ৰাজৰ্ষি চহৰীয়া
ইষ্টম’জ’ অসমৰ ‘Celebrityৰ কথাৰে’ শিতানত এইবাৰ অসমীয়া চিনেমা জগতৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ সৈতে হোৱা সাক্ষাৎকাৰত বহু জনা-নজনা কথা কয় অভিনেত্ৰীগৰাকীয়ে। নতুন চিনেমাৰ প্ৰস্তুতি, অভিনয় জগতৰে জড়িত নহ’লে তেওঁ কি কৰিলে হেঁতেন, কা আন্দোলনকে ধৰি বিভিন্ন বিষয়ক লৈ এই সাক্ষাৎকাৰত কথা-বতৰা হয় অভিনেত্ৰীগৰাকীৰ সৈতে।
উল্লেখ কৰাৰ প্ৰয়োজন যে, সাক্ষাৎকাৰৰ পূৰ্বে ‘পিতা ঐ’ শীৰ্ষক এক গীত মুক্তি কৰে অভিনেত্ৰীগৰাকীয়ে। আৰু এই গীতটিৰ বিষয়ক প্ৰশ্নৰেই আৰম্ভ কৰা হয় এই সাক্ষাৎকাৰ।
এই সম্পূৰ্ণ সাক্ষাৎকাৰটোৰ লিখিত অনুবাদ আপোনালোকৰ বাবে তলত উল্লেখ কৰা হ’ল-
ইষ্টম’জ’ অসমঃ ‘পিতা ঐ’ শীৰ্ষক গীতটিৰ বিষয়ে কিছু কথা জনাওঁক।
প্ৰস্তুতি পৰাশৰঃ গীতটি হৈছে ‘মই নাটক কৰা ছোৱালী’ শীৰ্ষক নাটকখনৰ এটি গীত। এই গীতটি গাইছে জুবিন গাৰ্গে। অজয় ফুকনে মিউজিক এৰেঞ্জ কৰিছে। নাটকখনৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰা এটি গান, পিতৃ-মাতৃৰ প্ৰতি থকা দায়বদ্ধতাৰ এটা গান।
ইষ্টম’জ’ অসমঃ গীতটি মুক্তি দিয়াৰ সময়ত চাৰ্কোল অৱ লাইফৰ বিষয়ে আপুনি কৈছিল। সেই বিষয়ে কওঁকচোন।
প্ৰস্তুতি পৰাশৰঃ পিতৃৰ হাতত ধৰি সন্তানে বাট বুলিবলৈ শিকে, মাতৃৰ বুকুত সোমাই সন্তানে সপোন দেখে। কিন্তু সময়ৰ পাকচক্ৰত প্ৰায় প্ৰতিজন মানুহৰে জীৱনটো আকৌ শিশুতেই শেষ হয়হি আহি। প্ৰতিজন মানুহ আকৌ শিশুৰ সেই অৱস্থাটোলৈ ঘূৰি যায়। যেতিয়া পিতৃ-মাতৃয়ে সেই শিশু অৱস্থালৈ ঘূৰি যায় তেতিয়া সন্তানে পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত থৈ আহিব লাগে নে সন্তানে নিজে সৰু হৈ থাকোতে পিতৃ-মাতৃয়ে যেনেকৈ লালন-পালন কৰিছিল তেনেকৈ পিতৃ-মাতৃকো শুশ্ৰূষা কৰিব লাগে? এইটো কিন্তু ডাঙৰ প্ৰশ্ন আজিৰ সমাজত।
ইষ্টম’জ’ অসমঃ আপোনাৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে নেকি?
প্ৰস্তুতি পৰাশৰঃ মই মোৰ নিজৰ পিতৃ-মাতৃক আটাইতকৈ শীৰ্ষত ৰাখো। আৰু গানটোৰ নামো মই দিছিলো অজয় ফুকনক। বহু সময়ত দেখা পোৱা যায় সন্তানে পিতৃ- মাতৃক এটা সময়ত গৈ অনিহা কৰে। কিন্তু সেইবোৰে মোক বহুত কষ্ট দিয়ে। মোৰ পিতৃ-মাতৃক সুখী ৰখাটোৱে মোৰ প্ৰধান উদ্দেশ্য।
ইষ্টম’জ’ অসমঃ আপুনি থিয়েটাৰৰ সৈতে ব্যস্ত হৈ আছে, কিন্তু নতুন চিনেমাৰ কিবা কাম হাতত লৈছেনে?
প্ৰস্তুতি পৰাশৰঃ চিনেমাৰ বাবে সময় পোৱা নাই। এতিয়া থিয়েটাৰৰ সৈতে যিহেতু ব্যস্ত আছো। ৰাজকুমাৰী বুলি এখন চিনেমা আছিল, কিন্তু কোভিডৰ বাবে স্থগিত হৈ পৰিছে।
ইষ্টম’জ’ অসমঃ কোভিডৰ সময়ত OTT মঞ্চক সকলোৱে আঁকোৱালি লৈছে। আপুনি OTT মঞ্চত ৱেব ছিৰিজৰ বাবে প্ৰস্তুতি চলাইছে নেকি?
প্ৰস্তুতি পৰাশৰঃ এতিয়া থিয়েটাৰৰ সৈতেই জড়িত আছো। সেইকাৰণে বেলেগ কাম ভাবিব পৰা নাই। OTT প্লেটফৰ্মে এটা ছেঞ্জ আনিছে। OTT ৰ বাবে এতিয়া হাততে সকলোৱে সকলো বস্তু পোৱা হৈছে। কেতিয়া এনেকুৱা বিষয়বস্তুৰ ওপৰত কিছুমান চিনেমা-ৱেব ছিৰিজ বনোৱা হয়, যে সৰু সৰু ল’ৰা ছোৱালীবোৰৰ বাবে চিন্তা লাগে। কিয়নো OTT প্লেটফৰ্মত কোনো বাধা নাই। চাগে চেঞ্চৰৰ কোনো কথা নাই। তাৰ মাজতে বহুত ভাল ভাল Content তো চলি আছে। মানুহে চাই ভাল পায়। মই নিজেও চাওঁ।
ইষ্টম’জ’ অসমঃ OTT প্লেটফৰ্মৰ প্ৰভাৱ এদিন চিনেমা হলতো পৰিব নেকি?
প্ৰস্তুতি পৰাশৰঃ এটা সময়ত শুনা নাছিলো যদিও এতিয়া আকৌ ৰেডিঅ আমি শুনি ভালপাওঁ। গাড়ীত ৰেডিঅ’ই শুনি থাকো। পৰিৱৰ্তন হ’বই সমাজত।
ইষ্টম’জ’ অসমঃ প্ৰস্তুতি পৰাশৰ যদি অভিনেত্ৰী নহ’ল হেঁতেন, তেন্তে তেওঁ কি হ’ল হেঁতেন?
প্ৰস্তুতি পৰাশৰঃ মই গৃহিণী হ’লোহেঁতেন। একেবাৰে টিপিকেল হাউছ ওৱাইফ। দিনটো ঘৰৰ কাম কৰা। মাজতে মোৰ ভাল লগা গানবোৰ শুনিলো হেঁতেন।
ইষ্টম’জ’ অসমঃ ‘কা’ৰ বিষয়ত আপুনি কি ক’ব?
প্ৰস্তুতি পৰাশৰঃ কেব আহোতে মই প্ৰথম শিল্পী সমাজৰ পৰা ওলাই গৈ ব্যক্তিগতভাৱে বিৰোধিতা কৰিছিলো। যিসকলে ‘কা’ৰ সমৰ্থন কৰি আছে তেওঁলোকে কিয় সমৰ্থন কৰি আছো মই মোৰ সীমিত জ্ঞানেৰে বুজি পোৱা নাই। সমাজ এখন সুন্দৰকৈ চলিবৰ বাবে ধৰ্ম বিভাজন হ’ব নালাগে।
ইষ্টম’জ’ অসমঃ প্ৰস্তুতি পৰাশৰ আপোনাৰ সফলতা আৰু সুস্বাস্থ্যৰ কামনা কৰিলো। ধন্যবাদ।
প্ৰস্তুতি পৰাশৰঃ ধন্যবাদ।