ইষ্টমজ অসমৰ How to শিতানৰ আজিৰ খণ্ডটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছে। আজিৰ এই খণ্ডটিত আপোনালোকে ঘৰতে বহি লেপটপ বা মোবাইলৰ জৰিয়তে ৰেচন কাৰ্ডৰ বাবে আৱেদন কৰিব পাৰিব সেই বিষয়ে আমি জনাম। গতিকে সম্পূৰ্ণ ভিডিঅ’টো স্কীপ নকৰাকৈ চাব।

ৰেচন কাৰ্ডৰ বাবে অনলাইন আৱেদন কৰিবলৈ প্ৰথমে আপোনালোকে স্ক্ৰীণত দেখুওৱা এই লিংকটোত https://nfsa.gov.in/ ক্লিক কৰি ল’ব।

ক্লিক কৰাৰ পাছতে আপোনালোকে যিখন স্ক্ৰীণ দেখিব আৰু স্ক্ৰীণখনৰ একেবাৰে সোঁফালে ওপৰত এটা Sign in/Register অপশ্যন পাব।

এই অপশ্য়নত ক্লিক কৰাৰ পাছতে পাব্লিক লগ ইনত ক্লিক কৰি এটা User ID বনায় ল’ব।

ইয়াৰ পাছত আপোনালোকে যিখন স্ক্ৰীণ দেখিব তাত একেলগে তিনিটা অপশ্যন থাকিব। ইয়াৰে Sign in with Login IDৰ তলত থকা New User sign up here অপশ্যনত ক্লিক কৰিব।

এতিয়া এখন Form আপোনালোকে দেখিবলৈ পাব, য’ত আপোনালোকৰ নাম, জন্মৰ তাৰিখ, Login ID , Password , আধাৰ নম্বৰৰ লগতে ঠিকনাৰ সবিশেষ দিব লাগিব। এইখিনি কৰাৰ পাছত Submit অপশ্যনত ক্লিক কৰিব।

ছাবমিট কৰাৰ পাছতে পুনৰ Sign in with Login ID পেজখন দেখুৱাব। ইয়াৰে Captchaটো লিখি Sign in কৰি ল’ব।

লগে লগে আপোনালোকৰ স্ক্ৰীণ দেখিবলৈ পাব Food, civil supply and consumer affairs department। এই পেজটোৰ বাওঁফালে থকা New Registrationত ক্লিক কৰিব লাগিব।

ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে ৰাজ্যৰ নাম Select কৰি দিব।

যিখন Form দেখিবলৈ পাব ইয়াৰে select scheme under which you want to apply new ration cardত ক্লিক কৰি Priority household (NFSA) অপশ্যনটো Select কৰি ল’ব। লগতে Select beneficiary typeৰ  rationত ক্লিক কৰিব লাগিব।

এইখিনিৰ তলতে আৱেদনকাৰীৰ ব্যক্তিগত তথ্যসমূহ আৰু ফটো এখনো আপলোড কৰিব লাগিব। লগতে Form খনত বিচৰা সকলো খিনি Fillup কৰি ল’ব। মনত ৰাখিব ফটোখনৰ ছাইজ ২০ কে বিৰ তলত হ’ব লাগিব।

তাৰপাছত General Details, Professional Details, Additional Details  খিনি আপোনালোকে Fillup কৰি ল’ব। এই ফৰ্মখনৰ সকলোখিনি কৰাৰ পাছত Save and Continue ত ক্লিক কৰিব।

ইয়াৰ পাছত পুনৰ এখন Form লাভ কৰিব। ইয়াত Present address ৰ যিবোৰ বিচৰা হৈছে সেইবোৰ নিজৰ ঠিকনা অনুসৰি Select কৰি Save and Continue ত ক্লিক কৰিব ।

তাৰপাছত আহিব Additional Detailsৰ ফৰ্মখন। এই ফৰ্মখনতো কাষ্ট, বেংক একাউন্ট, গেছ কানেকশ্যন, বিদ্যুতৰ কানেকশ্যন, ফিজিকেল ডিটেইলছ আদি ভৰাই পুনৰ Save and Continue ত ক্লিক কৰি ল’ব।

ইয়াৰ পাছতে আহিব RC membersৰ ফৰ্মখন। ইয়াত আপোনাৰ লগতে পৰিয়ালত থকা প্ৰতিগৰাকী সদস্যৰ নাম আৰু আনবোৰ তথ্যৰ বাবে দিয়া ফৰ্মখনত সকলো লিখি Save and Continue ত ক্লিক কৰিব।

এইখিনি কৰাৰ পাছতে স্ক্ৰীণত দেখিবলৈ পাব RC enclosuresৰ ফৰ্মখন। ইয়াত আপোনালোকে Identity proof আৰু adress proofৰ তথ্য আৰু ফটো দিব লাগিব। তাৰপাছত পুনৰ Save and Continue ত ক্লিক কৰি ল’ব।

সকলোখিনি যদি শুদ্ধকৈ Fill Up কৰা হৈছে তেন্তে আপোনালোকে Save and Continue ত ক্লিক কৰিব Finish অপশ্যনত ক্লিক কৰিব। যদি কিবা ভুল থাকি যায় তেন্তে NFSA Criteriaত শোধৰাই ল’ব।

এইখিনি কৰাৰ পাছতে আপোনালোকে লাভ কৰিব এটা Acknowledgement number। এই নম্বৰটো ফটো মাৰি অথবা স্ক্ৰীণ শ্বট ৰাখিবলৈ নাপাহৰিব।

কাৰণ এই নম্বৰটোৰ দ্বাৰাই আপুনি চেক কৰিব লাগিব যে আপোনাৰ Apply Status অৰ্থাৎ আৱেদনখন গ্ৰহণ কৰা হৈছে নে নাই হোৱা। 

New Application Successfully Acceptedৰ মেছেজটো পোৱাৰ পাছতে Registration Statusত ক্লিক কৰি ল’ব।

Registration Statusত ক্লিক কৰাৰ পাছতে যিটো Application code আপোনাক দিয়া হ’ব সেইটো Search Expresionত দি এপ্লিকেশ্যনখনৰ সম্পূৰ্ণ Status চাব পাৰিব। 

আজিলৈ ইমানেই। আমাৰ How To শিতানৰ আজিৰ খণ্ডটি কেনে পালে সেই বিষয়ে কমেন্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply