সোণাৰিঃ চৰাইদেউ জিলাৰ চলা সংৰক্ষিত বনাঞ্চল খন দুষ্কৃতিকাৰীৰ কৱলত পৰি ধ্বংসৰ দিশে গতি কৰা সময়তে চলাপথাৰ গাঁওৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে গাঁওৰ ৰাইজে ইয়াক গ্ৰাম্য অভয়াৰণ্য নামকৰণ কৰি সম্প্ৰতি সংৰক্ষণৰ দায়িত্ব গ্ৰহণ কৰিছে।
শেহতীয়াকৈ চলা গ্ৰাম্য অভয়াৰণ্য সংৰক্ষণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে নতুন প্ৰজন্মই। চলা সংৰক্ষিত বনাঞ্চলখনক গ্ৰাম্য অভয়াৰণ্য হিচাপে নামাকৰণ কৰাৰ পাছৰে পৰা অব্যাহত আছে বনানীকৰণ কাৰ্যসূচী।
আৰু পঢ়কঃবিশ্বনাথত বাঢ়নী পানীয়ে সংযোগ বিচ্ছিন্ন কৰিলে বিশ্বনাথৰ বৰপথাৰ -মাজুলীগড় পথ
চলা ভিলেজ ছেংচুৱেৰী কনজাৰভেচন ছ’চাইটিৰ নেতৃত্বত কিছু বছৰৰপৰা চলাপথাৰ গাঁওৰ ৰাইজে সংৰক্ষণ কৰি আহিছে বনাঞ্চল খনক। চলা গ্ৰাম্য অভয়াৰণ্যত বছৰটোৰ বিভিন্ন সময়ত গছপুলি ৰোপণ কৰাৰ লগতে ইয়াৰ প্ৰতিপালন কৰি আহিছে গাঁওবাসীয়ে।
আনহাতে চলা ভিলেজ চেনচুৱেৰী কনজাৰভেচন চ’চাইটিক শেহতীয়াকৈ গাঁওখনৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলৰ নতুন প্ৰজন্ময়ো সহযোগিতা আগবঢ়াইছে।
বৃহস্পতিবাৰে গ্ৰাম্য অভয়াৰণ্যখনত একাংশ কিশোৰে যথেষ্ট সংখ্যক গছপুলি ৰোপণ কৰি বনানীকৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আনহাতে গ্ৰাম্য অভয়াৰণ্য খন সংৰক্ষণৰ বাবে সজাগতা বৃদ্ধি কৰিবলৈ কিশোৰৰ দলটোৱে পাৰ্শ্বৱৰ্তী অঞ্চলত এক চাইকেল সমদল বাহিৰ কৰে।