ৰংমন দাস || ‘অগ্নিপথত ভাৰত’। আজি বিহাৰৰ পৰা অজস্ৰ সৰু সৰু ভিডিঅ’ ক্লিপত সেয়াই প্ৰতিপন্ন হৈছে। আজি বিহাৰ কিম্বা উত্তৰ প্ৰদেশ, ঝাৰখণ্ড। সমগ্ৰ ৰাজ্যকেই যেন জ্বলাই চাৰখাৰ কৰি দিয়াৰ দিশে আগবাঢ়িছে। কোনোবাই চিঞৰি চিঞৰি কেমেৰাৰ সমূখতে কৈছে – চৰকাৰ নেহী মানেংগে তো আতংকবাদী বন জায়েংগে হম। কোনোবাই কৈছে TOD হটাও, ৱৰনা চাৰা দেশ জ্বলাকে ৰাখ কৰ দেংগে। এতিয়া এমুঠি যুৱকে তিনিখনকৈ ৰাজ্যৰ এই অৱস্থা কৰিছে। কাইলৈ ৪৬০০০ যুৱকৰ ৭৫ শতাংশ যুৱক অস্ত্ৰ প্ৰশিক্ষিত হৈ যেতিয়া নিবনুৱা হৈ উভতি আহিব, তেতিয়াও যদি এনে পন্থা হাতত লয়, কি হ’ব দেশৰ অৱস্থা! ইয়াত দেখা টুইটত সংলগ্ন ভিডিঅ’বোৰ মূল কাৰণটোৱেই হৈছে অগ্নিপথ।

কেন্দ্ৰীয় চৰকাৰে দেশৰ সেনাবাহিনীৰ তিনিটা সেৱাত সৈনিক নিয়োগৰ বাবে এক নতুন আঁচনি ঘোষণা কৰিছিল। অগ্নিপথ। এই অগ্নিপথেই অগ্নিবীৰ নিৰ্মাণ কৰিবলৈ বিচাৰিছিল। কিন্তু অগ্নিপথ ঘোষণাৰ পিছৰ দিনটোৰ পৰাই দেশত জুই জ্বলিছে। কেৱল বিক্ষোভৰ জুই বা প্ৰতিবাদৰ জুই নহয়, সঁচাকৈ জুই জ্বলিছে।

অসমত এতিয়াও অগ্নিপথে প্ৰতিবাদৰ জোৱাৰ দেখা নাই। চৌপাশে বানপানী বাবে। অগ্নিপথে উত্তৰ-পূৱৰ বাহিৰে সমগ্ৰ ভাৰততে জুই জ্বলাইছে। অসমৰ পৰিপ্ৰেক্ষিততো এই বিষয় তেনেই স্পৰ্শকাতৰ। প্ৰতিবছৰে অসমৰ, বিশেষকৈ গ্ৰামাঞ্চলৰ পৰা বুজনসংখ্যক যুৱকে ভাৰতীয় সেনাত যোগদান কৰে। আপোনাৰ ঘৰৰ কাষৰে বহু কিশোৰোত্তীৰ্ণ যুৱকে ভাৰতীয় সেনাবাহিনীত যোগ দিয়াৰ সপোন লৈ দিনে নিশাই কষ্ট কৰি থকা আপুনিও দেখিছে। আপুনি শোৱা-পাটি এৰাৰ পূৰ্বেই সিঁহতে কঠোৰ অনুশীলন কৰি সাজু হৈছে, সেনাত ভৰ্তি হব, দেশৰ সেৱা কৰিব। কিন্তু সেই সপোন ভৰিৰে মোহাৰিবলৈ সাজু হৈছে কেন্দ্ৰ চৰকাৰ। এতিয়াও ভাৰতীয় সেনাত ১ লাখৰো অধিক পদ খালী থকা সত্ত্বেও চৰকাৰে বিচাৰিছে, এতিয়া অগ্নিবীৰ প্ৰস্তুত কৰিব, দেশৰ কোটি কোটি টকা ৰাহি কৰিব।

দৰাচলতে, স্থলসেনা, নৌ সেনা আৰু বায়ু সেনাত অগ্নিপথ আঁচনিৰ অধীনত ‘অগ্নিবীৰ’ৰ নিযুক্তি ঘোষণা কৰা মাত্ৰকে দেশজুৰি সেনাত যোগদানৰ সপোন দেখা হাজাৰ হাজাৰ প্ৰাৰ্থী ক্ষোভত ফাটি পৰিছে। এই আঁচনিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে হেজাৰ হেজাৰ যুৱক। সংক্ষেপতে ‘অগ্নিপথ আঁচনি’ ভুমিষ্ঠ হৈয়েই এক বহুল বিতৰ্কত আৱদ্ধ হৈ পৰিল।

কি এই সমগ্ৰ ঘটনা?

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ১৪ জুনত ‘অগ্নিপথ’ নামৰ এখন আঁচনি আৰম্ভ কৰাৰ কথা ঘোষণা কৰি কৈছিল যে এই আঁচনিৰ অধীনত সেনাত ভৰ্তি হব বিচৰা যুৱকসকলক চাৰি বছৰৰ বাবে সশস্ত্ৰ বাহিনীত নিযুক্তি দিয়া হ’ব। আৰু এই লোকসকলক ‘অগ্নিবীৰ’ বুলি কোৱা হ’ব। কেৱল ১৭ ৰ পৰা ২১ বছৰ বয়সৰ যুৱক-যুৱতীয়েহে অগ্নিপথত আবেদন কৰিব পাৰিব। অৱশ্যে প্ৰতিবাদৰ জোৱাৰ দেখি উৰ্ধ্বতম বয়স ২৩ লৈ বৃদ্ধি কৰিছে চৰকাৰে। কিন্তু অতি পৰিতাপৰ বিষয়টো হৈছে, কাৰ্যকালৰ চাৰি বছৰৰ পিছতে, এই সশস্ত্ৰ বাহিনীৰ ৭৫ শতাংশ লোককে ঘৰলৈ প্ৰেৰণ কৰা হ’ব। বাকী ২৫ শতাংশইহে লাভ কৰিব স্থায়ী নিযুক্তি। অৱশ্যে, ইয়াৰ বাবেও বিভিন্ন নিয়ম থাকিব।

কিয় দেশজুৰি আৰম্ভ হৈছে বিদ্ৰোহ

বিগত দুটা বছৰ ধৰি ক’ভিডৰ বাবে সেনাৰ নিযুক্তি স্থগিত ৰখা হৈছিল। ক’ভিডৰ ত্ৰাস হ্ৰাস পোৱাৰ লগে লগে সেনাত যোগদানৰ সপোন দেখি থকা লাখ লাখ যুৱকে আশা কৰিছিল যে চৰকাৰে শীঘ্ৰেই পুনৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব, কিন্তু কাৰ্যতঃ এনে নহ’ল। আৰু তাৰ পৰিৱৰ্তে, চৰকাৰে লৈ আহিল অগ্নিপথ।

প্ৰাৰ্থীসকলৰ মাজত অসন্তুষ্টিৰ কাৰণবোৰ কি?

১. চাৰি বছৰীয়া চাকৰি?

কোকৰাঝাৰৰ মায়াৰাম বড়োৱে ক’ভিডৰ আগে আগে ভাৰতীয় সেনাত চাকৰি পালে। জিলাখনৰ পৰা পূৰ্বেও বহু যুৱকে ভাৰতীয় সেনাত চাকৰি লাভ কৰিছে। সেই পদাংক অনুসৰণ কৰিয়েই বহু যুৱকে অনুশীলন অব্যাহত ৰাখিছে। পিছে, মায়াৰামহঁতৰ অনুজহঁতে এতিয়া জানিবলৈ পাইছে যে আৰ্মিৰ চাকৰি এতিয়াৰ পৰা চাৰিবছৰীয়াহে হ’ব। বহু কষ্ট কৰি চাকৰি এটা পোৱাৰ মাত্ৰ চাৰি বছৰ পিছতে কাৰ্যকাল শেষ হৈ যোৱাৰ পিছত তেওঁলোকে কি কৰিব? আকৌ চাকৰি বিচৰাৰ এক সংগ্ৰামত নামি পৰিব লাগিব নেকি? তেন্তে এক অনিশ্চিত ভৱিষ্যতৰ কথা জানিও আগবাঢ়ি আহিব নে অগ্নিবীৰ হ’বলৈ?

২. পেঞ্চনো নাথাকিব এই চাকৰিত

চাৰি বছৰৰ সেৱা সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকে কি কৰিব তাক লৈও শিক্ষাৰ্থীসকলৰ মাজত শংকা ঘণীভূত। বহু প্ৰাৰ্থীয়ে আমাক জনোৱা মতে এই আঁচনিখনৰ অধীনত পেঞ্চন আৰু গ্ৰেচুইটি নাথাকে। প্ৰাৰ্থীসকল পতিয়ন গৈছে যে চাৰে ১৭ বছৰৰ ভিতৰত, তেওঁলোক ‘অগ্নিবীৰ’ হ’ব, কিন্তু এনে শিক্ষাৰ্থীসকলৰ কোনো পেছাদাৰী ডিগ্ৰী বা কোনো বিশেষ অৰ্হতা নাথাকিব, এনে পৰিস্থিতিত, তেওঁলোকে কাৰ্যকাল শেষ হোৱাৰ পিছত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি ল’বলৈ বাধ্য হ’ব।

৩. দুবছৰ ধৰি বন্ধ হৈ আছে নিযুক্তি,

যিসকল যুৱকে সেনাবাহিনীত ভৰ্তি হোৱাৰ সপোন পুহি থাকোতেই ২৩ বছৰ অতিক্ৰম কৰিলে তেওঁলোকে কি কৰিব? কোভিডৰ বাবে নিযুক্তি দুবছৰৰ বাবে বন্ধ ৰখা হৈছিল আৰু এতিয়া চৰকাৰে কৈছে যে অগ্নিপথ আঁচনিৰ অধীনত যোগদান কৰোৱা হ’ব। তুমুল প্ৰতিবাদ দেখি চৰকাৰে উৰ্ধ্বতম বয়স ২৩ বছৰ কৰিছে যদিও ২৩ বছৰ অতিক্ৰম কৰাসকলৰ বাবে সেনাত ভৰ্তি হোৱাৰ সপোন চিৰকালৰ বাবে শেষ হৈ গ’ল। আৰু এই বয়স অতিক্ৰম কৰা যুৱক সকলৰ বাবে কোনো ৰেহাই দিয়া হোৱা নাই।

৪. চাকৰিৰ পিছত কি কৰিব?

অগ্নিপথ আঁচনিৰ যোগেদি দেশৰ ব্যক্তিগত সুৰক্ষা উদ্যোগটোক লাভান্বিত কৰাৰ এক চক্ৰান্ত কৰা হৈছে নেকি? এই কোমল বয়সৰ যুৱকসকলে সেনাৰ প্ৰশিক্ষণ লাভ কৰি কাম কৰাৰ চাৰি বছৰৰ পিছত যেতিয়া তেওঁলোক সেনাৰ পৰা ওলাই আহিব তেতিয়া তেওঁলোকৰ দক্ষতা আৰু প্ৰশিক্ষণ ক’ত প্ৰয়োগ কৰিব? ইয়াৰ বাবে কি পৰিকল্পনা হাতত লৈছে চৰকাৰে, তাৰ কোনো স্পষ্ট দিশ উল্লেখ নাই। এনে পৰিস্থিতিত তেওঁলোকৰ বাধ্যবাধকতাৰ সুযোগ গ্ৰহণ কৰিব ব্যক্তিগত সুৰক্ষা উদ্যোগটোৱে। তথ্য অনুসৰি বিজেপি চৰকাৰৰ আশীষধন্য এগৰাকী উদ্যোগপতিয়ে আৰম্ভ কৰিবলৈ লৈছে বিশ্বজুৰি সেৱা আগবঢ়াব পৰা ব্যক্তিগত সুৰক্ষাকৰ্মী যোগান ধৰা এক এজেন্সী। এনে উদ্যোগপতিক প্ৰকাৰন্তৰে সহায় কৰাৰ এক ভয়ংকৰ চক্ৰান্ত নেকি এই অগ্নিপথ। অন্যথা দেশৰ অগ্নিবীৰ এদিন থাকিব লাগিব কোনো ধনাঢ্যৰ দুৱাৰ ৰখীয়া হৈ কিম্বা ক’ৰবাত বেংকৰ এটিএম ৰখীয়া হৈ।

৫. সেনাবাহিনীত ১ লাখৰো অধিক পদ খালী, তেন্তে কিয় এই আঁচনি

সম্প্ৰতি সেনাবাহিনীত প্ৰায় ১.৫ লাখ খালী পদ আছে, তথাপি তিনি বছৰ ধৰি চৰকাৰে নিযুক্তি প্ৰক্ৰিয়া চলোৱা নাছিল। এতিয়া অগ্নিপথ আঁচনিৰ অধীনত চলিত বৰ্ষতে ৪৬,০০০ যুৱকক তিনিওটা বাহিনীত অন্তৰ্ভুক্ত কৰাৰ যো-জা চলাইছে কেন্দ্ৰ চৰকাৰে। চৰকাৰৰ ব্যয় সংকোচনৰ পদক্ষেপ হিচাপে এই আঁচনিয়ে যথেষ্ট ফলপ্ৰসূ বিবেচিত হ’ব বুলি  উল্লেখ কৰা হৈছে। পিছে যিখন দেশত এবাৰ মন্ত্ৰী বিধায়ক হ’লেও, এবাৰ সাংসদ হ’লেও পেঞ্চনকে ধৰি বছৰ বছৰ ধৰি চৰকাৰী সা-সুবিধা ভোগ কৰি থাকে, সেইখন দেশৰ চৰকাৰে ব্যয় সংকোচনৰ বাবে সেনাবাহিনীত ৪ বছৰৰ মকৰল ব্যৱস্থা আনে। নাম দিয়ে ফিল্মী – অগ্নিপথ কিম্বা অগ্নিবীৰ।

কি এই Tour of Duty?

কেন্দ্ৰীয় চৰকাৰে সেনা বাহিনীত নিযুক্তিৰ বাবে ঘোষণা কৰা নতুন প্ৰক্ৰিয়াটোৰ নাম যদিও অগ্নিপথ ৰখা হৈছে, দৰাচলতে এই ধাৰণাটোক ট্যুৰ অফ ডিউটি বুলি কোৱা হয়। য’ত মানুহক এটা সময়ৰ বাবে সেনাত অন্তৰ্ভুক্ত কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ বায়ু সেনাৰ পাইলটসকল মানসিক চাঁপত থকাৰ সময়ত কৰ্তব্য ভ্ৰমণৰ এই ধাৰণাটো অনা হৈছিল। ঢাক-ঢোল বজোৱাৰ দৰে এয়াই প্ৰথম নহয়।

প্ৰান্তত – চাৰি বছৰে সশস্ত্ৰ কৰ্মী হিচাপে প্ৰশিক্ষিত হৈ, ভাল দৰমহা পোৱাৰ এক অভ্যাস লৈ যৌৱনৰ মাজ বয়সতে যেতিয়া সংস্থাপনহীন হৈ পৰিব, বা পুনৰ সংস্থাপনৰ বাবে সংগ্ৰাম কৰিব লাগিব, অথবা হাতলৈ ধন অহাৰ পথ হঠাতে যেতিয়া নাইকিয়া হৈ পৰিব, তেতিয়া এই যুৱশক্তিয়ে যদি ভুল পথ গ্ৰহণ কৰে, যদি এই হেজাৰ হেজাৰ যুৱকে সশস্ত্ৰ শক্তিৰ অভিজ্ঞতা আন কামত ব্যৱহাৰ কৰিবলৈ বাধ্য হয়, তেতিয়া তাৰ সমাধান সূত্ৰ কিন্তু এই চৰকাৰৰ হাতত নাথাকিব।   

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply