ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় ডিজিটেল আলোচনী ত প্ৰকাশ পোৱা তথ্য অনুসৰি
মানুহৰ ওপৰত পৰীক্ষাৰ অন্তত প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে মহামাৰী ক’ভিড ১৯ আৰু ইয়াৰ পাৰ্শ্ব ক্ৰিয়াৰ সৈতে যুঁজিবলৈ।
ক’ভিড মহামাৰীৰ ভয়াৱহ প্ৰকোপৰ মাজতে আশাৰ সঞ্চাৰ আনিছে VEDICAL-9 শীৰ্ষক ভাৰত জাৰ্মানীৰ কোম্পানী ভেডিচিনেলছ ইন্ডিয়া প্ৰাইভেট লিমিটেডৰ নিউট্ৰাক্ৰিটিকেলছ নামৰ ঔষধটোৱে ।
এই ঔষধটোৱে ক’ভিড ১৯ ৰ সহযোগী চিকিৎসাৰ ঔষধ ৰূপে প্ৰয়োগ কৰিব পাৰিব বুলি গৱেষণাত আশা প্ৰকাশ কৰা হৈছে । বিশেষকৈ দীর্ঘদিনীয়া ক’ভিড ১৯ ৰ লগতে ক’ভিড ১৯ ৰ পিছৰ সময়ছোৱাৰ ব্যাধি এই নিউট্ৰাক্ৰিটিকেলছ মেডিচিনে নাইকিয়া কৰিব বুলি পাৰিব বুলি প্ৰকাশ পাইছে | প্ৰাকৃতিক বনৌষধি যুক্ত উদ্ভিদৰ পৰা লোৱা ৯ টা বিশেষ সক্ৰিয় অণু(MOLECULE)ৰে তৈয়াৰ কৰা হৈছে এই নিউট্ৰাক্ৰিটিকেলছ Nutraceuticals মেডিচিন ।

উল্লেখযোগ্য এই ঔষধৰ গৱেষণা আৰু গৱেষণাৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ লগত জাৰ্মানী,পুনে আৰু হাইদৰাবাদৰ তিনিটা কোম্পানীৰ লগতে অসমৰ চৰাইদেউ জিলাৰ যুৱক অমৃত প্ৰীতম ভূঞাই বিশেষ ভূমিকা গ্ৰহণ কৰিছে। অমৃত প্ৰীতম ভূঞা আৰু তেওঁৰ সতীৰ্থ ডঃবৈভৱ চাবলে VEDICLINICAL19 ঔষধৰ COMPUTIONAL BIOLOGY & INSILICO DRUG DISCOVERY ৰ গৱেষণাৰ লগতে ঔষধৰ বাবে প্ৰয়োজনীয় শৰীৰৰ ৭১ টা বিশেষ ভূমিকাক সামৰি শ্বেত পত্ৰ প্ৰস্তুত কৰিছে।
বিদেশত উচ্চ শিক্ষা গ্ৰহণ কৰা অমৃত প্ৰীতম ভূঞা START UP COMPANY “MrBiologist”ৰ স্বত্বাধিকাৰী।কোম্পানীটোৰ ৱেবচাইটত প্ৰকাশ পোৱা অনুসৰি অনুসৰি অসম সন্তান অমৃত প্ৰীতম ভূঞাই তেওঁলোকৰ DIRECTOR OF BOARD তো স্থান লাভ কৰিছে।FSSI চৰ্টিফিকেটৰ সৈতে এই Nutraceuticals ইতিমধ্যে গ্ৰাহকৰ বাবে অনলাইনত উপলব্ধ হৈছে ঔষধবিধ।
লগতে পঢ়ক মহাকাশলৈ এইবাৰ কাঠৰ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণৰ প্ৰস্তুতি