নিউজ ডেস্কঃ পাংকু হাজৰিকা অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ এটা পৰিচিত নাম। অসমীয়া ছবিজগতৰ বহুকেইখন জনপ্ৰিয় চলচ্চিত্ৰত তেওঁ Makeup Artist আৰু Hair stylist হিচাপে কাম কৰিছে। মহানগৰীৰ ৰাজগড়ত তেওঁৰ Panku’s experts বুলি এখন বিউটী চেলুন আছে। ৯০ দশকতে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত খোজ পেলোৱা পাংকু হাজৰিকাৰ বৰ্তমান কেনেধৰণৰ struggle চলি আছে।  পাংকু হাজৰিকাৰ সৈতে হোৱা ইষ্টম’জ’ অসমৰ এক সংক্ষিপ্ত সাক্ষাৎকাৰ আপোনালোকলৈ আগবঢ়ালো-

প্ৰশ্নঃপাংকু হাজৰিকাৰ ফিল্ম ইণ্ডাষ্ট্ৰী লৈ যাত্ৰা কেনেদৰে সম্ভৱ হ’ল? 

পাংকু হাজৰিকাঃ মোৰ প্ৰথম ছবি আছিল ‘বুকুৰ মাজত জ্বলে’। ছবিখনৰ পৰিচালক আছিল ৰাজা বিষয়া (অশোক কুমাৰ বিষয়া)। সেই চিনেমাখনত মই হেয়াৰ ষ্টাইলিষ্ট হিচাপে কাম কৰিছিলো। সেইখন চিনেমা কৰোতে মোৰ যথেষ্ট অভিজ্ঞতাও হৈছিল। কৰিঅ’গ্ৰাফাৰ কমল নাথক লগ পাইছিলো। তেওঁৰ লগত মই আলোচনা কৰিছিলো যে লুক বোৰ কেনেদৰে decide কৰিব লাগে। ‘বুকুৰ মাজত জ্বলে’ চিনেমাখনৰ পিছত ‘তুমিয়েই মোৰ কল্পনা’ কৰিছিলো। এই চিনেমাখন কৰোতে মই অভিনেত্ৰী মলয়া গোস্বামীক লগ পাইছিলো।  মলয়া গোস্বামীৰ জৰিয়তে বাণী দাসৰ  ‘মন’ চিনেমাখনত মেকআপ আৰ্টিষ্ট হিচাপে কাম কৰাৰ সুযোগ লাভ কৰো। ‘মন’ চিনেমাখনেই আছিল মোৰ টাৰ্ণি পইন্ট। এগৰাকী গড মাদাৰ হিচাপে মই মলয়া বাইদেউক সদায়ে সন্মান কৰো। তেওঁ মোৰ গুৰু , তেখেতে মোক মাৰ্গ দৰ্শন দিছিল। 

প্ৰশ্নঃ দিল্লীলৈ প্ৰেয়সীয়ে কিয় লৈ গৈছিল? তাত গৈ ভয় কিয় খাইছিল পাংকু হাজৰিকাই?

পাংকু হাজৰিকাঃ মই চলচ্চিত্ৰত কাম কৰি থকাৰ মাজতেই মোৰ প্ৰেয়সীয়ে দিল্লীত থকা Lambency Chrysalls Academy ত মোৰ বায়’ডাটাখন দি দিলে। সেইখন আছিল World 2nd largest organisation .এদিনাখন মোলৈ ফোন আহিল যে তুমি ইন্টাৰভিউৰ বাবে select হৈছা। ইন্টাৰভিউ দিবলৈ মই নিজৰ মেকআপ কিট লৈ গৈছিলো। তেতিয়া তেওঁলোকে ক’লে যে ইয়ালৈ বহুত artist আহে কিন্তু কোনেও নিজৰ মেকআপ কিট লৈ নাহে তুমিয়েই প্ৰথম যিয়ে নিজৰ মেকআপ কিট লগত লৈ আহিছা। তেওঁলোকে মোক যি কৰিব ক’লে মই কৰি দেখুৱালো।তাৰ পাছত তেওঁলোকে মোক পিছৰ ৰাউণ্ডটোত আহিবলৈ ক’লে। পিছৰ ৰাউণ্ডটোৰ ১ঘন্টাৰ ইন্টাৰভিউ আছিল আৰু মই সেই ৰাউণ্ডটোতো নিৰ্বাচিত হৈ গ’লো। তাৰপিছত তেওঁলোকে সেই organisation খনত মোক প্ৰশিক্ষক হিচাপে যোগদান কৰিবলৈ ক’লে। মই যোগদান কৰিলো।

যেতিয়া মোৰ ওচৰত ট্ৰেইনিঙৰ বাবে বহুত ছাত্ৰ-ছাত্ৰী আহিছিল। তেওঁলোকৰ সন্মুখত কৰিও দেখাব লাগে আৰু বুজাবও লাগে । ইমান ভয় খাইছিলো সেই সময়ত। এনেকুৱা লাগিছিল মই নোৱাৰিম, মোৰ দ্বাৰা নহ’ব। কিন্তু Principal গৰাকী ইমান ভাল আছিল তেওঁ মোক সাহস দিলে। study material কিছুমান দিলে যিবোৰে মোক আগুৱাই যোৱাত বহুত সহায় কৰিলে।

প্ৰশ্নঃ এখন চিনেমাত বহুকেইটা চৰিত্ৰ থাকে।  পৰিচালকে যেতিয়া এখন চিনেমা অফাৰ কৰে আপোনালোকে চৰিত্ৰসমূহ কেনেধৰণেৰে analyze কৰি লয়।
পাংকু হাজৰিকাঃ
প্ৰথমে চৰিত্ৰটো  analyze কৰি ল’ব লাগিব যে অভিনেতা বা অভিনেত্ৰী গৰাকীৰ চৰিত্ৰটো কি? তেওঁৰ বয়স কিমান হৈছে আৰু কিমান বয়সৰ দেখাব লাগিব। script খন দি দিয়াৰ পাছত আমি ভালকৈ চৰিত্ৰ সমূহ study কৰি লও।

সম্পূৰ্ণ সাক্ষাৎকাৰটো চাবলৈ তলত উল্লেখ কৰা ইষ্টম’জ’ অসমৰ youtube link টো Click কৰক-

YouTube video

লগতে পঢ়কঃনিগেটিভ চৰিত্ৰই কিয় আকৰ্ষিত কৰে বলীউড অভিনেতা বলৰাম দাসক?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply