শ্যামকানু মহন্ত: অসম-মিজোৰামৰ সীমান্ত ঘটা ঘটনা অসম তথা উত্তৰ পূবাঞ্চলৰ ভাতৃত্ববোধত এক কলংক। মিজোৰাম তথা বাকী ৰাজ্যসমূহৰ লগত অসমৰ সীমা বিবাদ বহুদিনৰ পুৰণি। প্ৰথমতে অসম, মণিপুৰ, ত্ৰিপুৰা, অৰুণাচল (পূৰ্বৰ নেফা) পৃথক ৰাজ্য আছিল। পিছলৈ ৬৩ চনত নাগালেণ্ড আৰু ৭২ চনত মিজোৰাম আৰু মেঘালয়ো পৃথক হ’ল। ৰাজ্যসমূহ পৃথক হওতেই সীমা ভালদৰে ভাগ কৰা নহ’ল। ইমানদিনে ষ্টেটাছ কিউ, একে অৱস্থাতে ৰাখি থোৱা হ’ল। সমস্যাটোৰ কোনো সমাধান সূত্ৰ নোলাল।
আজি তাৰে পৰিণতিত এই অৱস্থাৰ সৃষ্টি হ’ল। অলপতে অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা মৰ্মে তেঁওলোকৰ লগত থকা ৮০০ কিলোমিটাৰ সীমাৰ সমস্যা পাৰস্পৰিক আলোচনাৰে সমাধান কৰিম বুলি কৈছে। মেঘালয়েও একেদৰেই কৈছে। কিন্তু মিজোৰামৰ সমস্যাৰ সমাধান সূত্ৰ দেখা পোৱা হোৱা নাই।
অসম আৰু মিজোৰামৰ সীমা বিবাদৰ ইতিহাস প্ৰায় ১৭৫ বছৰ পুৰণি। বৃটিছে ১৮৭৩ চনত অসমৰ শিলচৰৰ এটা পাহাৰীয়া অংশ লৈ লুচাই জিলা গঠন কৰিছিল। ১৮৯০ চনত লুচাই পাৰ্বত্য অঞ্চলটো বৃটিছ সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত কৰা হয়।সেই সময়ৰ পৰাই বৰাক উপত্যকাৰ ৰাইজে এই কথাৰ প্ৰৱল প্ৰতিবাদ কৰি আহিছে। তাকে লৈ বিভিন্ন অপ্ৰীতিকৰ ঘটনাও ঘটিছে। ১৯৩৩ চনৰ মাৰ্চ মাহৰ ৯ তাৰিখে বৃটিছৰ চৰকাৰৰ এখন জাননী অনুসৰি লুচাই পাৰ্বত্য অঞ্চলৰ ১৬৪.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰে অসমৰ সীমা নিৰ্ধাৰণ কৰা হয়। আৰু সেই নিৰ্ধাৰণেই বৰ্তমানৰ সীমা। সেই সীমাৰ ভেটিতেই ১৯৭২ চনত মিজোৰামক প্ৰথমতে অসমৰ পৰা আঁতৰাই কেন্দ্ৰীয় শাসিত অঞ্চল কৰা হয়। আৰু পাছলৈ ১৯৮৭ চনত মিজোৰামক এখন পূৰ্ণাঙ্গ ৰাজ্যৰ মৰ্যদা দিয়া হয়।
কিন্তু মিজোসকলে ১৮৭৩ চনৰ “বেঙ্গল ইষ্টাৰ্ন ফণ্ট ৰেগুলেশ্যন আইন”খনৰ সীমা মিজোৰামে বিশ্বাস কৰে। মিজোসকলে ভাবে যে ১৯৩৩ চনৰ আইনখন মিজো নাগৰিক সমাজৰ লগত আলোচনা অবিহনেই প্ৰণয়ন কৰা হৈছিল। সীমাক লৈ মিজোৰামৰ ৰাজ্য গঠনৰ পৰা ছেগাচোৰোকাকৈ এটাৰ পিছত এটা সীমা বিবাদ চলি আছে। দুয়োখন চৰকাৰ বহুবাৰ আলোচনাত বহিছে। মিজোৰাম আৰু অসম দুয়োখন ৰাজ্যৰ লগতে বহুদিন কেন্দ্ৰতো কংগ্ৰেছ চৰকাৰৰ শাসন আছিল। লাল থানহাওলা মিজোৰামৰ আৰু তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী আছিল, কেন্দ্ৰত আছিল মনমোহন সিং চৰকাৰ। তেতিয়াও এই সম্পৰ্কে বহুবাৰ আলোচনা হোৱাৰ পিছতো কোনো সমাধান সূত্ৰ নোলাল। দুয়োপক্ষ কোনো চুক্তিতেই সৈমান নহ’ল।
মিজোৰাম আৰু অসমে সীমা বিবাদৰ মূল গ্ৰাউণ্ড জিৰ’ হৈছে লাইলাপুৰ অঞ্চলত। অসমৰ লাইলাপুৰ অঞ্চল আৰু অসমৰ-মিজোৰামৰ সীমান্তৰ ভাইৰেংটে অঞ্চলেই মূল বিবাদকেন্দ্ৰ।বৰ্তমানৰ সীমা বিবাদ ৫০৯ বৰ্গকিলোমিটাৰৰ এটা সীমা। য’ত এখন বনাঞ্চলে অসম আৰু মিজোৰামক ভাগ কৰিছে। তাতে কিছুমান পাহাৰ আৰু খেতিৰ উপযোগী মাটিও আছে। এই অঞ্চলটো কাছাৰ-হাইলাকান্দি-কৰিমগঞ্জৰ পৰা মিজোৰাম আৰু মণিপুৰলৈ বিস্তৃত। এই অঞ্চলটোৱেই অসম-মিজোৰামৰ মাজৰ ধাৰাবাহিক সংঘৰ্ষৰ উৎপত্তি স্থল। মিজোৰামৰ লোকসকলৰ মতে এই অঞ্চলৰ খেতি উপযোগী মাটিবোৰ অসমৰ ফালৰ পৰা বাংলাদেশী মূলৰ মুছলমানসকলে আগ্ৰাসন কৰাৰ চেষ্টা কৰিছে। সেই কথাৰ তেঁওলোকে বিৰোধিতা কৰিছে। সেই বিষয়টো লৈয়েই তেঁওলোকৰ সমস্যা।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে এই যিখিনি বনাঞ্চল আছে, তাত কোনোপধ্যেই দখল ল’বলৈ দিয়া নহ’ব। তেখেতে কৈছে যে বনাঞ্চল সম্পৰ্কে ভাৰত চৰকাৰে যি সিদ্ধান্ত দিয়ে আমি তাকেই গ্ৰহণ কৰিম। মিজোৰামৰ খেতিয়কসকলৰ এই মাটিখিনিত চকু থকাটো অস্বাভাৱিক নহয়। একেদৰে দুখন ৰাজ্যৰ মাজত এনে ধৰণৰ সীমা বিবাদ থকাটোও কোনো আচৰিত কথা নহয়। তামিলনাডু-কৰ্ণাটকৰ মাজত সীমা বিবাদ আছে বা অসমৰ বিভিন্ন ৰাজ্যৰ লগত সীমা বিবাদ আছে।
কিন্তু প্ৰশ্ন হয় ইমান ভয়াবহ আক্ৰমণ কিয় হ’ল? ৬জনকৈ মানুহৰ মৃত্যু হ’ল! কাছাৰৰ আৰক্ষী অধীক্ষকে ধৰি ৬০জনকৈ মানুহ ঘূণীয়া হ’ল! প্ৰশ্ন হয় ইয়াৰ মাজত কোনো তৃতীয় শক্তিৰ উচতনি জড়িত হৈ আছে নেকি? মিজোৰামৰ পুলিচৰ লগতে অহা সাধাৰণ লোকসকল উন্মত্ত আক্ৰমণকাৰীলৈ পৰিণত হ’বলৈ বন্দুক-বাৰুদ কেনেকৈ আহিল? এলএমজি কেনেকৈ আহিল? এই বিষয়টোৱেই জটিল, চিন্তাৰ বিষয়। মিজোৰামত ৰাজনৈতিক দলসকলতকৈ স্থানীয় গীৰ্জা আৰু গীৰ্জাৰ লগত সংযোজিত বিভিন্ন বেচৰকাৰী সংগঠনসমূহৰ ব্যাপক প্ৰভাৱ লক্ষণীয়। যোৱা কিছুদিন ধৰি মিজোৰামত ড্ৰাগছৰ এটা বৃহৎ সমস্যা হৈছে, বহু যুৱক যুৱতী ড্ৰাগছৰ কৱলত পৰিছে।

যিহেতু মিজোৰামৰ প্ৰায় ৫১০ কিলোমিটাৰ সীমা ম্যানমাৰৰ সৈতে আছে। ড্ৰাগছৰ মূল যোগানধাৰী গল্ডেন ট্ৰায়েঙ্গল ম্যানমাৰতেই আছে। ইয়াতেই ড্ৰাগছৰ বেছিভাগ উৎপাদন হয়। এই ড্ৰাগছ মিজোৰাম, মণিপুৰ হৈ অসমত প্ৰৱেশ কৰে। অসমৰ পৰা দিল্লী, মুম্বাই, পাঞ্জাৱৰ লগতে বিদেশলৈ সৰবৰাহ হয়। এই ড্ৰাগছৰ গতিপথৰ বাবেই মিজোৰাম যথেষ্ঠ সমস্যাৰ সন্মুখীন হৈছে। দুয়োখন ৰাজ্যতে ড্ৰাগছ আসক্তৰ সংখ্যা বাঢ়িছে। অসমত যোৱা কিছুদিন ধৰি বিশেষকৈ নতুন চৰকাৰ অহাৰ পাছৰ পৰা ড্ৰাগছৰ বিপক্ষে যি ব্যাপক যুদ্ধ আৰম্ভ হ’ল তাৰ ফলত ড্ৰাগছৰ সৰবৰাহ বন্ধ হৈ গ’ল।বহু লোকে অভিযোগ কৰিছে যে ড্ৰাগছ ব্যৱসায়ত আঘাত সনাৰ বাবেই কিছু ব্যক্তিয়ে হয়তো সীমা বিবাদত উচটনি দিছে।
বিভিন্ন কাৰণত মিজোৰামত এটা অসমবিৰোধী চক্ৰই খুব সক্ৰিয় ভাবে কাম কৰিছে। এই চক্ৰটোৱে হয়তো সীমামূৰীয়া মানুহখিনিক উচটাইছে।
সাধাৰণতে মিজোসকল শান্তি প্ৰিয়। তেঁওলোক ইমান বেছি আক্ৰমণাত্মক হৈ পৰাটোৱেই গভীৰ চিন্তাৰ বিষয়। এই আক্ৰমণৰ পাছতেই অসমত যথেষ্ঠ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰায় ৭০ জন অসমৰ লোক জখম হল মিজোৰামৰ একো হানি নহল, অসম পুলিচে কি কৰি আছিল এই বুলি অসমত প্ৰশ্ন হৈছে। বহুতে দাবী জনাইছে যে মিজোৰামলৈ সা-সামগ্ৰী যোৱা সকলো পথ অৱৰোধ কৰিব লাগে। যিহেতু অসমৰ মিজোৰামতকৈ বহু বেছি ডাঙৰ পুলিচ ফৰ্চ আছে, এই আক্ৰমণৰ প্ৰতিশোধ লব লাগে। মিজোসকলক শাস্তি দিব লাগে। কিন্তু মই ভাবো যে এই সময়ত এনে ধৰণৰ কথা একেবাৰে অনুচিত।
মিজোৰামৰ লগত অসমৰ বহু বছৰ পুৰণি সম্পৰ্ক। পাৰস্পৰিক সহযোগিতাৰে, ভাতৃত্ববোধেৰে মিজো-অসমীয়া সকলে বাস কৰি আছে। মিজোৰামতো বহু অসমীয়া লোকে কাম কৰে, শিলচৰ অঞ্চলৰ বহু লোকে ব্যৱসায় বাণিজ্য কৰে। সেইদৰে বহু মিজো ল’ৰা-ছোৱালীয়ে অসমত পঢ়া-শুনা কৰি আছে, গুৱাহাটী যোৰহাট ইত্যাদি ঠাইত মিজো শিক্ষাৰ্থীসকল সুৰক্ষিত অনুভৱ কৰে, অসমীয়া সমাজেও আদৰি লয়। দিল্লীতো আমি উত্তৰ-পূবৰ প্ৰতি কৰা বৰ্ণ বৈষম্যৰ বিপক্ষে আমি একেলগে ঠিয় দিও। এই গোটেইবোৰ পুৰণি সম্পৰ্কৰ কথা ভাবি আমি সংযত হোৱা দৰকাৰী। আৰু উত্তৰ-পূবৰ আটাইতকৈ জ্যেষ্ঠ হিচাপে, বৃহৎ ৰাজ্য হিচাপে অসমৰ বহু দায়িত্ব থাকে।
সেই প্ৰেক্ষাপটত অসম চৰকাৰে, বিশেষকৈ অসম পুলিচে ইমান প্ৰবল আক্ৰমণৰ পিছতো সংযত হোৱা কথাটো লৈ বহুতে সমালোচনা কৰিছে। দুৰ্বলতাৰ পৰিচয় বুলি ক’ব খুজিছে। কিন্তু মই ভাবো এই সংযত হোৱাতো দৰকাৰ আছিল, গুলি খাইয়ো পুলিচে প্ৰত্যাক্ৰমণ নকৰিলে, বিপৰীত দিশত মিজোৰামৰ পুলিচতকে স্থানীয় মিজো লোক অধিক আছিল। অসম চৰকাৰে মিজোৰামৰ ভাৰতীয় সকলক গুলি কৰা হলে ব্যাপক তিৰস্কাৰৰ সন্মূখীন হলহেতেন। মিজোৰামৰ কলাচিৱ জিলাৰ উপায়ুক্তজনে গুলি মাৰিবলৈ নিৰ্দেশ দিছো বুলি গৰ্বৰে যি ঘোষণা কৰিছে, মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ জনে যি উচটনিমূলক মন্তব্য দিছে, এই চিন্তাধাৰা ঘৃণনীয় আৰু ভাৰতীয় সংবিধানৰ পৰিপন্থী এই যুদ্ধখন যেন সেই মূহূৰ্তত ভাৰত-পাকিস্তানৰ সীমা যুদ্ধলৈ পৰিণত কৰা হ’ল। সেই কথাটো দেশখনৰ কাৰণে, উত্তৰ-পূবৰ কাৰণে বৰ লাজৰ কথা হৈছে।
সীমা বিবাদ সম্পৰ্কে কেইবাটাও আলোচনা হ’ল, দিল্লীত দুয়োখন ৰাজ্যৰ মুখ্যসচিৱ, ডিজিপি পৰ্য্যায়ত, শ্বিলংত দেশৰ গৃহমন্ত্ৰীৰ সন্মুখত মুখ্যমন্ত্ৰী পৰ্য্যায়ত আলোচনা হ’ল, যদিও কোনো মীমাংসা নহ’ল।”নেডা” ৰ ভূমিকাক লৈও যঠেষ্ট চৰ্চিত হৈছে। অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত “নেডা” থাকোতে একো সমস্যাৰ সমাধান কিয় হ’ব নোৱাৰিলে?
কংগ্ৰেছবিৰোধী ৰাজনৈতিক প্লেটফৰ্ম “নেডা”ই সীমা বিবাদত হস্তক্ষেপ কৰিব পৰা নাই। এই সীমাৰ সমস্যাটোৰ সমাধান সূত্ৰ কেন্দ্রীয় গৃহ মন্ত্রীৰ সহযোগত দুখন ৰাজ্যৰ মাজতে উলিয়াব লাগিব। নেছ’ৰ ভূমিকা সম্পর্কে চৰ্চা হৈছে যে সমুজ্জ্বল ভট্টাচার্য এই ক্ষেত্ৰত ইমান সৰৱ কিয় হোৱা নাই। কিন্তু এই ক্ষেত্ৰতো মই আকৌ ক’ব খোজো যে উত্তৰ-পূবৰ মৈত্রী উত্তৰ-পূবৰ কাৰণে অতি দৰকাৰী। উত্তৰ-পূবৰ এই ধাৰণাটো অঞ্চলটোৰ উন্নতি আৰু সমন্বয়ৰ কাৰণে বিশেষ দৰকাৰী।
বাকী উত্তৰ পূবৰ বহু ৰাইজে অসমক বিগ ব্ৰাদাৰ বুলি ভাবে। পুৰ্বতে অসমে বহুত শোষণ কৰি থৈছে বুলি কিছুলোকে ভাবে, জাতি-জনজাতিৰে বহুধা বিভক্ত উত্তৰ-পূবৰ কিছুৰ বহু ক্ষোভ আছে। প্ৰত্যেকখন ৰাজ্যৰ লগত অসমৰ সীমা সমস্যা আছে। তাৰ মাজতো উত্তৰ-পূবৰ ধাৰণাটো মোৰ দৃষ্টিত অতিকৈ দৰকাৰী। উত্তৰ-পূব দেশৰ পৰ্য্যটনৰ প্ৰাণকেন্দ্ৰ হব পাৰে। পৰ্য্যটন বুলি কলে অকল অসমলৈ পৰ্যটক আহিব নিবিচাৰে। অসমলৈ আহি তেঁওলোক উত্তৰ-পূবৰ বাকীকেইখন ৰাজ্যলৈও যাব বিচাৰে। ঠিক তেনেকৈ কোনো এখন ৰাজ্যই অসমৰ অবিহনে পৰ্যটকক অকলে আকৰ্ষণ কৰিব নোৱাৰে। অসম হৈছে উত্তৰ পূবৰ প্ৰৱেশপথ।

ঠিক তেনেকৈ উদ্যোগ, বাণিজ্য, পৰ্যটন ইত্যাদিৰ ক্ষেত্ৰত এক উত্তৰ-পূবৰ ধাৰণাটোৰ যথেষ্ট গুৰুত্ব আছে। তথাপি এইটোও সত্য যে প্ৰত্যেক ৰাজ্যৰ মাজত বহুত পাৰ্থক্যও আছে। সংগঠন হিচাপে উত্তৰ-পূবৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত নেছ’ একেলগে থাকে, খিলঞ্জীয়াৰ স্বাৰ্থত সকলো একগোট হয়, সেইকাৰণে এই সীমাবিবাদৰ সময়ত নেছ’ নিৰেপক্ষ হৈছে। গতিকে এই কথাখিনি অতি সাৱধানতাৰে লোৱাতো দৰকাৰ।
মোৰ দৃষ্টিত এৰা ধৰাকৈ অসমে এই সমস্যাটো লব লাগিব। মিজোৰামক একেবাৰে বিপদত পেলাই আমি সমস্যাটো কেতিয়াও সমাধান কৰিব নোৱাৰো। ঠিক তেনেদৰে মিজো সকলেও বুজিব লাগিব যে অসমক আঘাত কৰি তেঁওলোকৰো একো ভাল নহয়। তেঁওলোক স্বাৱলম্বী নোহোৱা এখন ক্ষুদ্ৰ ৰাজ্য, যি কেন্দ্ৰৰ অনুদানৰ ওপৰত নিৰ্ভৰশীল। অসমৰ মাজেদিয়ে সকলো অত্যাৱশ্যকীয় সামগ্ৰী সৰবৰাহ হয়। অসমৰ সহযোগিতাতহে মিজোৰাম আগবাঢ়ি যাব পাৰিব।
এইখিনিতে বহু অভিযোগ উত্থাপিত হৈছে যে এই আত্ৰমণক লৈ চোৰাংচোৱা সূত্ৰ বিফল কিয় হল? পুলিচৰ লগতে স্থানীয় ৰাইজ অসমক আক্ৰমণ কৰিবলৈ উঠি আহিব, এই কথাটো কিয় আগতে গম পোৱা নগ’ল? এইটো এটা বিচাৰ্য্যৰ বিষয়। কিন্তু এইটো ক’ব লাগিব কোনেও ভবা নাছিল যে শ্বিলঙৰ গৃহমন্ত্ৰীৰ বৈঠকৰ পিছতেই ইমান প্ৰবল আক্ৰমণ হ’ব। অসমে এই অভাৱনীয় আক্ৰমণত যি সংযম দেখুৱালে সেইটো ভাল হৈছে, কিন্তু ভৱিষ্যতলৈ যদি এনেধৰণৰ আক্ৰমণ আকৌ হয় তেনেহ’লে প্ৰত্যাক্ৰমন হব পাৰে। অসমৰ এই সংযম মিজোসকলে বুজাটো উচিত। অসমৰ হাতত মিজোতকৈ বহু বৃহৎ পুলিচ বাহিনী আছে, ইচ্ছা কৰা হলে বৃহৎ প্ৰত্যাক্ৰমণ কৰিব পাৰিলেহেতেন। ইয়াৰ লগতে সীমাৰ দায়িত্বত থকা চি আৰ পি এফৰ নিৰেপক্ষ ভূমিকাক লৈ বহু প্ৰশ্ন উত্থাপিত হৈছে,
এতিয়া সমাধান সূত্ৰ কি হব। সমাধান সূত্ৰৰ বাবে পৰিস্থিতি অনূকুল বুলি মই ভাবো। অসমত এতিয়া এজন শক্তিশালী মুখ্যমন্ত্ৰী আছে,গৃহ মন্ত্ৰী অমিত শ্বাহ এজন নিৰ্ণায় লব পৰা ব্যক্তি, সিদ্ধান্ত লোৱাত ভাল। এইটো সুযোগতে এৰাধৰা কৰি আমি সমস্যাটোৰ সম্পুৰ্ণ সমাধান কৰিব লাগে।
মোৰ দৃষ্টিত অসম চৰকাৰ, মিজোৰাম চৰকাৰৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সন্মুখত আলোচনা হ’ব লাগে। সেই আলোচনালৈ মিজোৰামৰ সেই শক্তিশালী বেচৰকাৰী সংগঠনসমূহকো নিমন্ত্ৰণ কৰিব লাগে। তেঁওলোকৰ কথাখিনিও শুনিব লাগে আৰু তেঁওলোকক আশ্বাস দিব লাগে।
(লেখক ৰাজ্যৰ এগৰাকী উদ্যোগী আৰু ৰাজনৈতিক বিশ্লেষক )
লগতে পঢ়ক অসম মিজোৰাম সীমান্তৰ উত্তেজনাক লৈ কিমান গুৰুত্ব কেন্দ্ৰীয় চৰকাৰৰ