নিউজ ডেস্ক- এটি এটি পল-অনুপলকৈ অতীতক স্মৃতি কৰি গুচি যাবলৈ সাজু ২০২০ বৰ্ষ। মাত্ৰ কেইটামান ক্ষণৰ পাছতেই মেলানি মাগিব ২০২০ বৰ্ষই। এখোজ- দুখোজকৈ পদূলিৰ মুখ পালে আহি এটি নতুন বৰ্ষই। এবুকু নতুন আৱেগ, নতুন আশালৈ সকলো ৰৈ আছে নতুন বছৰটিক আদৰিবলৈ। কাৰো বাবে সুখকৰ নহ’ল ২০২০ বৰ্ষটো। এই বৰ্ষত পাৰ হৈ যোৱা কিছু ক্ষণ সকলোৰে জীৱনৰ মানসপটৰ পৰা কোনো কাহানিওঁ মছি নাযায়। এই বৰ্ষই ‘টুৱেন্টি- টুৱেন্ট’ যেন খেলিলে জনসাধাৰণৰ লগত। কি পালে কি হেৰুৱালে, পোৱা – নোপোৱাৰ মাজতেই পাৰ হ’ল ২০২০ ।
২০২১বৰ্ষৰ দুৱাৰদলিত ভৰি থোৱাৰ আগতেই এবাৰ ঘূৰি চাওঁ আহক ২০২০ৰ পাৰ হৈ যোৱা সময়বোৰ-
২০২০ বৰ্ষটি কোনেওঁ পাহৰিব নোৱাৰা এটি বৰ্ষ। এই বৰ্ষটোৰ আৰম্ভনিতেই নিজ মাতৃভূমিতেই অসমীয়াই যুঁজিব লগা হৈছে নিজৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম। ১৯৭১চনৰ মাৰ্চলৈকে অসমত অবৈধভাৱে অনুপ্ৰৱেশ কৰা বাংলাদেশীক অসম চুক্তিয়ে অসমীয়াৰ ওপৰত জাপি দিলে বাংলাদেশীৰ বোজা। ২০১৯চনৰ ১১ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইনখন সংসদত গৃহীত হোৱাৰ পিছতেই প্ৰতিবাদৰ জুইয়ে ছানি ধৰে সমগ্ৰ দেশ। এই আন্দোলনত আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাই পাঁচজনকৈ নিৰীহ অসমীয়াই।

‘কা’ আন্দোলন চলি থকাৰ মাজতেই আকৌ বিভীষিকাৰ সৃষ্টি কৰে বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰোণা ভাইৰাছে।
কৰোণা ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বৰ লগতে ভাৰতবাসীয়ো লক ডাউনৰ বাবে প্ৰায় আঠমাহমান সময় ঘৰৰ ভিতৰতেই কটাবলগীয়া হৈছে। কৰোণা ভাইৰাছত বিশ্বৰ আন প্ৰান্তৰ লগতে ভাৰতবৰ্ষতো লাখ লাখ লোকে প্ৰাণ হেৰুৱালে।

২০২০ বৰ্ষটোত কোৰোনাৰ প্ৰভাৱ অৰ্থনীতিৰ ক্ষেত্ৰতো পৰিছে।ইন্টাৰনেশ্যনেল মানীটেৰী ফাণ্ড চমুকৈ আইএমএফৰ ২০২০ৰ অক্টোবৰত প্ৰকাশ কৰা এক সমীক্ষা অনুসৰি কোৰোনা ভাইৰাচৰ ফলত ভাৰতীয় অৰ্থনীতিত এই বৰ্ষত ১০.৩ শতাংশ হ্ৰাস পোৱাৰ অনুমান ব্যক্ত কৰা হৈছে।
অৰ্থনীতিৰ লগতে শিক্ষা খণ্ডতো এই প্ৰভাৱ পৰা দেখা পোৱা গৈছে। কৰোণাই সম্পূৰ্ণ এটা শিক্ষাবৰ্ষই নষ্ট কৰি পেলালে। শিক্ষাৰ্থীসকলে লাভ কৰিলে অনলাইন ক্লাছ। স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰ অধিক বুজিবলৈ এক সুযোগ লাভ কৰিছে যদিও যিসকলৰ বাসগৃহত নাই লেপট’প বা এন্ড্ৰইড ম’বাইল তেওঁলোকে কিন্তু বহু পিছ পৰি ৰ’ল পাঠগ্ৰহণৰ ক্ষেত্ৰত। পিছে লকডাউনে সমগ্ৰ বিশ্বৰ লগতে অসমকো প্ৰযুক্তিৰ দিশত আগুৱাই লৈ গ’ল।

ইয়াৰ মাজতে ২০২০বৰ্ষৰ ২৭ মে’ত বাঘজানৰ ৫নং তৈলখাদত গেছ নিৰ্গমণৰ ফলত ঘটা অগ্নিকাণ্ডৰ ফলত গোটেই অঞ্চলজুৰি বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে তৈলক্ষেত্ৰত কাম কৰা কেবাজনো কৰ্মচাৰীয়েও প্ৰাণ হেৰুৱায়। প্ৰায় পাঁচমাহ ধৰি জ্বলি থকা এই জুই ৪ নৱেম্বৰত নিৰ্বাপিত হয়।
এই বৰ্ষৰে ২৩ নৱেম্বৰত অসমবাসীয়ে হেৰুৱালে অসমৰ প্ৰাক্তণ মুখ্য়মন্ত্ৰী তৰুণ গগৈক।
বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বেই ২০২০ বৰ্ষত বিটিচি নিৰ্বাচনৰ লগতে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈ যায়। বিচিআৰ নিৰ্বাচনত শাসক পক্ষই যোগ দিলে জনতাৰ বিৰুদ্ধে। এই নিৰ্বাচনত হাৰিল বিচিআৰৰ জনতা আৰু জিকিল শাসক পক্ষ।
ইয়াৰ মাজতে এই বৰ্ষতে ৰাজনৈতিক পটভূমিতো আত্মপ্ৰকাশ ঘটিল দুটাকৈ ৰাজনৈতিক দলৰ। এটা হৈছে অসম জাতীয় পৰিষদ আৰু আনটো ৰাইজৰ দল। অসম জাতীয় পৰিষদৰ পৃষ্ঠপোষক হৈছে আছু আৰু আনটো দলৰ হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি।
২০২০ বৰ্ষটো অসমীয়াৰ অমীমাংসিত হৈ ৰোৱা বছৰ। অসম চুক্তিৰ আধাৰত ৰক্ষাকৱচ প্ৰদানৰ দাবী কৰি অহা সত্ত্বেও অসমবাসীয়ে নাপালে সাংবিধানিক ৰক্ষা কৱচ। ‘কা’ বিৰোধী আন্দোলন দুৰ্বল কৰাৰ ষড়যন্ত্ৰৰে অসমীয়া জাতিৰ সুৰক্ষা কৱচৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে। কিন্তু অসম চুক্তিৰ ৬নং দফাই প্ৰদান কৰা ৰক্ষা কৱচ অসমবাসীয়ে কেতিয়া পাব? এইটো এটা অনিশ্চয়তাৰে ভৰা প্ৰশ্ন হৈ ৰ’ল অসমবাসীৰ মাজত।

বহু জল্পনা-কল্পনাৰ মাজতেই আৰম্ভ হৈছিল ২০২০বৰ্ষটো। পিছে এটাৰ পিছত আন এটা কালিকা লগা সময়ে থানবান কৰি গ’ল জনসাধাৰণক। সকলোৱে আশাৰে বাট চাই ৰৈছে অনাগত নতুন দিনলৈ। এতিয়া মাথো অপেক্ষা এটি নতুন প্ৰভাতৰ।