গুৱাহাটী– মাউথ অৰ্গেনটো এবাৰ চুই চাবলৈয়ো বহুত হাৱিয়াস জাগিছিল। মাজে মাজে এবাৰ চুই চাইছিল। গালি দিব বুলিও বহুত ভয় খাইছিল। কেতিয়াবা ফু মাৰিও চাইছিল। মনৰ মাজত কঢ়িয়াই লৈ ফুৰিছিল সেই দুৰ্বাৰ হাবিয়াস। অৱশেষত এদিন বন্ধুক বিচাৰিয়েই দিলে। কিন্তু বন্ধুৱেও মাউথ অৰ্গেনটো দিবলৈ অস্বীকাৰ কৰিলে। পিছত ২০টকা মূল্য়ৰ এটা মাউথ অৰ্গেন কিনি পেলালে যদিও সেইটোৰ সুৰ দিবলৈ সিমান সুবিধাজনক নাছিল। শেষত ৮০ টকাৰে চীনা কোম্পানীৰ এটা মাউথ অৰ্গেন ক্ৰয় কৰি দিবলৈ গৈছিল। এইজন লোকেই হৈছে অসমৰ এজন জনপ্ৰিয় শিল্পী নিমাই দাস।

নিমাই দাসৰ নলে-গলে লগা বন্ধু ৰবীন ইংতিয়ে খুব ধুনীয়াকৈ মাউথ অৰ্গেন বজাইছিল। তেতিয়াৰ পৰাই মাউথ অৰ্গেন বজোৱাৰ হেপাহ এটি মনৰ কোনোবা এটি কোণত জাগ্ৰত হৈছিল। গুৱাহাটীৰ পাণ্ডুৰ এই শিল্পীজনে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কঢ়িয়াই লৈ গৈছিল মাউথ অৰ্গেনৰ সুৰ। কলিকতা,গোৱা, মুম্বাই , দিল্লী অদি বহু ঠাইতো মাউথ অৰ্গেন বজাই জনগণক আপ্লুত কৰিছিল। ১৯৭০ চনৰ পৰাই মাউথ অৰ্গেন বজোৱা আৰম্ভ কৰিছিল। অল ইণ্ডিয়া ৰেডিঅ’ত অডিচন পাছ কৰি তাত মাউথ অৰ্গেন বজোৱা শিল্পী হিচাপেও কাম কৰিছিল। শিল্পী নিমাই দাস বিভিন্ন সমাজ সেৱাৰ কামৰ লগতো জড়িত আছিল। সমাজসেৱাৰ লগত ব্ৰতী থকাৰ বাবে তেওঁক ২০১৮ চনত ৰাষ্ট্ৰপতি পুৰস্কাৰেয়ো সন্মানিত কৰিছিল।

ৰক্তদান, গছপুলি ৰোপনৰ দৰে সমাজসেৱাৰ লগত জড়িত কাম তেওঁ কৰিছিল। দুঃসাহসিক অভিযানৰ লগতো জড়িত আছিল নিমাই দাস। ২বাৰকৈ ব্ৰহ্মপুত্ৰ সাতুৰিয়ো পাৰ হৈছিল। কেইবাবাৰো আত্মহত্য়া কৰিবলৈ ব্ৰহ্মপুত্ৰত জাঁপ দিয়া লোককো তেওঁ জীৱন ৰক্ষা কৰিছিল।

আজৰি সময়ত ভ্ৰমণ কাহিনী, আধ্য়াত্মিক কিতাপ পঢ়ি ভাল পাই নিমাই দাসে। মাজে মাজে সময় উলিয়াই মাউথ অৰ্গেনটোতো ফু মাৰে।

মাউথ অৰ্গেন বজালে বহুতৰে হাৰ্টৰ অসুখ হয় বুলি এটা ভ্ৰান্ত ধাৰণা মানুহৰ মাজত চলি আহিছে। এই সন্দৰ্ভত ইষ্ট ম’জ’ অসমৰ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় ‘’মাউথ অৰ্গেন বজালে হাৰ্টৰ অসুখ নহয় বৰং হাৰ্ট শক্তিশালীহে কৰে।’’

কিন্তু বৰ্তমান সময়ত দেখা যায় সময়ৰ সোঁতৰ লগে লগে এই বাদ্য়যন্ত্ৰটো হেৰাই যাবলৈ ধৰিছে। এই বাদ্য়যন্ত্ৰটো দেখিবলৈ নোহোৱা হৈ পৰিছে। ইয়াৰ লগে লগে এই শিল্পীসকলো হেৰাই যাবলৈ ধৰিছে। এই সন্দৰ্ভত নিমাই দাসে কয় ‘’এই শিল্পী সকলে বাদ্য়যন্ত্ৰটো বজোৱাৰ বাবদ যিমান মাননি বাবদ পাব লাগে সিমান নাপাই । আনকি স্থানীয় ঠাইবোৰতো অনুষ্ঠান পৰিৱেশন কৰিবলৈ ৰাইজে সুযোগ নিদিয়ে । ফলত শিল্পীসকলে আগুৱাই যাবলৈ সুবিধা নাপায়।

৭২বছৰীয়া অসাধাৰণ প্ৰতিভাৰ গৰাকী এই শিল্পীজনে বিভিন্ন মঞ্চত গীত পৰিবেশন কৰি বাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে।

এবাৰ ভূপেন হাজৰিকাৰ সমাধিস্থলীত এক অনুষ্ঠনত মাউথ অৰ্গেনত গীত পৰিৱেশন কৰি থাকোতে দুজন জনপ্ৰিয় ছাউণ্ড ইঞ্জিনিয়াৰে উঠি আহি তেওঁক প্ৰশংসাৰে উপচাই পেলাইছিল।

নিমাই দাসে অসমৰ বিভিন্ন মঞ্চত মাউথ অৰ্গেনৰ সুৰেৰে একাত্ম কৰি তুলিছিল ৰাইজক। এইদৰেই মাউথ অৰ্গেনৰ সুৰে সুৰে চিৰদিন বহ্নিমান হৈ থাকক নিমাই দাসৰ মনৰ হাবিয়াসবোৰ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply