নিউজ ডেস্কঃ পৃথিৱীত একে মুখাবয়বৰ কেইবাজনো লোক থাকে। কেতিয়াবা ৰাস্তাৰে গৈ থাকিলে অথবা যিকোনো ঠাইত কোনো আত্মীয় অথবা বন্ধু-বান্ধৱৰ লগত  একে চেহেৰাৰ মিল থকা মানুহ দেখিবলৈ পোৱা যায়।  ঠিক সেইদৰে কিছু বছৰ পূৰ্বে ছ’চিয়েল মিডিয়াত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল এখন বিশেষ মুখে। বলীউড অভিনেতা টাইগাৰ শ্ৰফৰ সৈতে মিল থকা মুখাবয়ব দেখি সকলো আচৰিত হৈছিল। ৰাস্তাই -ঘাটে মানুহে টাইগাৰ শ্ৰফ বুলি ভুলো কৰিছিল। বহুতে আকৌ চেলফি ল’বলৈ হেতা-ওপৰা লগাইছিল। বলীউড অভিনেতা টাইগাৰ শ্ৰফৰ সৈতে মিল থকা সেই যুৱকজন হ’ল অসমৰ ডেভিড চহৰীয়া।

ইষ্টম’জ’ অসমৰ সৈতে যুৱকজনৰ এটি সাক্ষাৎকাৰৰ সংক্ষিপ্ত অংশ আগবঢ়োৱা হ’ল-

প্ৰশ্নঃ আপোনাৰ মুখখন বলীউড অভিনেতা টাইগাৰ শ্ৰফৰ সৈতে সম্পূৰ্ণ মিল আছে। ছ’চিয়েল মিডিয়াত আপোনাক দেখি বলীউড চিনেমাত অভিনয় কৰাৰ বাবেও প্ৰস্তাৱ দিছিল। সেই সন্দৰ্ভত জানিব বিচাৰো।

ডেভিড চহৰীয়াঃ যোগাযোগ কৰিছিল কিন্তু দুৰ্ভাগ্যবশতঃ মই যাব নোৱাৰিলো। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই এখন অসমীয়া চিনেমাত অভিনয় কৰিবলৈ সুযোগ পাইছিলো। সেই চিনেমাখনত অভিনয় কৰাৰ পিছত সংবাদমাধ্যমত এটা byte দিব গৈছিলো। তেতিয়াই ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেপাৰ, বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাত মোৰ ফটো আৰু article ওলাইছিল আৰু ভাইৰেল হৈ গৈছিল। 

প্ৰশ্নঃ কেতিয়াবা টাইগাৰ শ্ৰফক লগ কৰাৰ সৌভাগ্য ঘটিছেনে?

ডেভিড চহৰীয়াঃ সৌভাগ্য মানে মোৰ নিজৰেই এটা সময়ত এনেকুৱা লাগিছিল মই টাইগাৰ শ্ৰফক লগ কৰিম। কিন্তু পিছলৈ মোৰ এনেকুৱা লাগিল যে নিজৰো এটা পৰিচয় থাকিব লাগিব মই কি হয়। মই নিজৰ বিষয়ে জানো মই কিমানখিনি কৰিব পাৰো সেই হিচাপত মই কাম কৰি যাম হঠাৎ যদি লগ পাই যাওঁ তেতিয়া লগটো পামেই।

প্ৰশ্নঃ ৰাস্তাৰে যেতিয়া খোজ কাঢ়ি গৈ থাকে সকলোৱে যেতিয়া আপোনালৈ চাই কয় টাইগাৰ শ্ৰফ আহিছে তেতিয়া কেনেকুৱা অনুভৱ হয়?

ডেভিড চহৰীয়াঃ  সেইটো এটা বেলেগ অনুভৱ। বিশ্বাস নকৰিবা যেতিয়া এয়াৰপ’ৰ্টত যাওঁ ভিআইপি ছিকিউৰিটী দিয়ে। ভিআইপি জ’ন’ত বহুৱায়। গাড়ীত উঠা সময়ত মোক নিৰাপত্তাৰক্ষী দি গাড়ীত বহুৱাইছে। চেলফি ল’বলৈ সকলোৱে হেতা-ওপৰা লগায়।  কিন্তু  মই এই বিষয়ে  ছ’চিয়েল মিডিয়াত অহাটো নিবিচাৰো। এনেবোৰ কথা ভাইৰেল হোৱাতো  মই নিবিচাৰো।  এবাৰ দিল্লীত ইণ্ডিয়া গেটত যাওতে এটা সময়ৰ বাবে মই মুখৰ পৰা মাস্ক আঁতৰাইছিলো। কোনোবা ঠাইৰ পৰা দুখন বাছ  আহিছিল । বাছদুখনত আছিল স্কুলীয়া শিক্ষাৰ্থী । মোক দেখি সিহঁতে যেনেকৈ চিঞৰিলে মই আৰু মোৰ বন্ধু কেইজনে সেই ঠাইৰ পৰা বিশ্বাস কৰা ২.৫ কিলোমিটাৰ দৌৰি পলাইছিলো। সেইবোৰ একো একোটা স্মৃতি। লগতে পঢ়কঃমই হিমেশ ৰেশমিয়াৰ সৈতে কেতিয়াও গান নাগাও

সম্পূৰ্ণ ইন্টাৰভিউটো চাবলৈ তলত উল্লেখ কৰা লিংকটো click কৰক

YouTube video

লগতে পঢ়কঃ নিগেটিভ চৰিত্ৰই কিয় আকৰ্ষিত কৰে বলীউড অভিনেতা বলৰাম দাসক?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply