শিলচৰ: বৰাক উপত্যকাৰ এগৰাকী ২৫ বছৰীয়া যুৱকে ৰাষ্ট্ৰসংঘৰ এক বিশেষ সন্মিলনত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
অহা ২৭ মে’ৰ পৰা ৩০ মে’লৈ ডুবাইত অনুষ্ঠিত হ’বলগীয়া Best Diplomats United Nations Simulation Conference –ত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হোৱা নৃপেন্দ্ৰ দাস কৰিমগঞ্জ জিলাৰ সোন বিলৰ ফাকুৱা গাঁৱৰ নিৱাসী।
ইয়াৰ পূৰ্বেও দাসে ২০১৯ চনত ইণ্ডোনেচিয়াৰ বালিত অনুষ্ঠিত পৰিৱেশ সংক্ৰান্তীয় এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিছিল।
তেওঁ ‘Clean India Campaign’ আৰু ‘Rape Free India’ বাৰ্তাৰে ২০২০ চনৰ ডিচেম্বৰৰ পৰা ২০২১ চনৰ মে’লৈ শ্বিলং, গুৱাহাটী, শিলিগুৰি, দাৰ্জিলিং, ছিকিম, কলিকতা, মুম্বাই, কৰ্ণাটক, তামিলনাডু, আহমেদাবাদ, উত্তৰাখণ্ড, লেহ আৰু লাডাখ আদি বিভিন্ন অঞ্চল সামৰি দেশজুৰি এক চাইকেল যাত্ৰা সম্পূৰ্ণ কৰিছিল।
যুৱকজনে বলিউডৰ অভিনেতা ছনু সুডকো সাক্ষাৎ কৰিছিল আৰু অভিনেতাজনে দাসক যথেষ্ট প্ৰশংসা কৰাৰ লগতে ভৱিষ্যতে এনে সজাগতামূলক অভিযানৰ প্ৰতি সহায় আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰিছিল।
ৰাষ্ট্ৰসংঘৰ উক্ত সন্মিলনত দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰি যথেষ্ট উৎফুল্লিত হৈ পৰা দাসে ইষ্টম’জ’ৰ আগত কয়, ‘’মই জানুৱাৰীত ইয়াৰ বাবে কৰিছিলো। বিশ্বৰ ১৯০ দেশৰ পৰা অহা প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিব। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, বিশ্বায়ন তথা যুৱ প্ৰজন্মক লৈ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ে ইয়াত প্ৰাধান্য লাভ কৰিব।’’
উক্ত সন্মিলনত অংশগ্ৰহণৰ বাবে প্ৰাৰ্থী গৰাকী অন্ততঃ স্নাতক উত্তীৰ্ণ হ’ব লাগিব বুলি দাসে জানিবলৈ দিয়ে।
দাসে জনোৱা মতে সন্মিলনখনত ভাৰতক প্ৰতিধিত্ব কৰা তেওঁৱে হৈছে একমাত্ৰ প্ৰতিনিধি।
২০১৯ চনত অসম বিশ্ববিদ্যালয়ৰ পৰা ফাইন আৰ্টছত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰা দাসে বৰ্তমান শ্বিলং স্থিত North Eastern Hill University (NEHU)-ৰ পৰা সমাজ সেৱাত স্নাতক বিভাগত অধ্যয়ন কৰি আছে।
লগতে পঢ়ক –