৰিটিছ সেনাত বিহাৰ আৰু উত্তৰ প্ৰদেশৰ কিছুমান সৈনিকৰ সৈতে সশস্ত্ৰ বিদ্ৰোহৰ বাবে অস্ত্ৰ আৰু গোলাবাৰুদ ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

তেওঁৰ মৃত্যুৰ পাছত যোৰহাটৰ নিউ বালিবাট মছজিদৰ ভিতৰত থকা তেওঁৰ সমাধিত এইদৰে লিখা আছে “অধীনস্থ হিচাপে বছৰ বছৰ ধৰি বাস কৰাৰ পৰিৱৰ্তে; মুক্ত ভাৱে উশাহ লোৱা আৰু মোৰ স্বতন্ত্ৰ দেশত মৃত্যু হোৱাটোৱে বহুত ভাল।”

লগতে কিতাপখনত বাঘ হাজাৰিকাৰ বিষয়েও উল্লেখ কৰিছে।শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকা এজন মুছলমান হোৱাৰ স্বত্ত্বেও অসমী আইক মোগলৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ কেনেদৰে যুঁজ কৰিছিল সেই বিষয়েও সবিশেষ উল্লেখ আছে।

অসমৰ প্ৰতি অশেষ অৱদান থকা এইসকল খিলঞ্জীয়া অসমীয়া মুছলমানসকলে এতিয়া পৰিচয় সংকটৰ সন্মুখীন হৈছে। এই থলুৱা সম্প্ৰদায়ক অবৈধ অনুপ্ৰৱেশকাৰী ‘মিঞা’ বুলি অভিহিত কৰা হৈছে।

কিন্তু বহু বছৰ বছৰ ধৰি হিন্দু-মুছলমানৰ একতাৰ এক নিদৰ্শনৰ উদাহৰণ হিচাপে অসম সাক্ষী আছে।

এই খিলঞ্জীয়া জাতিটোৰ হেৰাই যোৱা অস্তিতক পুনৰোজ্জীৱিত কৰি লেখক জাফ্ৰি নফিলে কিতাপখনৰ যোগেৰে ৰাইজৰ সন্মুখত তুলি ধৰাৰ প্ৰয়াস কৰিছে।

এই কিতাপখন অনলাইন যোগেও পাঠকে ক্ৰয় কৰিব পাৰিব। এমাজনতো এই কিতাপখন উপলব্ধ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply