বাঘজান কাণ্ডৰ দুটা বছৰ পাৰ হ’ল। ২০২০ চনৰ ২৭ মে’ত বাঘজানত অইলৰ এটা তৈলখাদত সংঘটিত ভয়ংকৰ বিস্ফোৰণে আন কেইবাটাও পৰিয়ালৰ দৰে ৰিতু চন্দ্ৰ মৰাণৰ ঘৰ-বাৰী সমূলি ধ্বংস কৰি পেলাইছিল। বিস্ফোৰণৰ দুটা বছৰ পিছত, খাদৰ পৰা নিৰ্গত হোৱা তৈল পদাৰ্থই অনিষ্ট কৰি পেলোৱা মাটিখিনিক পুনৰ খেতিৰ উপযোগী কৰি তুলিবলৈ মৰাণে চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই, কিন্তু তেওঁৰ সকলো কষ্টয়েও যেন একো ফল নিদিয়ে। বাঘজানৰ মাটি এতিয়া আৰু আগৰ দৰে হৈ থকা নাই।
মৰাণে প্ৰথমে ধান আৰু মাকৈৰ খেতিত হাত দিছিল। কিন্তু পূৰঠ হোৱাৰ আগতেই তেওঁৰ গোটেই মাকৈখিনি মৰহি থাকে, একেদৰে তিঁয়হ লগাইছিল যদিও সেইবিলাকো তেনেই মুজুৰা পৰা ধৰণৰ আছিল। সেয়ে এইবাৰ তেওঁ বাৰীতে কচু খেতি কৰিবলৈ ঠিক কৰে। যোৱা সপ্তাহত অসমত নেৰানেপেৰাকৈ চলি থকা বৰষুণৰ মাজতে তেওঁ কচু খেতিৰ বাবে বাৰীখন চাফা কৰাত ব্যস্ত আছিল। কিন্তু এদিনাখন পুৱা কচুটেপু বিলাক ৰুবলৈ বুলি মাত্ৰ কেই ইন্সিমানৰ গাঁত খান্দোতেই মাটিৰ পৰা তেলৰ চামনিহে ওলাবলৈ ধৰে।

২০২০ চনৰ ৯ জুনত তেলখাদটোত অগ্নিকাণ্ড সংঘটিত হৈ ঘটা বিস্ফোৰণত মাগুৰি মতাপুং বিলৰ সমীপত থকা ১২টাকৈ ঘৰ ধ্বংস হৈছিল। তিনিচুকীয়া জিলা প্ৰশাসনে যুগুত কৰা এক হিচাপ মতে উক্ত অগ্নিকাণ্ডই ১০ হাজাৰতকৈ অধিক লোকক নিজৰ ঘৰ এৰি যাবলৈ বাধ্য কৰাইছিল। ইতিমধ্যে অইল কণ্ডেনছেটে (তেলৰ ঘনীভূত পদাৰ্থ) প্ৰদূষিত কৰি পেলোৱা মাগুৰি বিলৰ এটা অংশ জুইৰ লেলিহান শিখাই আগুৰি ধৰিছিল, ফলত বিলত আশ্ৰয় লৈ থকা বহু বিলুপ্তপ্ৰায় চৰাই আৰু জীৱ-জন্তুৰ মৃত্যু ঘটে।
তেলখাদটোৰ চাৰিওফালে ৭৫ হেক্টৰতকৈ অধিক এলেকা জুইয়ে আগুৰি ধৰাৰ লগতে প্ৰায় ৬ মাহ ধৰি অহৰহ তৈলখাদৰ পৰা কণ্ডেনছেট বাহিৰ হৈ মাগুৰি বিলকে ধৰি ওচৰ-পাজৰৰ গাঁও, পথাৰ, অৰণ্য আদিলৈ বিয়পি পৰিছিল। অৱশেষত কানাডা আৰু চিংগাপুৰৰ পৰা অহা এটা এক্সপাৰ্টৰ দলে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এই ঘটনাই দেশৰ তেল উৎপাদন হোৱা অঞ্চলবোৰৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অইল আৰু জিলা প্ৰশাসনৰ অসমৰ্থতা উদঙাই দিয়ে। সময়মতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ ফলত এতিয়াও বিস্ফোৰণ সংঘটিত হোৱা ৫ নং (BGN 5) খাদটোৰ চাৰিওকাষে ৩.৮ কিঃমিঃ এলেকা প্ৰদূষিত হৈ আছে।
শেষ আশা
অগ্নিকাণ্ডত জাহ যোৱা ১২টা ঘৰৰ ভিতৰত মৰাণৰ ঘৰটোও আছিল। ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ (এন জি টি)ৰ এক নিৰ্দেশৰ পিছত তেওঁকে ধৰি ১১ টা আন পৰিয়ালক অইলে ২৫ লাখ টকাকৈ আগ্ৰিম ক্ষতিপূৰণ প্ৰদান কৰিছিল। জীৱন আৰু সম্পত্তিৰ ক্ষতি পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি সেউজ প্ৰাধিকৰণে তিনিচুকীয়া জিলা প্ৰশাসনক ভুক্তভোগীসকলক দুটা শ্ৰেণীত ভাগ কৰিবলৈ কয়। ইয়াৰে দ্বিতীয়টো শ্ৰেণীত পৰা বাঘজানৰ ৬০০ টা পৰিয়ালক অইলে ১৫ লাখ টকা ক্ষতিপূৰণ প্ৰদান কৰে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ মতে অইলে বাসিন্দাসকলক ক্ষতিপূৰণ আৰু সাহায্য দিয়াৰ বাবদ ১৪৭.৯২ কোটি টকা ব্যয় কৰিছে। কলিকতাস্থিত পৰিৱেশকৰ্মী বনানী কক্কৰৰ এখন আবেদনৰ ভিত্তিত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে গোচৰ ৰুজু কৰিছিল। কিন্তু এন জি টিৰ চূড়ান্ত নিৰ্দেশত অসন্তুষ্ট হৈ কক্কৰে পিছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপে।
ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ আৰু এম আৰ শ্বাহৰ এখন দুজনীয়া বিচাৰপীঠে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি.পি. কটকী, ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ বিজ্ঞানী অধ্যাপক কামাৰ কুৰেশ্বী, ইক’লজিষ্ট তথা দক্ষিণ এছিয়াৰ ৱেটলেণ্ডছ ইণ্টাৰনেশ্যনেলৰ সঞ্চালক ড০ ৰিতেশ কুমাৰ, মাটি বিশেষজ্ঞ বেদাংগ বৰদলৈ আৰু পেট্ৰ’কেমিকেল বিশেষজ্ঞ জি.এছ ডেঙক লৈ এখন কমিতি গঠন কৰে। উক্ত কমিতিয়ে বাঘজান কাণ্ডৰ মূল্যায়ন কৰি পৰিৱেশ পুনৰুজ্জীৱিতকৰণৰ ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ দিয়ে।
অগ্নিকাণ্ডত যিসকলৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছিল সেইসকলকৰ লগতে সমূহ বাঘজানবাসীয়ে উচ্চতম ন্যায়ালয়ৰ ৰায়লৈ আশাৰে অপেক্ষা কৰি আছে। তেওঁলোকৰ লগতে উচিত ক্ষতিপূৰণৰ পৰা বঞ্চিত নতুন ৰঙাগড়া গাঁৱৰ প্ৰায় ৪০০ গৰাকী বাসিন্দায়েও উচ্চতম ন্যায়ালয়ত তেওঁলোকে কৰা আবেদনৰ শুনানিৰ বাবে উৎকণ্ঠাৰে অপেক্ষা কৰি আছে।
সৰুফুল পাংগিঙেও অগ্নিকাণ্ডত নিজৰ দোকান আৰু ঘৰ হেৰুৱাইছিল যদিও কেৱল ঘৰটোৰ বাবেহে তেওঁক ক্ষতিপূৰণ দিয়া হৈছিল। পিছত স্বামী আৰু ল’ৰাটোৰ সৈতে তেওঁ বাঘজান এৰি তিনিচুকীয়াৰ উপকণ্ঠ অঞ্চললৈ উঠি যায়। ‘‘তেলৰ ৰিগটোত জুই লাগোতে আমি বেছি বস্তু লৈ যাব পৰা নাছিলো। আমাৰ ঘৰটোত কংক্ৰিটৰ খুঁটা আছিল কিন্তু ছমাহ পিছত ঘৰটো চাবলৈ অহাৰ সময়ত সেইবিলাক একো নাছিল,’’-পাংগিঙে কয়। পৰিয়ালটোৰ বাঘজানৰ সমীপত মাটি ক্ৰয় কৰাৰ সামৰ্থ্য নাছিল, পিছত তেওঁলোকে ক্ষতিপূৰণৰ প্ৰায় আধা ধন ব্যয় কৰি ২৮৮০ বৰ্গফুটৰ এটুকুৰা মাটিত থিতাপি লয়।
শুকাই মৰহি গ’ল
আদালতত গোচৰ চলি থকাৰ মাজতে মৰাণে তেওঁৰ পুৰণি ঘৰটোৰ ভেটিতে এটা নতুন ঘৰ নিৰ্মাণ কৰে। ৯ মাহতকৈ অধিক দিন অইলে তেওঁলোকৰ সঁজুলিবোৰ মৰাণৰ বাৰী-ঘৰত ৰাখি থৈছিল। প্ৰথম তিনি মাহৰ বাবে অইলে তেওঁক ৯ লাখ টকা দিছিল যদিও বাকী মাহকেইটাৰ কোনো ভাড়া নিদিলে। ক্ষতিপূৰণৰ ধনেৰে তেওঁ ঘৰটো পুনৰ নিৰ্মাণ কৰাৰ লগতে প্ৰায় ১৬ লাখ টকাৰে এখন জেচিবি ক্ৰয় কৰে।
‘‘জেচিবি কিনিম বুলি মই যেতিয়া ডিলাৰলৈ যাওঁ তেওঁলোকে মোক সন্দেহৰ চকুৰে চাইছিল কিন্তু মই নগদ ধন দি গাড়ীখন লৈ আনো,’’ মৰাণে কয়। এক্সকেভেটৰখন তেওঁ অইলে তেওঁৰ বাৰীত এৰি যোৱা মেচিনৰ ধ্বংসাৱশেষবোৰ চাফা কৰিবলৈ ব্যৱহাৰ কৰিছিল। এসময়ত বাঁহনি, তামুল গছ, চাহ গছৰে আবৃত মৰাণৰ বাৰীখন এতিয়া উদং হৈ পৰি আছে।
‘’সেইখন মই কিনিব লগা হৈছিল। কাৰণ অইলে মোৰ বাৰীখন পৰিষ্কাৰ কৰি যোৱা নাছিল। গোটেই বাৰীখন মেচিনৰ ভগা-ছিগা টুকুৰাৰে ভৰি আছিল। দিনে ৫০০০ টকা দি জেচিবি লগাই মই সেইবিলাক ছফা কৰিব লগা হৈছিল। তেতিয়া কিছুমানে মোক পৰামৰ্শ দিলে যে যদি মই গাড়ীখন কিনো তেতিয়া ভাড়াতো দিব পাৰিম। খেতিৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰো,’’ বাৰীৰ মুজুৰা পৰা তিঁয়হবোৰলৈ দেখুৱাই তেওঁ কয়।

‘’শস্য বেয়াৰ হোৱাৰ ভয়ত আমি এইবাৰ ধানৰ খেতি মুঠেই কৰা নাই। এপ্ৰিলত মই তিঁয়হ আৰু মাকৈ সিঁচিছিলো যদিও খেতি ভাল নহ’ল। প্ৰথমতে পুলিবিলাক ভালেই হৈছিল যদিও পিছলৈ মৰহি হালধীয়া পৰি অহা হ’ল,’’ –তেল খাদৰ ঠিক বিপৰীতে থকা ঘৰটোৰ গৰাকী মৰাণে কয়।
আনকি আধা কিলোমিটাৰ আঁতৰত থকা লক্ষি মৰাণৰ খেতি মাটিৰো একেই অৱস্থা। বাঘজানৰ অগ্নিকাণ্ডত নিজৰ ঘৰটো হেৰোৱা লক্ষি মৰাণে কয়, “মই ধান খেতি কৰাৰ ৰিস্ক ল’ব নোৱাৰো। আমি অলপ শাক-পাচলিৰ খেতি কৰিছিলো যদিও চব শুকাই মৰহি গ’ল।‘’
ঋতু মৰাণৰ মনত থকা আশংকাবিলাক যেন প্ৰাক্তন ন্যায়াধীশ কটকীৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ কমিটীৰ তথ্যত প্ৰতিফলিত হয়। ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মাগুৰি মতাপুং বিলৰ ক্ষতিৰ মূল্যায়ন আৰু পুনৰুদ্ধাৰ সম্পৰ্কে তেওঁ প্ৰস্তুত কৰা চূড়ান্ত প্ৰতিবেদনত উল্লেখ কৰা মতে তেল খাদটোৰ চাৰিওকাষৰ ৩.৮ বৰ্গ কিলোমিটাৰ এলেকাৰ মাত্ৰ দুই শতাংশ প্ৰদূষিত মাটিহে সংশোধন কৰিব পৰা যাব। ৩৩খন বৈঠক, চৰকাৰী সংস্থাসমূহৰ অসংখ্য অধ্যয়নৰ ভিত্তিত কমিটীয়ে কণ্ডেনছেটৰ প্ৰভাৱৰ পৰা বিভিন্ন জীৱ প্ৰজাতিবিলাকক পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিবলৈ ২ৰ পৰা ২১ বছৰ সময় লাগিব বুলি অনুমান কৰে।
কৰ্কট ৰোগ সৃষ্টিকাৰী PAH-ৰ উপস্থিতি
কণ্ডেনছেটৰ নিৰ্গমণৰ ফলত ভূগৰ্ভস্থ পানী মাটিৰ ওপৰত পৰিব পৰা দীৰ্ঘস্থায়ী প্ৰভাৱক প্ৰায় আওকাণ কৰি অইলৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা (চি এছ আৰ) শাখা, অইল ইণ্ডিয়া গ্ৰাম্য উন্নয়ন সমিতিয়ে বাঘজানবাসীক জৈৱিক সাৰ আৰু শস্যৰ বীজ বিতৰণ কৰে। উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰৰ অন্যতম আবেদনকাৰী মনোজ হাজৰিকাৰ মতে বিতৰণ কৰা বীজৰ মাত্ৰ ৪০ শতাংশতহে ফল ধৰিছে।
‘’কবিবিলাক ভালদৰে পূৰঠেই নহ’ল, অৱশ্যে কিছুমানে নিজৰ শাকনিখনতে কিছু পৰিমাণে শাক-পাচলি লগাইছিল। একেদৰে মানুহবোৰৰ খেতিপথাৰবিলাকত তেল খাদৰ পৰা নিৰ্গত কণ্ডেনছেট বিয়পী পৰাৰ ফলত মাকৈ আৰু ধান খেতিৰো কোনো ফল নধৰিল,’’ বাঘজানৰ বাসিন্দা আখেশ্বৰ চেতিয়াই কয়। চেতিয়াই জনোৱা মতে প্ৰায় ৫০টা মান পৰিয়ালে অইলে প্ৰদান কৰা বীজ আৰু সাৰ ব্যৱহাৰ কৰিছিল।
প্ৰাক্তন ন্যায়াধীশ কটকীৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ কমিটিয়ে দূষিত অঞ্চলত সাৰ বিতৰণ কৰি শস্যৰ উৎপাদনশীলতা বৃদ্ধিৰ গোটেই প্ৰক্ৰিয়াটোকে ভুল বুলি অভিহিত কৰে। “বিস্ফোৰণৰ পিছৰ পৰিস্থিতি কেৱল উৎপাদনশীলতাৰ সমস্যা নহয়, ইয়াৰ সৈতে মাটি আৰু ভূগৰ্ভস্থ পানী দূষিত হোৱাৰ সম্ভাৱনাও জড়িত হৈ আছে। প্ৰভাৱিত ভূখণ্ডৰ কোনো অংশতে দূষক পদাৰ্থসমূহৰ সন্ধান উলিয়াবলৈ কোনো প্ৰচেষ্টা চলোৱা হোৱা নাছিল,’’ প্ৰতিবেদনত কোৱা হয়।
২০২১ চনৰ ফেব্ৰুৱাৰী আৰু জুন মাহৰ ভিতৰত চলোৱা সমীক্ষাৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ কমিটীয়ে মতপোষণ কৰিছিল যে লোহিত, ডিব্ৰু আৰু মাগুৰি মতাপুংৰ পানী, মাটি আৰু পলসত কৰ্কট ৰোগ সৃষ্টিকাৰী পলি-এৰোমেটিক হাইড্ৰ’কাৰ্বন (PAH)-ৰ ঘনত্বত ভাৰতীয় তথা আন্তঃৰাষ্ট্ৰীয় অধ্যয়নত প্ৰকাশিত অনুৰূপধৰণৰ আন দুৰ্ঘটনাতকৈ যথেষ্ট বেছি। PAH হৈছে কয়লা, খাৰুৱা তেল আৰু গেছলিন পোৰোতে সম্পূৰ্ণ জ্বলি যোৱাৰ পূৰ্বে উৎপন্ন হোৱা এবিধ অতি কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক যৌগ।
কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে চলা স্বতন্ত্ৰ গৱেষণা সংস্থা ৱাইল্ডলাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়াই উক্ত অঞ্চলটো অধ্যয়ন কৰি উচ্চ মাত্ৰাত PAH-ৰ উপস্থিতি লাভ কৰিছিল। উল্লেখযোগ্য যে ৱাইল্ডলাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়াক উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিয়োজিত কমিটীৰ সমন্বয়ৰ বাবে ন’ডেল এজেন্সী হিচাপেও নিয়োগ কৰা হৈছিল।

অইলৰ যুক্তি
২০২২ চনৰ ফেব্ৰুৱাৰীত অইলে দিল্লীস্থিত নন-প্ৰফিট পলিচি গৱেষণা সংস্থা, The Energy and Resource Institute (TERI)-ৰ এক প্ৰতিবেদনত যুগুত কৰাৰ দায়িত্ব অৰ্পন কৰিছিল, উক্ত প্ৰতিবেদনৰ মতে মাগুৰি মতাপুং বিলৰ ১৭টা নিৰীক্ষণ কৰা স্থানৰ ভিতৰত মাত্ৰ দুটা স্থানতহে PAH ধৰা পৰিছিল আৰু ইয়াৰ বেছিভাগেই অনুমোদিত সীমাৰ তলত আছিল।
অইলে উচ্চতম ন্যায়ালয়ক প্ৰদান কৰা প্ৰতিবেদনত পশুধনৰ মৃত্যু আৰু মীন প্ৰজাতি হ্ৰাসৰ এখন সম্পূৰ্ণ পৃথক ছবি দেখা যায়। ২০২১ চনৰ ১৩ নৱেম্বৰত অইলৰ স্বাস্থ্য, সুৰক্ষা আৰু পৰিৱেশ বিভাগ (HSE)-এ পশুপালন বিভাগ আৰু মীন বিভাগলৈ ইমেইল কৰি জলাশয় আৰু নদীৰ পৰা পশুধন আৰু মাছৰ মৃত্যুৰ সবিশেষ বিচাৰিছিল। উক্ত ইমেইল পোৱাৰ পিছতে তিনিচুকীয়া জিলাৰ পশুপালন বিভাগে ডুমডুমা আৰু তিনিচুকীয়া চক্ৰত নিয়োজিত দুগৰাকী চৰকাৰী পশু চিকিৎসা বিষয়াক এক ক্ষিপ্ৰ বাৰ্তাপ্ৰেৰণ সেৱাৰ জৰিয়তে জৰীপৰ নিৰ্দেশ দিয়ে। দুয়োজন চৰকাৰী পশু চিকিৎসকে একেদিনাই তেওঁলোকৰ জৰীপ সম্পূৰ্ণ কৰি তিনিচুকীয়া জিলাৰ কেইবাখন গাঁৱক সামৰি লোৱা উক্ত চক্ৰ দুটাত পশুধন আৰু হাঁহ-কুকুৰাৰ কোনো অস্বাভাৱিক মৃত্যু দেখা নাই বুলি জিলাখনৰ মুখ্য কাৰ্যালয়ক অৱগত কৰে।
ডুমডুমাৰ পশু চিকিৎসকজনে কিছু সংখ্যক কৃমি আক্ৰান্ত জীৱ-জন্তুৰ ৰিপ’ৰ্ট দিয়াৰ বিপৰীতে তিনিচুকীয়াৰ পশু চিকিৎসকজনে জমা দিয়া ৰিপ’ৰ্টত ডায়েৰিয়া, পেট ফুলা আৰু দুৰ্বলতাৰ কথা উল্লেখ কৰিছিল, অৱশ্যে তেখেতেও কৃমিৰ আক্ৰমণৰ ফলতে এনে হোৱা বুলি উল্লেখ কৰে। তথ্যৰ বাবে অনুৰোধ পোৱাৰ দিনাই গগৈয়ে তৎক্ষণাত অইলৰ HSE বিভাগক খবৰ দিয়ে। অইলক ইয়াৰ কোনো সবিশেষ জনোৱা নাছিল যদিও জিলা পশু চিকিৎসা বিষয়াগৰাকীয়ে জনোৱা মতে তেওঁ গাঁওবুঢ়া, সমষ্টিৰ বিধায়ক আৰু সঘনাই পশুধনৰ তদাৰক কৰি ক্ষেত্ৰ কৰ্মীসকলৰ জৰিয়তে উক্ত তথ্য সংগ্ৰহ কৰিছিল।
উল্লেখ্য যে ৯.৬ বৰ্গ কিলোমিটাৰ এলেকা বিস্তৃত মাগুৰি মতাপুঙৰ ওপৰত ১০খন গাঁৱৰ প্ৰায় ১২ হাজাৰ লোক প্ৰত্যক্ষভাৱে নিৰ্ভৰশীল। এই লোকসকলে বিলত মাছ ধৰি পৰিয়াল চলাই আহিছিল। কিন্তু স্থানীয় লোকৰ মতে বাঘজান কাণ্ডৰ পিছৰে পৰা বিলত মাছ পোৱাতো একেবাৰে কমি আহিল।
‘’আগতে আমি এবাৰ মাছ ধৰিবলৈ গ’লেই ৪ৰ পৰা ৫ কিলো ডাঙৰ মাছ পাইছিলোঁ। স্থানীয় বজাৰত মাছৰ চাহিদা অনুসৰি আমি দিনটোত দুইৰ পৰা তিনিবাৰ মাছ ধৰিবলৈ যাওঁ। এতিয়া দুবাৰত মাত্ৰ এক কেজিমানহে পাওঁ’’ ডিব্ৰু নৈৰ পাৰতে থকা নতুন ৰঙাগৰাৰ মাছমৰীয়া জ্যোতি বৰুৱাই এইদৰে কয়।
২০২১ চনৰ জুন আৰু ছেপ্টেম্বৰৰ ভিতৰত WII (বাইল্ডলাইফ ইন্সটিটিউট অৱ ইণ্ডিয়া)-এ কৰা কৰা গণনাত পোহৰলৈ অহা মতে মাগুৰি-মতাপুং বিলত ৮৭ টা প্ৰজাতিৰ মাছ আছিল কিন্তু ব্যাপকভাৱে হোৱা মাছৰ মৃত্যুৰ ফলত মাছৰ প্ৰজাতি কমি আহি এটা ২৫টালৈ হ্ৰাস পাইছে। প্ৰতিবেদনত উল্লেখ কৰা মতে মাছৰ প্ৰজাতিৰ সমৃদ্ধি ৭১ শতাংশ আৰু প্ৰচুৰতা ৮১ শতাংশ হ্ৰাস পাইছে। উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদনত কোৱা হয়, “WIIৰ প্ৰতিবেদনত তেলৰ বিষক্ৰিয়াৰ বাবে মাছৰ ৰং সলনি হোৱা, খোলা হেৰুৱা, অতিৰিক্ত শ্লেষ্মা নিঃসৰণ আৰু তেজ ওলোৱাৰ দৰে দৃশ্যমান লক্ষণসমূহৰ ওপৰত আলোকপাত কৰা হৈছে।”

আনহাতে অইলৰ ইমেইলৰ উত্তৰত মীন বিভাগে ২০২০ চনৰ ১৫ নৱেম্বৰৰ পৰা বিভাগটোৱে ডিব্ৰু নৈ আৰু মাগুৰি মতাপুং বিলৰ নিৰীক্ষণ কৰি আছে বুলি উল্লেখ কৰে। অইলৰ সৈতে সম্পৰ্কিত জিলা মীন উন্নয়ন বিষয়াজনৰ মতে মান ২০২০ চনৰ ১৫ নৱেম্বৰৰ পৰা ২০২১ চনৰ ১৫ নৱেম্বৰলৈ পানীৰ গুণগত মানৰ কোনোধৰণৰ বিৰূপ প্ৰভাৱ আৰু অৱনতি ধৰা পৰা নাই।
‘’এই সন্দৰ্ভত এইয়া নিশ্চিত যে ১৫-১১-২০২০ৰ পৰা ১৫-১১-২০২১ সময়ছোৱাত মাছৰ প্ৰজাতি বিলুপ্ত হোৱাৰ কোনোধৰণৰ তথ্য নাই,’’ মীন বিভাগৰ বিষয়া গৰাকীয়ে কয়। লক্ষণীয়ভাৱে, ২০২০ চনৰ ১৫ নৱেম্বৰৰ দিনাখনে কানাডা আৰু ছিংগাপুৰৰ বিশেষজ্ঞসকলে ২০২০ চনৰ ৯ জুনৰ পৰা আৰম্ভ হোৱা তেলখাদৰ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছিল। জিলা মীন বিভাগে ডিব্ৰু নদী আৰু মাগুৰি মতাপুং বিলত চলোৱা পৰিদৰ্শনৰ কোনো সবিশেষ অইলক প্ৰদান কৰা নাছিল, উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন শপতনামাত অইলে এই প্ৰতিবেদনসমূহ সংলগ্ন কৰি দিছিল।
অসম চৰকাৰৰ হৈ ৰাজ্যৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন এম. যাদৱৰ নেতৃত্বত যুগুত কৰা এক তদন্তত গৰু পোৱালি, হাঁহ, এৰী পলুকে ধৰি ৯ বিধ পশুধনৰ বিষয়ে উল্লেখকৰা হৈছিল। তিনিচুকীয়া জিলাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে বাঘজান কাণ্ডৰ পিছত নিহত জন্তু বিশেষকৈ পশুধনৰ মৰণোত্তৰ পৰীক্ষা কৰা নাছিল বুলি যাদৱে লগতে কয়।
স্থানীয় আৰক্ষীক অৱগত নকৰা পৰ্যন্ত পশু চিকিৎসকসকলে মৃত পশুবিলাকৰ পৰীক্ষা নকৰে বুলি উল্লেখ কৰি যাদৱে কয়, “জীৱ-জন্তু বিলাকৰ মৰণোত্তৰ পৰীক্ষা কৰা নহ’ল, কাৰণ গাঁৱৰ মানুহবিলাকৰ মতে প্ৰক্ৰিয়াটো দীঘলীয়া।’’
সাৱধানবাণী
অইলৰ অধ্যয়নসমূহত বাঘজানৰ পৰিৱেশতন্ত্ৰ (ecosystem) সুস্থ হৈ উঠা বুলি প্ৰকাশ পোৱাৰ বিপৰীতে উচ্চতম ন্যায়ালয়ৰ কমিটীয়ে সম্গ্ৰ বিষয়টোৰ ক্ষেত্ৰত সতৰ্কতাৰে আগবাঢ়িছে। “দূষিত পদাৰ্থৰ সকলো প্ৰভাৱ বা পৰিৱেশতন্ত্ৰৰ ওপৰত হোৱা ক্ষতি কম সময়ৰ ভিতৰত ধৰা নপৰে,’’ কমিটীয়ে কয়।
বাঘজান কাণ্ডৰ সোঁৱৰি বিগত এবছৰৰ পৰা বাঘজান আৰু সমীপৰ গাঁৱৰ লোকসকলে ২৭ মে’ৰ দিনটো ‘ক’লা দিৱস’ হিচাপে পালন কৰি আহিছে। যোৱা ২৭ মে’ত প্ৰায় ৫০ জনমান লোকে মূৰত ক’লা কাপোৰ বান্ধি বাঘজানৰ মিলন জ্যোতি সংঘৰ কাৰ্যালয়ৰ বাহিৰত সমবেত এখন ক’লা পতাকা উত্তোলন কৰে। সমবেত হোৱা মানুহবিলাকক উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰৰ অগ্ৰগতি সম্পৰ্কে অৱগত কৰি আবেদনকাৰীসকলৰ এজন মনোজ হাজৰিকাই কয়, “মানুহবিলাক ভাগৰি পৰিছে। তেওঁলোকে মাত্ৰ বিচাৰে যাতে আদালতে তেওঁলোকৰ প্ৰাৰ্থনাবোৰ শুনা পায়, তদুৰৰি আৱেদনকাৰীসকলৰ ওপৰতো গাঁৱৰ সমাজৰ পৰা যথেষ্ট হেঁচা পৰি আহিছে।’’
উচ্চতম ন্যায়ালয়ত আৱেদন কৰা বাঘজানৰ আনটো মূৰত থকা নতুন ৰঙাগৰা গাঁৱৰ ৰাইজেও গোচৰটোৰ পৰিসমাপ্তি বিচাৰিছে। “এয়া কেৱল বাঘজান বা নতুন ৰঙাগৰাবাসীৰ সংগ্ৰাম নহয়, বৰঞ্চ তেল আৰু গেছ উপলব্ধ সেই প্ৰতিখন অঞ্চলৰ য’ত মানুহে বসতি কৰি আছে। বিস্ফোৰণ কাণ্ডৰ ইমান কাষতে থকাৰ লগতে ধান, চাহপাত, তামুল গছ আদি সকলো হেৰোৱাই মাহৰ পিছত মাহ ধৰি এটা দুঃস্বপ্নৰ কঢ়িয়াই থকাৰ পিছতো আমাৰ মানুহখিনিয়ে মাত্ৰ ৭৫০০০ টকা লাভ কৰে’’ নতুন ৰংঙাগৰাৰ বাসিন্দা তথা পৰিৱেশ কৰ্মী নিৰন্ত গোহাঁইয়ে কয়। গোহাঁইয়েও উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল, অহা ২ আগষ্টত ন্যায়ালয়ে গোচৰটোৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব।
(মূল লেখা আৰু আলোকচিত্ৰ অনুপম চক্ৰৱৰ্তীৰ)
ইংৰাজীত পঢ়িবলৈ – Assam: Two years after oilfield disaster, bitter harvest in Baghjan