নিউজ ডেস্ক: ২০২১ চনত একেৰাহে চতুৰ্থ বাৰৰ বাবে অসমে ৰচনা কৰিছিল এক অত্যন্ত অবাঞ্চিত তথা লজ্জাজনক অভিলেখ, দেশৰ ভিতৰতে মহিলাৰ বিৰুদ্ধে সৰ্বাধিক অপৰাধ সংঘটিত ৰাজ্যৰ দুৰ্নাম। IndiaSpend -ৰ তথ্য অনুসৰি ২০০৫ আৰু ২০১৯ চনৰ ভিতৰত অসমত প্ৰতি ১০০,০০০ গৰাকী মহিলাৰ ওপৰত ধৰ্ষণৰ হাৰ ৩৩ শতাংশ বৃদ্ধি পাইছে। এই সংখ্যা যদি আপোনাৰ বেছি যেন লাগিছে তেন্তে ৰাষ্ট্ৰীয় অপৰাধ ৰেক’ৰ্ড ব্যুৰো (NCRB)-ৰ এই তথ্যলৈ মন কৰক: ধৰ্ষণৰ হাৰ হিংসা (৪০৯ শতাংশ), যৌন উৎপীড়ন (৩০৯ শতাংশ) আৰু অপহৰণৰ (২৬৭ শতাংশ) তুলনাত ‘যথেষ্ট কম’হে।

দীৰ্ঘকাল ধৰি নামনি অসমৰ ৰঙিয়াৰ ৰুনজুন বেগম আছিল হিংসাৰ বলি হোৱা এনে হাজাৰ গৰাকী মহিলাৰ মাজৰ আন এগৰাকী মহিলা। এই সময়খিনিত বেগমে এনে বহু মুহুৰ্ত পাৰ কৰি আহিছে য’ত তেওঁ নিজৰ জীৱনটো শেষ কৰি দিয়াৰ কথা ভাবিছিল। স্বামীৰ আৰু স্বামীৰ পৰিয়ালৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰাৰ উদ্দেশ্যৰে এদিন তেওঁ ঘৰৰ এৰি পলাই আহিছিল। কিন্তু এটা দশকৰ পিছত, আত্মহত্যাৰ কথা ভবা সেই গৰাকী মহিলাই এতিয়া নিজকে পিছপৰা সংখ্যালঘু সম্প্ৰদায়ৰ পৰা অহা এগৰাকী আদৰ্শ উদ্যোগী মহিলা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ভাবিলে ভয় লগা সেই বিশেষ নিশাটোৰ কথা বেগমে এতিয়া আৰু মনত পেলাব নিবিচাৰে; কিবা কৰি তেওঁ নিজৰ চহৰৰ পৰা অহা এখন বাছত উঠি দিছিল আৰু কি ঘটি আছে তাক বুজি পোৱাৰ আগেয়ে বাছ আহি গুৱাহাটীৰ জালুকবাৰিত উপস্থিত হয়।

কম বয়সতে বিবাহ আৰু তাৰ পিছত ঘৰুৱা হিংসা

এটি পিছপৰা পৰিয়ালত জন্মগ্ৰহণ কৰা বেগমৰ কাহিনীও তেনে আন মহিলাসকলৰ দৰে প্ৰায় একেই; মেট্ৰিকৰ ডেওনা সম্পূৰ্ণ কৰাৰ পিছতে মাত্ৰ ১৬ বছৰ বয়সত ৰঙিয়াৰ আটোৱাৰ হুছেইনৰ সৈতে ৰুনজুন বেগম বিবাহপাশত আৱদ্ধ হৈছিল। ইষ্টম’জ’ৰ আগত নিজৰ বৈবাহিক জীৱনৰ কথা উল্লেখ কৰি বেগমে কয়, ‘প্ৰথম বছৰকেইটা ঠিকে ঠিকে পাৰ হৈ গৈছিল। বিয়াৰ এবছৰ পিছত (২০০৭ চন) আমাৰ ডাঙৰজনী ছোৱালী ৰিয়া নাৰ্গিছৰ জন্ম হয়, দুবছৰ পিছত দ্বিতীয় কন্যা নুৰী নাৰ্গিছৰ জন্ম হয়। দ্বিতীয় কন্যা জন্ম হোৱালৈকে কথাবিলাক ঠিকে আছিল। মোৰ পতি আৰু শহুৰৰ পৰিয়ালে মই দ্বিতীয়বাৰৰ বাবে ছোৱালী সন্তান জন্ম দিয়া বুলি জনাৰ পিছতে মোৰ ওপৰত নিৰ্যাতন আৰম্ভ হয়। তিনি বছৰ ধৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলিল।’

‘ইয়াৰ মাজতে মই পুনৰ গৰ্ভৱতী হওঁ। গৰ্ভাৱস্থাৰ কথা গম পোৱাৰ পিছতে স্বামী আৰু শহুৰ পৰিয়াল খড়্গহস্ত হৈ উঠে, কাৰণ তেওঁলোকে মোৰ তৃতীয়টো সন্তানো ছোৱালী হ’ব বুলি ধৰি লৈছিল। বিভিন্ন ধৰণে মোক গৰ্ভপাত কৰাৰ বাবে খুব হেঁচা দিছিল, কিন্তু মই মুঠেও ৰাজী নহ’লো,’ তেওঁ লগতে কয়।

২০১৩ চনৰ ১১ ফেব্ৰুৱাৰীৰ দিনা বেগমৰ জীৱনে এটা দিশ লয়। সেই দিনা তেওঁ নিজৰ বাবে থিয় হোৱাৰ সিদ্ধান্ত লয় আৰু নিজৰ দুই কণমানি কন্যাকে ধৰি সকলো এৰি থৈ শহুৰৰ ঘৰৰ পৰা পলাই আহে।

‘পলাই যোৱাটোৱে মোৰ বাবে একমাত্ৰ বাট আছিল, কাৰণ মই জানিছিলো যে যদি মই পলাই নাযাওঁ সিহঁতে মোক মাৰি পেলাব। এইয়া মুঠেই সহজ সিদ্ধান্ত নাছিল…মোৰ গৰ্ভত এটি ৫ মহিয়া সন্তান আছিল। কিন্তু আনৰ হাতত মৰাতকৈ নিজে আত্মহত্যা কৰি মৰি যোৱাই ভাল আছিল। এক অৰ্ধচেতন অৱস্থাত হাতত মাত্ৰ ৩০ টকা লৈ, আৰু পথৰ কোনো জ্ঞান নথকাকে, মই এখন বাছ ধৰি জালুকবাৰীত উপস্থিত হওঁ। বাটত লগ পোৱা এহাল দম্পত্তিয়ে মোক মানৱ অধিকাৰ আয়োগত এটা গোচৰ ৰুজু কৰাত সহায় কৰে,’ তেওঁ কয়।

মানৱ অধিকা আয়োগত বেগমে দুগৰাকী অধিবক্তাক লগ পাই – পবিত্ৰ হাজৰিকা আৰু এলেন মহন্ত। তেওঁলোকে বেগমক আইনী যুঁজত সহায় আগবঢ়োৱা বুলি জানিবলৈ দি বেগমে কয়, ‘পবিত্ৰ হাজৰিকা আৰু এলেন মহন্তই মোক ‘নিৰ্মল আশ্ৰয়’লৈ লৈ যায় আৰু তাতে মই দ্বিতীয় এটা জীৱন লাভ কৰো।’

প্ৰথম কিছু মাহ বিভিন্ন স্থানত পাৰ কৰাৰ পিছত বেগমে গুৱাহাটীৰ পাথৰকুৱেৰীত থকা আশ্ৰয় গৃহ ‘নিৰ্মল আশ্ৰয়’ আশ্ৰয় গ্ৰহণ কৰে, সেই সময়ত তেওঁ ৯ মাহৰ গৰ্ভৱতী আছিল। ‘আশ্ৰয় গৃহটোৰ বিষয়াসকলক মোৰ জীৱনলৈ দেৱদূতৰ ৰূপত আহিছিল। তেওঁলোকৰ নেৰানেপেৰা উৎসাহৰ বাবেহে মই আজিৰ এই মানুহজনী হৈ উঠিব পাৰিলো। মোৰ ল’ৰা লাকি (নিজামুল হুছেইন) জন্ম হোৱা এসপ্তাহ পূৰ্বে তেওঁলোকে কেৱল প্ৰসৱৰ সকলো ব্যৱস্থা কৰি দিয়া নহয় মোৰ আৰু মোৰ নৱজাত সন্তানৰ ভালকৈ শুশ্ৰূষা কৰিছিল,’ তেওঁ কয়।

সন্তানৰ জন্মৰ পিছত আৰু পাঁচ মাহ নিৰ্মল আশ্ৰয়ত থাকি তেওঁ চিলাই আদি হস্তশিল্পৰ কাম কৰিবলৈ শিকে। কামৰ প্ৰতি থকা তেওঁৰ এই আগ্ৰহ আৰু উদ্যম দেখা পাই আশ্ৰয় গৃহটোৰ এগৰাকী জ্যেষ্ঠ সদস্যা জ্যোতি ৰাজখোৱাই বেগমক এটা চিলাইৰ মেচিন দান কৰে যিটোৰে তেওঁ কাপোৰ চিলোৱা আৰম্ভ কৰে।

এগৰাকী উদ্যোগী মহিলা হিচাপে আত্মপ্ৰকাশ

এবছৰ পিছত এখন চিলাইৰ দোকান খোলাৰ মন লৈ বেগমে নিৰ্মল আশ্ৰয়ৰ এৰি আহে। প্ৰথম কেইটামান মাহত তেওঁ আন এখন চিলাইৰ দোকানত দৰ্জী হিচাপে কাম কৰিছিল, কিন্তু কঠোৰ পৰিশ্ৰমৰ বলত কম দিনৰ ভিতৰতে তেওঁ জালুকবাৰীত আৰম্ভ কৰে নিজা চিলাইৰ দোকান – ‘লাকি টেইলৰ’।

‘কি ঘটিল মোৰ এতিয়াও বিশ্বাস নহয়, এটা বছৰৰ ভিতৰতে মই নিৰ্যাতনৰ ভুক্তভোগীৰ পৰা এগৰাকী ব্যৱসায়ী মহিলালৈ পৰিণত হ’লো। লাহে লাহে মোলৈ বাল্ক অৰ্ডাৰ অহা আৰম্ভ হ’ল আৰু মই কৰা কাম বিলাক অসমৰ বিভিন্ন ঠাইৰ লগতে বাহিৰলৈও যাব আৰম্ভ কৰিলে,’ তেওঁ কয়।

বৰ্তমান লাকি টেইলৰৰ দুটা শাখা আছে, এটা জালুকবাৰীৰ নতুন বস্তিত আৰু আনটো জালুকবাৰীৰ মছজিদ গলিত। ‘ঠাণ্ডাৰ দিনত আমি ব্লেংকেট কভাৰ, পৰ্দা, আঁঠুৱা আদি চিলাওঁ আৰু গৰমৰ দিনত কুৰ্তা, পালাজো আদি গৰমত পিন্ধা কাপোৰ চিলাওঁ,’ তেওঁ জানিবলৈ দিয়ে।

নিজৰ সাফল্যত গৌৰৱাম্বিত বেগমে এমোকোৰা হাঁহিৰে কয়, ‘ভগৱানৰ আশীৰ্বাদ আৰু সকলোৰে সহায়ৰ ফলত প্ৰায় বিলাক মাহতে মই ৫০,০০০ৰ পৰা ১ লাখ টকা উপাৰ্জন কৰোঁ। দুটা সংখ্যাৰ পৰা ৫টা সংখ্যালৈ এই যাত্ৰা সঁচাকৈ অভূতপূৰ্ব।’

বেগমৰ এখন নিজা তাঁতশাল খোলাৰ মন আছে, ‘আমাৰ ঠাইখিনিত এখনো তাঁতশাল নাই। মই নিজে এখন তাঁতশাল বহাই মোৰ কামবিলাকক এটা নতুন গতি দিব বিচাৰো। এইদৰে মই অসমৰ তাঁতশাল আৰু বস্ত্ৰশিল্পক সমৃদ্ধ কৰাত বৰঙণি আগবঢ়াব পাৰিম,’ তেওঁ কয়।

মন্ত্ৰীৰ পৰা লাভ কৰিছে স্বীকৃতি

মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে চলি অহা হিংসাৰ অৱসানৰ বাবে অনুষ্ঠিত এক অনুষ্ঠানত বেগমক ৰাজ্যৰ সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে সম্বৰ্ধনা জনায়। বেগমৰ সফলতাক প্ৰশংসা কৰি লিখা এক ফে’চবুক প’ষ্টত নেওগে কয়, ‘গভীৰ ইচ্ছাশক্তি আৰু আত্মবিশ্বাসৰ বলত এজন লোকে অসম্ভৱক সম্ভৱ কৰি তুলিব পাৰে। ৰুনজুন ইয়াৰ এক ডাঙৰ উদাহৰণ। মই আশা কৰো, কঠোৰ পৰিশ্ৰমৰ বলত স্বাৱলম্বনৰ বাট ৰচা ৰুনজুন বেগম এনে বহু নাৰীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ উঠিব।’

লগতে পঢ়ক – বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে অখিল গগৈক সদনৰ পৰা বহিস্কাৰ

শুভাকাংক্ষী আৰু সহায়ৰ হাত আগবঢ়াওঁতা

ৰুনজুন বেগমৰ সফলতাত গৌৰৱাম্বিত নিৰ্মল আশ্ৰয়ৰ অধীক্ষক সুমিত্ৰা ফুকনে কয়, ‘তাই এগৰাকী অল-ৰাউণ্ডাৰ আছিল আৰু সকলো কামতে অংশগ্ৰহণ কৰিছিল। এনে এগৰাকী সক্ৰিয় আৰু উদ্যোগী ছোৱালীক এই আশ্ৰয়গৃহটোত পোৱাটো আমাৰ বাবে গৌৰৱৰ কথা।’

ফুকনৰ সৈতে সহমত প্ৰকাশ কৰি নিৰ্মল আশ্ৰয় পৰামৰ্শদাতা শাশ্বতী শৰ্মাই কয়, ‘যোৱা কিছু বছৰত মই বহু মহিলাক পৰামৰ্শ আগবঢ়ালো, সকলোৱে কেৱল তেওঁলোকৰ স্বামীৰ পৰা ভৰণ-পোষণ বিচাৰে। আচৰিতভাৱে, খুবেই আৰ্থিক অনাটনৰ মাজত থকাৰ পিছতো ৰুনজুনে কোনোদিন ভৰণ-পোষণৰ বাবে চিন্তা কৰা নাই, তেওঁ কাম কৰি গ’ল আৰু নিজৰ পৰিচয় নিজে গঢ় দিলে।’

বহুজনৰ বাবে এগৰাকী পথ-প্ৰদৰ্শক

এবাৰ সফলতাৰ বাটত ভৰি থোৱাৰ পিছতে বেগমে তেওঁৰ অঞ্চলটোৰ আন পিছপৰা মহিলাসকলক আগবঢ়াই নিয়াৰ সংকল্প গ্ৰহণ কৰে। প্ৰথম পৰ্য্যায়ত তেওঁ যুৱতী আৰু মহিলাসকলক বিনামূলীয়া প্ৰশিক্ষণ দিয়া আৰম্ভ কৰে। বৰ্তমান তেওঁৰ সৈতে ১৫ গৰাকী মহিলাই নিয়মীয়া কমিছন ভিত্তিত কাম কৰে। ইয়াৰ উপৰি বহু যুৱতী আৰু মহিলাই নিজৰ সময়-সুবিধা মিলাই তেওঁৰ ওচৰত কাম কৰিবলৈ আহে।

হাছিনা বেগম নামৰ তেনে এগৰাকী মহিলাই কয়, ‘যোৱা তিনি বছৰে মই তেওঁৰ সৈতে কাম কৰি আহিছো। তেওঁ মোৰ বাবে পথ-প্ৰদৰ্শক হোৱাৰ লগতে মোক আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰশীল কৰি তুলিলে। আজি মই মোৰ সহায়ৰ হাত হৈ উঠিছো আৰু ইয়াৰ সকলো কৃতিত্ব অধিকাৰী ৰুনজুন।’

বেগম প্ৰশংসাত পঞ্চমুখ চুলেমা খাতুন নামৰ এগৰাকী অকলশৰীয়া মাতৃ কয়, ‘তেওঁ সদায় মোক এখোজ আগুৱাই গৈ সহায় কৰে। এটা সময়ত আৰ্থিক অভাৱৰ বাবে মই মোৰ ল’ৰাক কলেজত নামভৰ্তি কৰাব পৰা নাছিলো। সেই সময়ত তেওঁ মোক পুত্ৰৰ নামভৰ্তিৰ বাবে সহায় কৰিছিল।’

বেগমৰ সম্ভৱনা দেখা পাই যোৱা সময়ছোৱাত বহু কেইগৰাকী গ্ৰাহকে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। তেনে এগৰাকী পুৰণি গ্ৰাহক ছামিমা আহমেদে কয়, ‘মই প্ৰথম ৰুনজুনক তেওঁ জালুকবাৰীৰ এখন দোকানত কাম কৰি থকা সময়ত লগ পাওঁ। মই তেওঁৰ নিয়মীয়া গ্ৰাহক আছিলো। লাহে লাহে আমাৰ সম্পৰ্ক ঘণিষ্ঠ হৈ উঠিবলৈ ধৰে। এতিয়া মই মূলত ইয়াৰ পাইকাৰি কামবিলাকৰ চোৱাচিতা কৰোঁ। তেওঁৰ সৈতে কাম কৰিবলৈ খুবেই ভাল, যোৱা ৭ বছৰে মই এই কাম কৰি আহিছো।’

সম্প্ৰতি নিজৰ ৮ বছৰীয়া পুত্ৰ লাকিৰ সৈতে আনন্দেৰে বাস কৰা ৰুনজুন বেগমে নিজৰ প্ৰাক্তন স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰিছে। তিনি বছৰ পূৰ্বে ৰঙিয়া মহকুমা আদালতত তেওঁ নিজৰ দুগৰাকী কন্যাক শেষ বাৰৰ বাবে দেখা পাইছিল যদিও ছোৱালী দুগৰাকীয়ে নিজৰ মাকৰ সৈতে কথা পাতিব নুখুজিল।

‘মোৰ শাহুয়ে সিহঁতক সিহঁতৰ মাক মৰা বুলি কোৱা মই শুনা পাইছিলো। সেই মুহূৰ্তটো মোৰ বাবে খুবেই যন্ত্ৰনাদায়ক আছিল। এনে এটা মুহূৰ্ত নাই যেতিয়া মই সিহঁতৰ অভাৱ অনুভৱ নকৰো। মোৰ এটাই আশা সিহঁতে যাতে এদিন সকলো বুজি উঠি মোৰ কাষলৈ গুচি আহিব,’ বেগমে কয়।

কিন্তু হাজাৰ যন্ত্ৰনা থকাৰ পিছতো ৰুনজুন কোনোদিন থমকি ৰ’ব নোখোজে; তেওঁৰ বিশ্বাস তেওঁ নিজৰ দৰে বহু নাৰীক এটা মৰ্য্যাদাপূৰ্ণ জীৱন আৰম্ভ কৰাত সহায় কৰি পাৰে।

ইংৰাজীত পঢ়ক – How Assam’s Runjun Begum, victim of domestic violence, became a change leader

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,481 other subscribers

Leave a comment

Leave a Reply Cancel reply