আইনুল হক চৌধুৰী: সমগ্ৰ মুছলমান সমাজক মাদ্ৰাছাৰ মাজত পণবন্দী কৰি কংগ্ৰেছ, বামপন্থী, আৰু আজমল বাহিনীয়ে দিছপুৰ দখলৰ অংক কৰিছে। এই সপোন সফল হলে বিজেপিয়ে গোৰ মাৰি গংগাত পেলাব বিচৰা মুছলমান সমাজৰ অদূৰ ভৱিষ্যতে উদ্ধাৰ অসম্ভৱ। ক্ষমতালোভী কংগ্ৰেছ আৰু আজমলৰ এনে অংক বুজি পোৱাত সহজ। কিন্তু নাস্তিকতাবাদ আৰু বস্তুবাদত বিশ্বাসী বামপন্থী দলো কংগ্ৰেছ- আজমলৰ এনে সংকীৰ্ণতাবাদত সংপৃক্ত হৈ পৰাটো সঁচাকৈ লজ্জাজনক। এনে ৰাজনৈতিক ভণ্ডামিক সমূলি উচ্ছেদ কৰাৰ সময় সমাগত। আজমল বাহিনীক পাৰিলে চিৰদিনৰ বাবে বিদায় দিয়া উচিত।

এই কথা সচেতন মুছলমান সমাজে যিমান সোনকালে বুজি উঠে সিমানে মংগল। গণভিত্তি হেৰুৱাব ধৰা বামপন্থীসকলে এই কথা নিজেই ৰাইজৰ মাজলৈ লৈ যোৱা উচিত আছিল। তাকে নকৰি ১২৬ সমষ্টিৰ ৪টা ছীট কংগ্ৰেছ-আজমলৰ পৰা ভিক্ষা কৰি আনিছে দেবেন-মুনীন-বিবেক যুটীয়ে। এই ত্ৰিমূৰ্তিৰ মতে এয়া হেনো বিজেপিক ৰোধৰ এক ৰণকৌশল। হেৰৌ মহাশয়ত্ৰয় নিজৰ ভৰিৰ তলৰ মাটি আগতে খেপিয়াই চোৱা। কংগ্ৰেছ-আজমলৰ বোকোচাত উঠি এই ৰণকৌশল যুগুতাবলৈ সামান্যতমো লজ্জা নালাগিল।

আৰু পঢ়কঃ কাইলৈ ৰাজ্যত ৩৯টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

কংগ্ৰেছ-আজমলে চৌদিশে হুংকাৰ দি ফুৰিছে হিমন্তবিশ্বই বন্ধ কৰা মাদ্ৰাছা মহাজোঁটৰ চৰকাৰ হ’লে খুলি দিব। হেমেন-উদ্ধৱ-দেবেন-ইছফাকুৰ-সুপ্ৰকাশ-মুনীন-বিবেক তোমালোককো মাদ্ৰাছা লাগে নেকিহে? তোমালোকৰ অভিধানৰ পৰা নাস্তিকতাবাদ বস্তুবাদৰ আদৰ্শ মচি পেলালা নেকি? ধিক্‌! ইমান ভণ্ডামি তোমালোকৰ। চাৰিটা বৃদ্ধঘোঁৰাৰে বিজেপিক ৰোধ কৰাৰ দুঃসাহস।

তোমালোকৰ আস্তাবলত ডেকা ঘোঁৰা নাছিল নেকি আদৰ্শৰক্ষাৰ বাবে? নিজৰ নাই বাৰু ঠিকে বুজিলোঁ, অখিল লুৰীণো তোমালোকৰ বাবে এলাগী। তোমালোকে কিছুদিন আগলৈ কঠোৰ ভাষাৰে বিদ্ধ কৰা ভ্ৰষ্টাচাৰী, লুণ্ঠনকাৰী দল আছিল কংগ্ৰেছ। সাম্প্ৰদায়িক দল আছিল আজমলবাহিনী। গণতন্ত্ৰধ্বংসকাৰী আছিল হাগ্ৰামা মহিলাৰীৰ দল। আহ্‌, নিয়তিৰ কি পৰিহাস এতিয়া বামপন্থীৰ অক্সিজেন কংগ্ৰেছ-আজমল-হাগ্ৰামা। হেৰৌ মহাশয়সকল লজ্জাবোধ পুৰি খাইছে আপোনালোকে। ধিক্কাৰৰ ভাষা নাই।

আৰু পঢ়কঃ নুমলীগড় শোধনাগাৰ অইল ইন্ডিয়াক হস্তান্তৰ কৰাক লৈ নিৰ্বাচনী ৰাজনীতি তুংগত

কংগ্ৰেছ -আজমল -হাগ্ৰামাৰ বোজা বহন কৰিবলৈ বামপন্থীয়ে কৰ পৰা ধন-বিত গোটাইছে সেয়াও বিচাৰ্য্য বিষয়। দুৰ্নীতিবাজ বিষয়া ঠিকাদাৰৰ পকেটত বামপন্থী বহু আগতেই সোমাই যোৱাৰ তথ্য সৰ্বজনবিদিত। এইযাত্ৰাত এওঁলোক সমাজ ধ্বংসকাৰী বৰবিহ বিক্ৰেতাৰ পৰাও ধন সংগ্ৰহত লিপ্ত হৈছে। এওঁলোকৰ পৰা দুৰ্নীতিমুক্ত অসমতো দূৰৈৰ কথা নৱপ্ৰজন্ম নিচামগ্ন হলেও একো নাযায়। কাৰণ এওঁলোকৰ সন্তান অতি সন্তৰ্পণে উচ্চশিক্ষাৰে শিক্ষিত। দলৰ পৰাও বহুযোজন দূৰৈত।
এনে এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ মাজেৰে কাইলৈ নিৰ্বাচন। বিবেকবান মুছলমান সমাজে সিদ্ধান্ত লোৱাৰ সময় সমাগত। মাদ্ৰাছা-বানাত, জলসা, তবলিগী জামাতৰ মাজত আমি আবদ্ধ থাকিম নে?
নে সময়ৰ ডেউকা মেলি পোহৰৰ পৃধিৱীৰ সকলোৰে লগত খোজ মিলাই আগবাঢ়ি যাম। এই যাত্ৰাত আমাৰ প্ৰয়োজন অনুসৰি ধৰ্মীয় আচাৰ ব্যাৱহাৰ চলাই নিয়াত কোনেও কাকো বাধা নিদিয়ে। এয়াই ভাৰতৰ গণতন্ত্ৰ। আৰ এছ এছ বা বিজেপিয়ে যিমানেই চেষ্টা নকৰক কিয় সংবিধান আৰু বিশ্ব নেতৃত্বক উলাই কৰি আমাৰ কোনেও অনিষ্ট সাধন কৰিব নোৱাৰে।

আমাক কেতিয়াও পাকিস্থান আফগানিস্তান জাতীয় দেশে উদ্ধাৰ কৰিব নাহে। আমি নিজে নিজক উদ্ধাৰ কৰিব লাগিব। আৰু ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ মাজেৰেই আমি আমাৰ সপোন দিঠকত পৰিণত কৰিব লাগিব। এনেবোৰ কাৰণতে মই মোৰ ভোট বিজেপিৰ পক্ষত দিয়াৰ সিদ্ধান্তত উপনীত হৈছোঁ। দলটোৰ আদৰ্শৰ লগত মই একেবাৰে সংপৃক্ত নহয়। সভ্য সমৰ্থকো নহয়। কিন্তু কংগ্ৰেছ -আজমল-বামপন্থীৰ সংকীৰ্ণ পৰিকল্পনাত ভৰি থোৱাৰ একেবাৰে মন নাই। ঠেকা পালেহে মুছলমান জাতিয়ে উজলি উঠিব পাৰিব। নহ’লে চিৰদিনৰ বাবে পোতাশাললৈ যাব। তাৰ মাজতো সকীয়াই যাওঁ ভাৰতবৰ্ষৰ গণতন্ত্ৰ এইসকল তথাকথিত দলৰ পৰাও সুৰক্ষিত নহয়। যদিহে ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিক সু-শিক্ষাৰে শিক্ষিত হয় তেতিয়াহে ভাল বেয়াৰ বিচাৰ নিজেই কৰিব পৰা হ’ব।

(লেখকৰ ফোন নম্বৰ 94351-97831)

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply