দীপক কুমাৰ দাস: চিকিৎসা বিজ্ঞানত প্ৰযুক্তিৰ প্ৰয়োগ দ্ৰুত গতিত বৰ্ধিত হৈ আছে। প্ৰযুক্তিৰ প্ৰয়োগে মানৱ জীৱনলৈ অভাৱনীয় পৰিবৰ্তন আনিছে। জটিল ৰোগ চিনাক্তকৰণত প্ৰযুক্তিৰ সহায় লোৱা আৰু জটিল ৰোগৰ চিকিৎসাত প্ৰযুক্তিৰ সফল প্ৰয়োগ হোৱা।
শেহতীয়াকৈ জটিল ৰোগ ডিমেনচিয়া চিনাক্তকৰণত অত্যাধুনিক প্ৰযুক্তি অৰ্থাৎ এ আই ছুপাৰকম্পিউটাৰ প্ৰয়োগ পৰীক্ষণ আৰম্ভ কৰিছে। প্ৰধানত কৃত্ৰিম বুদ্ধিমত্তা(আৰ্টিফিচিয়েল ইনটেলিজেন্স চমুকৈ এ আই)ৰ জৰিয়তে ডিমেনচিয়া ৰোগ ধৰা পেলোৱাৰ পৰীক্ষণ চলি আছে।
গুৰুত্বপূৰ্ণ যে এই পদ্ধতিৰে ডিমেনচিয়া ৰোগত আক্ৰান্ত হোৱাৰ পূৰ্বে ধৰা পেলাব পাৰিব।ডিমেনচিয়া ৰোগ মানে স্মৃতি হেৰুওৱা,ভাষা পাহৰা,সমস্যা সমাধানৰ লগতে ভাবিব পৰা সক্ষমতা হেৰুওৱাকে ধৰি দৈনন্দিন জীৱনৰ অনেক বিসংগতি আদি। এলঝেইমাৰ হৈছে ডিমেনচিয়াৰ কাৰক।
কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গৱেষকৰ দল এটাই কৃত্ৰিম বুদ্ধিমত্তাৰ আধাৰিত পদ্ধতিৰে ইতিমধ্যে ডিমেনচিয়া ৰোগৰ পু্ংখানুপুংখ গৱেষণা চলাই সফলতাৰ দিশে অগ্ৰসৰ হৈছে ।এই পদ্ধতিৰে এবাৰ মগজুৰ স্কেন কৰিলেই ৰোগ ধৰা পৰিব।এনে সম্ভৱ হ’লে জীৱন ৰক্ষা পৰিব আৰু চিকিৎসা কৌশল উন্নত হব।গৱেষকৰ দলটোৱে প্ৰথম বৰ্ষত ৫০০ ৰোগীৰ ওপৰত পৰীক্ষণ চলাইছে।
কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক ক’ৰটজীয়ে বিবিচিত দিয়া সাক্ষাৎকাৰত প্ৰকাশ পোৱা মতে, কৃত্ৰিম বুদ্ধিমত্তাৰ আধাৰিত পদ্ধতিৰে ডিমেনচিয়া ধৰা পেলালে, চিকিৎসাত সহায়ক হ’ব।ইয়াক প্ৰাৰম্ভতে চিকিৎসা কৰিব পৰা যাব ,ৰোগ বৃদ্ধি নাপাব আৰু মগজুৰ ক্ষতি কম হ’ব।গ্ৰেট ব্ৰিটেইনৰ এডেনব্ৰূকৰ হস্পিতালত ডিমেনচিয়া ৰোগীৰ ওপৰত বিভিন্ন ধৰণে পৰীক্ষণ চলাই ইয়াৰ কাৰক আৰু ক্ষতিৰ অধ্যয়ন চলাইছে ।
এক্সেটাৰ বিশ্ববিদ্যালয়ৰ ডিমেনচিয়া বিশেষজ্ঞ অধ্যাপক ক্লাইৱ বেলাডৰ মতে ডিমেনচিয়া ৰোগ চিনাক্তকৰণত আন প্ৰযুক্তিতকৈ কৃত্ৰিম বুদ্ধিমত্তাৰে তুলনামূলকভাৱে উন্নত পৰীক্ষণ চলাব পাৰি । মগজুৰ এবাৰ স্কেন কৰিলে ৰোগ বিধৰ সম্ভাৱনাক জানিব পাৰি ।এক কথাত আক্ৰান্ত নৌহওঁতেই ধৰা পেলাব পাৰি। মনকৰিবলগীয়া যে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ দলটোৱে বিশ্বৰ অন্যতম এ আই চুপাৰ কম্পিউটাৰ ব্যৱহাৰ কৰিছে । এই গৱেষণা সম্পূৰ্ণ সফল হ’লে চিকিৎসা বিজ্ঞানত যুগান্তকাৰী পৰিবৰ্তন আহিব ।
লগতে পঢ়ক চৰাইদেউতো স্বাধীনতা দিৱস উদযাপন আদ্ৰা ইণ্ডিয়াৰ উদ্যোগত সজাগতা সমদল