অহা ১ মেৰ পৰা ক’ভিডৰ বাবে ভেকচিন ১৮ বছৰৰ পৰা ওপৰৰ সকলোকে দিব বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ পিছৰে পৰা ভেকচিন লোৱাৰ বাবে দেশত হেতাওপৰা লগাইছে ৰাইজে ।
বিশেষকৈ এইবাৰ কোৰোনাৰ সংক্ৰমণ আৰু ইয়াৰ চৰিত্ৰক লৈ চিকিৎসা বিজ্ঞানী মহলতো ইয়াক লৈ চৰ্চা চলিছে । এইবাৰ যুৱ প্ৰজন্ম বাৰুকৈয়ে আক্ৰান্ত হৈছে কোৰোনাত । ভেকচিন লোৱাৰ ক্ষেত্ৰত কেতবোৰ সাবধানতা লোৱাতো জৰুৰী বুলি UNICEFৰ গাইডলাইনত প্ৰকাশ কৰিছে ।
কৰোনাৰ লক্ষণ দেখা দিলে ভেকচিন লোৱাতো অনুচিত । ১৪ দিনৰ পিছত কৰোনাৰ লক্ষণ শেষ হোৱাৰ পিছতহে ভেকচিন ল’ব লাগে।
ভেকচিন দিয়াৰ সময়ত অলপ বিষ হ’ব পাৰে। ভাইৰাচৰ ভেকচিন যেতিয়া লোৱাৰ পিছত তাৰ পাৰ্শক্ৰিয়া স্বাভাৱিকতে থাকিব। এই পাৰ্শক্ৰিয়াই মানৱ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়াত সহায় কৰে।
ভেকচিন লোৱাৰ পিছত বিষ, ঠাণ্ডা লগা অথবা সাধাৰণ জ্বৰ, মাংসপেশীৰ বিষ হব পাৰে | কেইদিন মান সহ্য কৰিলে পুনৰ ভাল হ’ব।
বিপৰীতে গভীৰ পাৰ্শক্ৰিয়া যেনে খজুৱতি, মূৰ্ছা যোৱা, এলাৰ্জী, উশাহ লওতে সমস্যাৰ সৃষ্টি হোৱা তেতিয়া হ’লে স্বাস্থ্য কৰ্মীক জনাব লাগে।
আনহাতে ভেকচিন লোৱাৰ পিছতো ক’ভিডৰ ক্ষেত্ৰত যি সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে তাক সম্পূৰ্ণ ৰূপে আনৰ দৰেই পালন কৰাটো জৰুৰী ।
মাস্ক পিন্ধাৰ লগতে ছেনিটাইজ ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিব লাগে।
ভেকচিন ল’বলৈ চেণ্টাৰলৈ যোৱাৰ সময়ত অতিকে সাবধান হ’বলৈ কোৱা হৈছে ।
কোনো লোকে যদি ঔষধৰ ব্যবহাৰ কৰি আছে তেনেহলে তাত থকা স্বাস্থ্য কৰ্মীক সম্পূৰ্ণ ৰূপে অৱগত কৰাতো প্ৰয়োজন।