ভাৰতৰ ভূখণ্ডৰ সমীপত চীনে ধাৰাবাহিকভাৱে চলাই আহিছে আন্তঃগাঠনি নিৰ্মাণৰ কাম। ইষ্টম’জ’ৰ হাতত পৰা কেতবোৰ এক্সক্লুছিভ ভিডিঅ’ত চীনে অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ সমীপত আন্তঃগাঠনি নিৰ্মাণৰ কাম চলাই থকা দেখা গৈছে।
যোৱা ১১ আগষ্টত সীমান্তত টহলৰ বাবে যোৱা এটা ভাৰতীয় সেনাৰ এটা এল আৰ পি (long-range reconnaissance patrol) দলে অৰুণাচল প্ৰদেশৰ আনজাউ জিলাৰ সীমান্তৱৰ্তী গাঁও চাগলাগামৰ পৰা এই ফটো আৰু ভিডিঅ’সমূহ গ্ৰহণ কৰিছিল।
আমি লাভ কৰা উক্ত দৃশ্যসমূহত চীনা সৈন্যবাহিনী People’s Liberation Army (PLA)-ৰ উপস্থিতিত উক্ত নিৰ্মাণ কাৰ্য চলাই থকা দেখা যায়। নিৰ্মাণস্থলীত তিনিখন এস্কেভেটৰো দেখিবলৈ পোৱা যায়। সূত্ৰ অনুসৰি হাডিগ্ৰা (Hadigra) হ্ৰদৰ সমীপত উক্ত নিৰ্মাণকাৰ্য চলাই থকা হৈছে।
Google-ৰ পৰিমাপণ tool সহায়ত চীনে নিৰ্মাণ কাৰ্য চলাই থকা ঠাইখিনিৰ দূৰত্ব অৰুণাচলৰ চাগলাগাম গাঁৱৰ পৰা ৩০ কিঃমিঃতকৈ কম বুলি জানিব পৰা যায়। ইপিনে নিৰ্মাণস্থলীৰ উত্তৰ দিশৰ দৃশ্যই আৰু এটা কথা নিশ্চিত কৰিছে যে সেই স্থানত PLA-ৰ কেম্প বা কলনী আছে।
ইষ্টম’জ’য়ে এই বিষয়ে ভাৰতীয় সেনাৰ বিষয়াৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে আন্তঃগাঠনিৰ নিৰ্মাণকাৰ্য চলি থকাৰ কথা সত্য বুলি নিশ্চিত কৰে। অৱশ্যে, এই নিৰ্মাণকাৰ্য Line of Actual Control-ৰ চীনৰ অধীনত পৰা ভূমিত চলাই থকা হৈছে বুলি সূত্ৰটোৱে লগতে স্পষ্ট কৰি দিয়ে। তদুপৰি উক্ত সূত্ৰই আমাক এই কথাও জনাই যে দৃশ্যসমূহ যথেষ্ট দূৰৰ পৰা ডাঙৰ অপটিকেল ৰে’ঞ্জ (larger optic range) যুক্ত ডিভাইচৰ সহায়ত সংগ্ৰহ কৰা হৈছিল।
উল্লেখযোগ্য যে ভাৰতে বাৰম্বাৰ আপত্তি কৰি অহা সত্ত্বেও চীনে ভাৰতৰ সীমান্তত বিভিন্ন আন্তঃগাঠনিমূলক প্ৰকল্পৰ কাম চলাই আহিছে। ২০২১ চনত NDTV-এ এক বাতৰি প্ৰকাশ কৰিছিল য’ত তেওঁলোকে চীনে অৰুণাচল প্ৰদেশৰ ভূমিত নিৰ্মাণ কৰা কমেও ৬০ টা ঘৰ থকা এখন গাঁৱৰ ছেটেলাইট ইমেজ প্ৰকাশ কৰিছিল।
ইয়াৰ পূৰ্বে ২০১৯ চনত, অৰুণাচল প্ৰদেশৰ বিজেপি সাংসদ টাপিৰ গাউৱে সেই বৰ্ষৰ জুলাই-আগষ্ট মাহত চীনৰ সেনাবাহিনীয়ে ভাৰতৰ ভূখণ্ডৰ ১২ কিঃমিঃ ভিতৰলৈ সোমাই আহি অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছিল বুলি দাবী কৰিছিল।
সাংসদ গৰাকীৰ মতে চীনা সেনাই ভাৰতৰ ভূখণ্ডৰ কমেও ১২ কিঃমিঃ ভিতৰলৈকে খোজ কাঢ়ি সোমাই আহি অৰুণাচলৰ ডিবাং উপত্যকা জিলাৰ Anrella উপত্যকাত প্ৰৱেশ কৰিছিল।
অত্যন্ত গোপনীয়তা ৰক্ষা কৰি চলা চীন ৰাষ্ট্ৰই কি উদ্দেশ্যত অৰুণাচল প্ৰদেশৰ কাষত এই নিৰ্মাণকাৰ্য চলাইছে সেয়া এতিয়া ক’ব পৰা নাযায় যদিও অৰুণাচল প্ৰদেশ সন্দৰ্ভত চীনে বিভিন্ন সময়ত কৰি অহা দাবী আৰু দেশখনৰ পূৰ্বৰ গতিবিধি প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় সেনাই এইক্ষেত্ৰত সতৰ্ক দৃষ্টি ৰাখিছে।
লগতে পঢ়ক – ‘বিদ্যালয় বন্ধ কৰাৰ পৰিৱৰ্তে বিদ্যালয়ৰ পাঠদান উন্নত কৰাটোহে প্ৰয়োজন’: দুই মুখ্যমন্ত্ৰীৰ বাকযুদ্ধ