কামৰূপ – নলবাৰী সীমান্তৰ পৰা ৰাজীৱ অগস্তি

তথ্য প্ৰযুক্তিবিদ্যাই দপদপাই থকা একবিংশ শতিকাতো উন্নয়নৰ চকু চাটমৰা পোহৰৰ মাজত অন্ধকাত জীৱন অতিবাহিত কৰা এখন গাঁও৷ য’ত মানুহৰ দৈনন্দিন প্ৰয়োজনবোৰো স্তব্ধ হৈ পৰে৷ শিশুৰ ভৱিষ্যতক লৈ বিনিদ্ৰ ৰজনী কটায় এই গাঁওৰ মাতৃয়ে৷ এই প্ৰতিবেদনত উল্লেখ কৰিব বিচাৰিছো নলবাৰী আৰু কামৰূপ গ্ৰাম্য জিলাৰ সীমান্তৰ এখন গাৱৰ কৰুণ কাহিনী৷

দোদতিয়া গাঁও৷ গাঁওখনৰ মাজেৰে বৈ আছে এখন খৰস্ৰোতা নদী। নৈখনৰ দুয়োপাৰে অসংখ্য মানুহৰ জীৱনধাৰা। তেওঁলোকৰ অন্তহীন অপেক্ষা যেন এতিয়াও অন্ত পৰা নাই৷ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ সময়টো এটাই মাথো অপেক্ষা – এখন পকী দলঙৰ। সম্প্ৰতি বাহৰ সাঁকোৰ মাজত ৰচিত হয় তেওঁলোকৰ জীৱনগাথাঁ৷

পকী দলঙখন নিৰ্মাণ নোহোৱাৰ বাবেই মানুহবোৰ জীৱনধাৰা প্ৰায় অচল৷ স্তব্ধ হয় শিক্ষা স্বাস্থ্যকে ধৰি বহুতো অতি প্ৰয়োজনীয় সেৱা৷ প্ৰতি বছৰে বাৰিষা কালত যিতিয়া নোনা নৈ খন ফেনে ফুটুকাৰে বাঢ়ি আহে তেতিয়া সুদীর্ঘ চাৰি মাহজুৰি এই গাওঁখন হৈ থাকে যোগাযোগ বিচ্ছিন্ন। বছৰটোৰ এই চাৰিটা মাহ যেন তেওঁলোকৰ বাবে হৈ পৰে একোটা যুগ। কিয়নো এই চাৰিটা মাহে নৈৰ ওপৰত ৰাইজে নিৰ্মাণ কৰা বাহৰ সাকোখন পানী উটি যায় ৷ যাৰ ফলত যোগাযোগ নাইকিয়া হৈ পৰে৷ নৈখন পাৰ হ’ব নোৱাৰাৰ বাবেই তেওঁলোক দৈনন্দিন বজাৰ সমাৰৰ পৰা বঞ্চিত হৈ থাকে। আনকি সুলভ মূল্যৰ দোকানখন নৈৰ সিপাৰে হোৱা বাবে চৰকাৰে প্ৰদান কৰা বিনামূলীয়া চাউলখিনিও আনিব নোৱাৰা হৈ পৰে৷ অতি দুখ লগা যে এই সময়ছোৱাত অবোধ শিশু তথা গৰ্ভৱতী মহিলাৰ বাবে অংগনবাড়ী কেন্দ্ৰই যোগান ধৰা পুষ্টিকৰ খাদ্যৰ যোগানো বন্ধ হৈ পৰে।

বাৰিষাৰ সময়ছোৱাত গাঁওৰ কোনোবা লোক যদি বেমাৰত আক্ৰান্ত হয় তেন্তে সেই পৰিয়ালটোৱে উপায়ন্তৰ হৈ পৰে৷ পথ ব্যৱস্থা সুচল নোহোৱাৰ বাবে এম্বুলেঞ্চো গাঁওত প্ৰৱেশ কৰিব নোৱাৰে৷ এম্বুলেন্সৰ ক্ষেত্ৰত আকৌ ৰঙিয়াই নলবাৰীলৈ বাৰ্তা প্ৰেৰণ কৰাৰ পিছতহে এম্বুলেন্স আমি লাভ কৰো৷ ইপিনে এম্বুলেন্সৰ পৰা সঠিক উত্তৰ পোৱাৰ লগে লগে ৰোগীক ঠেলাগাড়ীৰে প্ৰায় দুইকিলোমিটাৰ কঢ়িয়াই নিজ খকটা গাৱলৈ নিয়া হয় ৷ আৰু তাৰ পৰা এম্বুলেন্সেৰে চিকিৎসালৈ নিয়া দুৰ্দশাও এই গাৱত বহুবাৰ হৈছে ৷যদি দলংখন থাকিল হেতেন তেন্তে নিমিষতে ৰঙিয়াৰ সমীপৱৰ্তী সাহান মেডিকেল পোৱা গলহেতেন ৷ আনহাতে সিপাৰে থকা সুলভ মুল্যৰ দোকানৰ পৰা বাৰিষা ১০-১২ কিলোমিটাৰ বাটকুৰি বাই দুই তিনিমাহৰ মুৰত চাউল আনিব লগা হয় যাৰ ফলত দোকানী আৰু গ্ৰাহকৰ মাজত কাজিয়াৰ সুত্ৰপাতো হয় ৷আকৌ দুই এজনে মৰণক শৰণ দি ভৰা নৈ সাতুৰি সুলভ মুল্যৰ চাউলখিনি আনিব লগা হয় ৷এনে নকৰিলে তেওঁলোকে লঘোনে দিন কটাব লাগিব ৷এই কৰুণ মন্তব্য কৰে দোদতীয়া গাঁৱৰ এজন বাসিন্দা চফিকুৰ আলিয়ে।

কামৰূপ গ্ৰাম্য জিলা তথা ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত দোদতিয়া গাঁৱৰ প্ৰায়সংখ্যক লোক কৃষিজীৱী৷ চৰকাৰী চাকৰিয়াল বুলিবলৈ মাত্ৰ এজন৷ প্ৰতি বছৰে নোনা নৈৰ পলসুৱা মাটিত খেতি যথেষ্ট চকুত লগা হয়৷ কিন্তু অতি পৰিতাপৰ বিষয় যে এখন দলঙৰ অভাৱ আৰু বাট পথৰ ব্যৱস্থা সুচল নোহোৱাৰ বাবে গাওঁখনৰ খেতিয়ক সকলে উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ বজাৰলৈ লৈ যাবলৈ অসমৰ্থ হয়। একাংশ খেতিয়কে পেটৰ তাড়নাত উৎপাদিত সামগ্ৰী বজাৰলৈ নিয়ে যদিও অশেষ কষ্ট স্বীকাৰ কৰিবলগীয়া হয়। ইয়াৰ উপৰি বাৰিষা কালত যোগাযোগ ব্যৱস্থা নাইকিয়া হোৱাৰ বাবে উৎপাদিত ফচলসমূহ বজাৰ অবিহনে পেলাই দিবলগীয়া হয়৷ আনকি ল’ৰা ছোৱালীয়ে বিদ্যালয়লৈ যাব নোৱাৰাৰ ফলত শিক্ষাও আধাতে সামৰি শ্ৰমিকৰ কাম কৰা জীৱন আৰাম্ভ কৰিব লগীয়া হয় ৷কিয়নো গাওঁখনলৈ আহা যোৱাৰ বাবে একমাত্ৰ পথ হৈছে মথাউৰি ৷ বাৰিষা মথাউৰি প্ৰায়ে ভাঙে যাৰ বাবে প্ৰতিটো বাৰিয়া তেওঁলোকে দ্বীপত থকাৰ দৰে জীৱন কটাব লগীয়া হয়৷ এই ক্ষোভ ব্যক্ত কৰে আন এগৰাকী স্থানীয় বাসিন্দা আনজুল আলীয়ে।

দলং নিৰ্মাণ সম্পৰ্কত গাঁওৰ জ্যেষ্ঠ ব্যক্তি ৰৌচন আলীয়ে ক্ষোভ ব্যক্ত কৰি কয় যে ইয়াৰ ৰাইজে এখন দলঙৰ বাবে এবাৰ মাত্ৰ আবেদন কৰা নাই। ৰাইজে বহুবাৰ চৰকাৰৰ ওচৰত আবেদন অনুনয় বিনয় কৰিছে। স্থানীয় বিধায়ক ভবেশ কলিতাই এবাৰ এজন অভিযন্তাক লগত লৈ বাহৰ সাঁকোখনৰ মাজলে আহি কৈছিল দুই তিনিমাহৰ ভিতৰত এই দলং নিৰ্মান হৈ উঠিব৷ বিধায়ক কলিতাই অভিযন্তাজনক দ্বিতীয় দিনাৰ পৰাই কাম আৰম্ভ কৰিবলৈ একপ্ৰকাৰ নিৰ্দেশ দিছিল৷ আনকি তেওঁ দলং খনৰ বাবদ ৫০ লক্ষ টকা অনুমোদন হোৱা বুলিও স্পষ্ট কৰিছিল৷ পৰবৰ্তী দিনা দলং নিৰ্মানৰ বাবে নিশ্চিত কৰা ঠাইত জোখ মাখ কৰি গোৱাদাৰ সমূহ (দলঙৰ কামত ব্যৱহাৰ হোৱা ডাঙৰ ডাঙৰ লোৰ চুঙা )পেলোৱা হ’ল। কিন্তু কি অদৃশ্য শক্তিৰ প্ৰভাব পৰিল যাৰ বাবে ঠিকাদাৰে পেলোৱা সামগ্ৰীসমুহ তিনি চাৰিদিন মান পিছতে উঠাই লৈ গ’ল৷ পিছত এই সম্পৰ্কত দুই এজনে ক’লে যে বিজেপিৰ কেইজনমান নেতাৰ খোৱা কামোৰাৰ বাবে দলঙৰ কামটো বন্ধ হৈ থাকিল। তাৰ পিছৰে পৰা দলঙৰ বিষয়টো ধূসৰ হৈ পৰিল৷ আগন্তুক দিনত চৰকাৰ কিম্বা স্থানীয় বিধায়কে যদি এই দাবী পূৰণ নকৰে তেন্তে তেওঁলোকে ৰাজহুৱা ভাবে ভোট বৰ্জন কৰিবলৈ কঠোৰ সিদ্ধান্ত ল’ব৷

গাওঁবাসীৰ ক্ষোভ অসন্তুষ্টিৰ মাজত অসহায় স্থানীয় গাওঁবুঢ়া জিতেন বড়ো। দোদতীয়া গাওঁখনৰ মাজেৰে বৈ যোবা নোনা নৈ সিপাৰে জয়ন্তিপুৰ গাওঁ৷এই গাৱতে গাওঁবুঢ়াৰ ঘৰ ৷ বিদ্যালয় উপ স্বাস্থ্যকেন্দ্ৰ ৰেচনৰ দোকান আদি সকলো বোৰ নৈৰ সিটোপাৰে অৱস্থিত ৷সেয়েহে প্ৰায় হাজাৰৰো অধিক লোকৰ বসতি থকা সিপাৰৰ মানুনখিনি ইপাৰলে আহিবলে দলংখনৰ অতি প্ৰয়োজন ৷এই বিষয়ে স্থানীয় বিধায়ক ভবেশ কলিতা আৰু লোকনিৰ্মাণ বিভাগক কেবাবাৰো তেওঁ আবেদন ভাগৰি পৰিছে ৷

উন্নয়ন আৰু পৰিবৰ্তনৰ সপোন দেখুৱাই দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰে পাঁচ বছৰ সম্পূৰ্ণ কৰি পুনৰাই দ্বিতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচিত হল কিন্তু দোদতীয়াবাসী ৰাইজৰ উন্নয়ন আৰু জীৱনযাত্ৰাৰ পৰিৱৰ্তন একো নহল। বিগত নিৰ্বাচনৰ সময়ত কিন্তু চৰকাৰে পূৰ্বৰ প্ৰতিশ্ৰুতিকে লৈ পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷ চৰকাৰো পৰিপক্ব হ’ল, কিন্তু এইসকল দুৰ্ভগীয়া লোকৰ জীৱনলৈ পৰিৱৰ্তন নাহিল ৷ চৰকাৰৰ ওপৰত যেন ৰাইজৰ আস্থা ক্ৰমাৎ নাইকীয়া হব ধৰিছে৷ এতিয়া এই প্ৰশ্নৰ উত্তৰৰ অপেক্ষাত ৰৈছে দোদতিয়াবাসী ৰাইজ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply