শীঘ্ৰেই ৰাজ্যৰ সমগ্ৰ প্ৰশাসন ব্যৱস্থাত দেখা যাব ব্যাপক পৰিবৰ্তন। ইতিমধ্যেই ক্ষমতা আৰু দায়বদ্ধতাৰ বিকেন্দ্ৰীকৰণৰ বাবে সকলো পৰিকাঠামো সাজু কৰি তুলিছে বৰ্তমানৰ হিমন্ত বিশ্ব চৰকাৰে। জিলাভিত্তিক আৰু ৰাজ্যৰ ১২৬ টা সমষ্টিভিত্তিক হ’ব এই বিকেন্দ্ৰীকৰণ। শেহতীয়াকৈ তিনিচুকীয়াত অনুষ্ঠিত পঞ্চম জিলা উপায়ুক্ত সন্মিলনত গ্ৰহণ কৰা হৈছে একাধিক অভিলাষী সিদ্ধান্ত। ৰাজ্যৰ আটাইকেইগৰাকী উপায়ুক্ত, কেবিনেটৰ সদস্য আৰু শীৰ্ষ আমোলা-বিষয়াৰ উপস্থিতিত ৰাজ্য চৰাকাৰে গ্ৰহণ কৰা সিদ্ধান্তবোৰ অৱগতও কৰা হৈছে। ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাটোক অধিক ফলপ্ৰসূ, কৰ্মদক্ষ আৰু সৰল কৰিবলৈ আৰু চৰকাৰখনক নাগৰিকমুখী কৰি তুলিবলৈ ৰাজ্য চৰকাৰে ভালেমান গুৰুত্বপূৰ্ণ সাল-সলনি কৰিবলৈ লৈছে। গুৰুত্বপূৰ্ণ সাল-সলনিৰ সিদ্ধান্তবোৰ এনেধৰণৰ –
মাণ্ডলিক কাৰ্যালয়ৰ বিলুপ্বিতিকৰণ –
ৰাজ্যৰ সকলো মাণ্ডলিক আয়ুক্ত কাৰ্যালয় বিলুপ্তিকৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। যিহেতু বৰ্তমান ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ মাজৰ সম্পৰ্কত মাণ্ডলিক কাৰ্যালয়ে স্থান লৈ আছে সেইবাবে প্ৰক্ৰিয়াটো সহজ কৰিবলৈ মাণ্ডলিক আয়ুক্ত কাৰ্যালয়ৰ বিলুপ্তি ঘটোৱা হ’ব। এই বিলুপ্তিকৰণৰ লগে লগেই ৰাজ্য চৰকাৰৰ যিকোনো আঁচনি বা যিকোনো কামৰ বাবে জনসাধাৰণ আৰু প্ৰশাসনৰ প্রত্যক্ষ সম্পৰ্ক স্থাপন হ’ব।
বৰ্তমানৰ জিলা উপায়ুক্তৰ পদৰ নামৰ সলনি “জিলা আয়ুক্ত” হ’ব –
বৰ্তমানৰ জিলা পৰ্যায়ত থকা “উপায়ুক্ত” (Deputy Commissioner)ৰ পদৰ নাম সলনি কৰি “জিলা আয়ুক্ত” (District Commissioner) ৰ নাম দিয়া হ’ব। এই জিলা আয়ুক্তজনে জিলাখনৰ মুখ্য সচিবৰ মৰ্যাদাৰে নিজৰ কাৰ্য সম্পাদন কৰিব।
লগতে, জিলা আয়ুক্তজনক ৰাজহ, আন্তঃগাঁথনি আৰু আইন শৃংখলা সম্পর্কীয় বিষয়সমূহ নিৰীক্ষণ কৰিবলৈ এই তিনিটা বিভাগৰ অতিৰিক্ত আয়ুক্তই সহায় কৰিব।
জিলাখনৰ প্ৰশাসনিক মূৰব্বী হিচাপে কাম কৰিবলীয়া “জিলা আয়ুক্ত”গৰাকীয়ে জিলাখনৰ সকলো কৰ্মচাৰীৰ ৰদ বদল আৰু এচিআৰৰ কামবোৰ কৰিব। লগতে, তেওঁ সকলো বিভাগৰ কাম-কাজৰ তদাৰক কৰিব।
সমষ্টি সমূহক উপ-জিলালৈ পৰিৱৰ্তন –
বৰ্তমানৰ মহকুমাসমূহ বিলুপ্তিকৰণ কৰি প্ৰতিটো সমষ্টি উপ-জিলালৈ পৰিৱৰ্তন কৰা হ’ব। এই উপ-জিলাসমূহৰ প্ৰশাসনিক মূৰব্বী হিচাপে থাকিব এজন উপায়ুক্ত। অৰ্থাৎ সমষ্টিভিত্তিক বা উপ-জিলা পৰ্যায়ত এজনকৈ উপায়ুক্ত নিযুক্তি দিয়া হ’ব।
বৰ্তমানৰ অতিৰিক্ত আয়ুক্তজনকেই উপ-জিলা সমূহৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। উপ-আয়ুক্তগৰাকীৰ তলত এজন মহকুমাধিপতি পৰ্যায়ৰ বিষয়া থাকিব । লগতে, সহযোগী হিচাপে থাকিব ৰাজহ সংক্ৰান্তীয় কামৰ বাবে এজন চক্ৰ বিষয়া (Circle Officer) আৰু উন্নয়নমূলক বিষয় সন্দৰ্ভত থাকিব আন এজন চক্ৰ বিষয়া।
বিধায়ক-সাংসদ উন্নয়ন পুঁজিৰ কাম, অসম দর্শন, ভূমি ক্রয়-বিক্রয়ৰ অনুমতি-ম্যাদীপট্টাৰ আবণ্টন, মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান, সভা-সমিতিৰ অনুমতি প্রদান আদি কাম উপ-জিলাতে উপ-আয়ুক্তজনে কৰিব। অৰ্থাৎ দৈনন্দিন কামসমূহ উপ-জিলাতেই সম্পন্ন হ’ব।
ইয়াৰোপৰি, প্ৰতিখন উপ-জিলাক বা সমষ্টিক মাত্ৰ এটা ৰাজহ চক্ৰৰ সৈতে সংযুক্ত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
এই প্ৰশাসনিক বিকেন্দ্ৰীকৰণে জনসাধাৰণৰ কি লাভ হ’ব –
এই প্ৰশাসনিক বিকেন্দ্ৰীকৰণৰ ফলত জনসাধাৰণৰ বহুটো লাভ হ’ব। উদাহৰণস্বৰূপে, মৰাণ, ডিব্ৰুগড়, লাহোৱাল, দুলীয়াজান, টিংখং আৰু নাহৰকটীয়া – এই ৬ টা সমষ্টিৰে ডিব্ৰুগড় জিলাখন গঠিত। এই আটাইকেইটা সমষ্টিৰ ভিতৰত কেৱল ডিব্ৰুগড় সমষ্টিতহে উপায়ুক্তৰ কাৰ্যালয়কে ধৰি জিলাখনৰ প্ৰধান প্ৰধান কাৰ্যালয়সমূহ আছে। যাৰ বাবে বাকী পাঁচোটা বিধানসভাৰ সমষ্টিৰ লোকে কোনো প্ৰশাসনিক কাম কৰিবলৈ ডিব্ৰুগড় সমষ্টিলৈ যাবলগীয়া হয়। ইয়াৰ বাবে জনসাধাৰণ বহুখিনি অসুবিধাৰ সমূখীন হয়। ইয়াৰ লগতে প্ৰশাসন যন্ত্ৰটোৰ কামো যথেষ্ট পৰিমাণে বৃদ্ধি পায় আৰু জনসাধাৰণৰ কাম সমাধান কৰাৰ প্ৰক্ৰিয়া যথেষ্ট লেহেমীয়া হয়।
কিন্তু প্ৰশাসনৰ নতুন বিকেন্দ্ৰীকৰণ নীতিয়ে প্ৰতিটো সমষ্টিকেই উপ-জিলা হিচাপে মৰ্যদা প্ৰদান কৰিব। এই মৰ্যাদা প্ৰদানৰ লগে লগেই প্ৰশাসনৰ সকলো কাৰ্যালয় উপ-জিলা পৰ্যায়ত স্থাপিত হ’ব। অৰ্থাৎ এনে প্ৰশাসন ব্যৱস্থাত নিজৰ সমষ্টিতেই জনসাধাৰণে সকলো প্ৰশাসনৰ বা চৰকাৰৰ সুবিধাসমূহ সহজতেই লাভ কৰিব।
ইয়াৰ লগতে, যেতিয়াই প্ৰশাসনিক কাৰ্যালয়সমূহ সমষ্টিভিত্তিক হ’ব, তেতিয়াই ঠাইখন নগৰ লৈ উন্নীত হৈ পৰিব। ইয়াৰ বাবে ঠাইখনৰ উন্নয়ন হোৱাৰ লগতে জনসাধাৰণে সকলো কাম সহজতেই আৰু কম সময়তেই কৰাৰ বা লাভ কৰাৰ সুবিধা পাব পাৰিব।
পৰিচয় সলনি কৰিব নেকি এই নতুন প্ৰশাসনিক ব্যৱস্থাই,
এই নতুন প্ৰশাসনিক ব্যৱস্থাই কোনো লোকৰেই পৰিচয়, ঠিকনা আদি সলনি নকৰে। জিলা পৰিচয় সকলোৰে একেই থাকিব কেৱল মাত্ৰ কিছুমান প্ৰমাণ-পত্ৰ পূৰ (Form Fill-up) কৰাৰ সময়ত হয়তো মহকুমাৰ নামৰ ঠাইত উপ-জিলাৰ নাম সোধা হ’ব পাৰে।
উল্লেখ্য যে এয়া কেৱল প্ৰশাসনকেন্দ্ৰিক হিচাপেহে পৰিৱৰ্তন কৰা হৈছে। নিৰ্বাচনভিত্তিক যি পৰিচয় আছে তাত কোনো ধৰণৰ পৰিৱৰ্তন কৰা হোৱা নাই।
কেতিয়ালৈ কাৰ্যকাৰী হ’ব এই প্ৰশাসনৰ নতুন ব্যৱস্থা,
মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি, এই নতুন প্ৰশাসন ব্যৱস্থা কাৰ্যকাৰী হ’বলৈ প্ৰায় ৬ মাহ সময়ৰ প্ৰয়োজন হ’ব। অৰ্থাৎ, হয়তো বছৰৰ শেষৰ ফালে নতুবা ২০২৪ ৰ প্ৰথমৰ পৰা কাৰ্যকাৰী হ’ব এই নতুন প্ৰশাসনিক ব্যৱস্থা।
লগতে পঢ়ক – যেতিয়া ১০০ বছৰীয়া হব গুৱাহাটী প্ৰেছ ক্লাব!