আইনুল হক চৌধুৰীঃ জনাৰ্দন বড়ো। ব্যতিক্ৰমি ব্যক্তিত্ব, ব্যতিক্ৰমি চিন্তাৰ বাবেই বিখ্যাত তেও । প্ৰচাৰ নালাগে গোপনে নিজৰ কাম নিয়াৰীকৈ কৰি যোৱা এই গৰাকী জনাৰ্দন বড়ো ।
বকোৰ বিখ্যাত দিক্ষীতা চুইটচ্ এণ্ড বেকাৰীৰ স্বত্বাধিকাৰী। বৰপাৰাৰ জনাৰ্দন বড়ো অকল এখন হোটেলৰ মালিক নহয়। তেওঁ এজন সঁচা সংস্কৃতিৰ সাধক। এওঁৰ হোটেলখন এখন হোটেল বুলি ক’লে ভুল হ’ব। এখন কলাকেন্দ্ৰ বুলিলেহে শুদ্ধ হ’ব।
যি এবাৰ এই হোটেল খনত সোমাই তেওলোকৰ মনলৈ আহিব হোটেল খনৰ ভিতৰে বাহিৰে থকা কলা সুলভ চিন্তাচৰ্চা বোৰ । মনোমোহা হোটেলখনৰ চৌদিশে অসমৰ সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তিৰ ফটোগ্ৰাফ। হোটেলৰ সন্মুখত গীত কবিতাৰ প্ৰাচীৰ পত্ৰিকা। প্ৰতিমাহে অঞ্চলটোৰ নতুন প্ৰজন্মৰ লিখনিয়ে স্থান পায় প্ৰাচীৰ পত্ৰিকাত । কনকন ছাত্ৰছাত্ৰীয়ে অকা শিল্পকৰ্ম, অসমৰ পুৰোধা ব্যক্তিৰো জীৱনৰ চমু আভাস, কিছুমান কালজয়ী গীতৰ কলি আৰু যে অসংখ্য কৰ্মৰাজী হোটেল খনত সজাই ৰাখিছে নেদেখিলে অনুমান কৰিব নোৱাৰি। শংকৰদেৱ আজান ফকিৰৰ পৰা লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতি প্ৰসাদ, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, হীৰেন ভট্টাচাৰ্য লৈকে সকলোৰে ভিন্ন কৰ্মৰাজী হোটেলত ছবি সহ সজাই ৰাখিছে ।

কেৱল হোটেলৰ ভিতৰে বাহিৰে মহান অসমীয়াৰ প্ৰচাৰ কৰিয়েই ক্ষান্ত থকা নাই তেওঁ , অঞ্চলটোৰ নতুন প্ৰজন্মক তেওঁ সংস্কৃতিৱান কৰি গঢ়ি তোলাৰ বাবে প্ৰথম ব’হাগত আয়োজন কৰিছে কবিতা, চিত্ৰশিল্পৰ বিভিন্ন প্ৰতিযোগিতা। বহু সংখ্যক প্ৰতিযোগীয়ে অংশ লোৱা এই প্ৰতিযোগিতাত বিজয়ীসকলক পদক মানপত্ৰৰে সন্মানিত কৰে । সাধাৰন ভাবে জীৱন যাপন কৰা ব্যক্তি জনৰ অসাধাৰন চিন্তাচৰ্চাবোৰে অঞ্চলটোৰ নতুনকৈ উঠি অহা চামটোক উদ্বুদ্ধ কৰিছে । তাক লৈ তেও ব্যস্ত নহয়, ব্যবসায়ৰ মাজতে অঞ্চলটোৰ উঠি অহা প্ৰজন্মক কেনেদৰে আগুৱাই নিব পাৰি তাৰ বাবে নিজৰ সাধ্য অনুসৰি সকলো কৰিবলৈ তেও সাজু ।

দুই এক কামৰ দ্বাৰাই জনাৰ্দন বড়ো সম্পৰ্কে জনাতো সম্ভব নহয় । আনৰ সহায় কৰি ভাল পোৱা এই ব্যক্তি গৰাকীয়ে নতুন প্ৰজন্মক কেনেদৰে আমাৰ সমাজ ব্যবস্থাৰ সম্পৰ্কে অধিক সম্পৰ্ক গঢ়াত সহায় কৰিব পাৰে তাতেই ব্যস্ত । ১৯৯৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ ছাত্ৰ আছিল জনাৰ্দন বড়ো । সেই সময়ত বিশ্ববিদ্যালয় সপ্তাহ আটকধুনীয়াকৈ আয়োজন কৰাৰ নামত নিজৰ পৰা অজস্ৰ ধন খৰচ কৰি তেওঁ ধৰুৱা হৈছিল। সেই ধাৰ মাৰিবলৈ তেওঁ নিজৰ পৈতৃক ভূমি বিক্ৰী কৰিবলগা অৱস্থা হৈছিল।
চৰকাৰী চাকৰিৰ বাবে সামান্যতমো আগ্ৰহ প্ৰদৰ্শন নকৰি জীৱন সংগ্ৰাম আৰম্ভ কৰিছিল। অনিল ৰাভাৰ হোটেলত মেনেজাৰ হিচাপে কৰ্মত যোগদান কৰিছিল। কালক্ৰমত হোটেলখন বন্ধ হৈ যোৱাত জনাৰ্দন বড়োৰ জীৱনৰ কঠিন সময় আৰম্ভ হয়। ইয়াৰ পিছতো তেওৰ মনোবল আৰু ধৈৰ্য্য কমা নাছিল । সংগ্ৰামৰ মাজেৰে এইখিনি সময়ত এটি জুপুৰীত ২-৩ লিটাৰ গাখীৰ, চাহপাত, চেনি লৈ আৰম্ভ কৰিলে সৰুকৈ এখন চাহৰ হোটেল। সৰু হ’লেও গুণগত মানত অকণো কাৰ্পণ্য কৰা নাছিল হোটেলখনত। সময়ৰ গতিত সেইখনেই আজিৰ দীক্ষিতা। এতিয়া বকো অঞ্চলৰ চাহ ভাতৰ এখন লেখত ল’বলগীয়া হোটেল। বহু নিবনুৱাৰ সংস্থাপনৰ থলী আজি দিক্ষীতা। ব্যবসায়ৰ মাজতে নিজকে এজন প্ৰকৃত অসমীয়া হিচাবে হোটেলখনক কলা সংস্কৃতিৰ মিলনভূমিত পৰিণত কৰিছে।

জনাৰ্দন বড়োৰ এই আশাশুধীয়া কষ্টৰ ফল বকোৰ ৰাইজে নিশ্চয় পাব। নতুন প্ৰজন্ম তেওঁৰ দৰে সংস্কৃতিৱান হৈ বকোৰ নাম উজ্বলাব। কাৰণ নতুন প্ৰজন্মৰ প্ৰতিটো গল্প কবিতা প্ৰবন্ধ চিত্ৰাংকন জনাৰ্দন বড়োৰ দিক্ষীতা স-সন্মানে জিলিকি থাকে। বহুজন গ্ৰাহক হ’ল এই কৰ্মবোৰৰ পাঠক । তাৰ মাজত আকৌ বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰাই মানসিক উৎকৰ্ষ সাধন সম্ভৱ হৈ উঠিছে। সুযোগ্য ভলীবল খেলুৱৈ জনাৰ্দন বড়ো বকোৰ খেলুৱৈসকলৰ উৎকৰ্ষ সাধনৰো কেন্দ্ৰবিন্দু। নতুন প্ৰজন্মৰ বাবে এনে এক প্ৰচেষ্টা সঁচাকৈয়ে আদৰ্শনীয়।