ইষ্টম'জ' অসম
ইষ্টম'জ' অসম

শিৱসাগৰঃউত্তৰ-পূবৰ নগা জনগোষ্ঠীৰ কন্যাক জনগোষ্ঠীৰ লোকসকলে পালন কৰা এক কৃষিভিত্তিক উৎসৱ হৈছে আওলিং উৎসৱ।

নাগালেণ্ডৰ মন জিলাৰ কন্যাক গোষ্ঠীৰ অধিবাসীসকলৰ ই এক প্ৰধান উৎসৱ।

প্ৰতি বছৰে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত কন্যাক সকলে আওলিং উৎসৱ উদযাপন কৰে।

আওলিং উৎসৱ যিহেতু কৃষিভিত্তিক উৎসৱ গতিকে এই উৎসৱৰ জৰিয়তে বসন্তৰ আগমনক উদযাপন কৰাৰ লগতে কৃষি, শস্য সম্ভৱা হোৱাৰ বাবে প্ৰাৰ্থনা কৰা হয় ।

ঝুম খেতি আৰম্ভ কৰাৰ প্ৰাকমুহুৰ্তত এই উৎসৱ পালন কৰা হয় ।

ছদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা এই উৎসৱত কন্যাক জনগোষ্ঠীয় লোকসকলে পৰম্পৰাগতভাৱে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে উৎসৱৰ আনন্দ লয়।

এই উৎসৱৰ আন এক আকৰ্ষণ হ’ল বন্দুকৰ গুলীবৰ্ষণ।

কন্যাক নগাসকলে পৰম্পৰাগত মূৰ চিকাৰৰ বাবেই যিহেতু প্ৰখ্যাত সেয়েহে প্ৰতীকী অৰ্থত বন্দুক ফুটুৱাই তেওঁলোকৰ পৰম্পৰা ৰক্ষা কৰে ।

লগতে কন্যাক সকলে বিভিন্ন ৰং-বিৰঙৰ সাজ-পাৰ পৰিধান কৰি কন্যাক সকলৰ নিজস্ব নৃত্য-গীত প্ৰদৰ্শন কৰে।

এই উৎসৱত পৰম্পৰাগত খাদ্য সম্ভাৰ, চাউলৰ পৰা সুৰা প্ৰস্তুত কৰি সমূহীয়াকৈ সকলোৱে ভোজভাত খোৱাৰো আনন্দ লয়।

 চলিত বছৰ নাগালেণ্ডৰ মন জিলাৰ টিজিতত কন্যাক সকলে ৰাজহুৱাভাৱে উদযাপন কৰিলে আওলিং আওলিং উৎসৱ ।

মঙলবাৰে এই উৎসৱৰ সামৰণি পৰে।

আৰু পঢ়কঃ টকিঅ’ অলিম্পিকত উত্তৰ কোৰিয়াই অংশগ্ৰহন নকৰাৰ সিদ্ধান্ত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply