নিউজ ডেস্কঃ ক্ৰীড়া জগতখনেৰে কেৰিয়াৰ আৰম্ভ কৰি পিছলৈ সংগীতৰ জগতখনত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা অসমৰ এগৰাকী প্ৰতিভাবান জনপ্ৰিয় কন্ঠশিল্পী তুষাৰ অৰ্জুন। কুংফু মাৰ্শ্বাল আৰ্টছৰ চেম্পিয়ন হিচাপে তেওঁ সোণৰ পদক অৰ্জন কৰিছিল আৰু উত্তৰ-পূবৰ Best fighter সন্মানো লাভ কৰিছিল।

পিছে জীৱনৰ বাটত হঠাৎ সলনি হৈ গ’ল তেওঁৰ কেৰিয়াৰ। দিনক দিনে সংগীতৰ প্ৰতিহে তেওঁৰ আগ্ৰহ বাঢ়িবলৈ ধৰিলে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও ৰিয়েলিটী শ্ব’ত অংশগ্ৰহণ কৰি অসমীয়া সংস্কৃতিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চত উপস্থাপন কৰি বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় তুষাৰ। তেতিয়াৰে পৰা অসমবাসীৰ মাজত পৰিচিত হ’বলৈ ধৰিলে কন্ঠশিল্পী তুষাৰ অৰ্জুন। ইতিমধ্যে বলীউডত বহুকেইটা গীতত কন্ঠদান কৰিছে তুষাৰে।

কন্ঠশিল্পী তুষাৰ অৰ্জুনৰ সৈতে হোৱা সাক্ষাৎকাৰৰ এটি সংক্ষিপ্ত অংশ আগবঢ়ালো-

প্ৰশ্নঃ বলীউড সংঘাতেৰে পৰিপূৰ্ণ। বলীউডত আপোনাৰ কেনেকুৱা struggle চলি আছে?

তুষাৰ অৰ্জুনঃ মোৰ বহুত hard struggle চলি আছে। মোৰ ভাল কামখিনি ওলাই আহিবলৈ সময় হৈছিল, কিছুমান project মই sign কৰিছিলো। কিন্তু সেই সময়তে ক’ভিড মহামাৰীয়ে গোটেই শেষ কৰি পেলালে। তেতিয়াৰ পৰাই মোৰ জীৱনলৈ অমানিশা নামি আহিল। যদি ভাল দিন আহে, ভাল সময় আহে তেতিয়াহ’লে হয়তো মোক স্ক্ৰীণটো দেখিবলৈ পাব। শেহতীয়াকৈ মই এলবামত কেইবাটাও গীত গালো আৰু কেইটামান গীত আছে সেইকেইটা মুক্তি লাভ কৰিবলৈ কিছু সময় লাগিব। লকডাউনৰ সময়তে আৰু এটি গীত মই জি মিউজিকত এৰি দিছিলো। জি মিউজিকে মোক বহুত সহায় কৰিলে। ভিডিঅ’ নোহোৱাকৈ তেওঁলোকে অডিঅ’ মুক্তি দিছিল।

প্ৰশ্নঃ জি টিভিৰ সাৰেগামাপাৰ মঞ্চতে ৰাইজে আপোনাক চিনি পাইছে। সেই মঞ্চতে সংগীত পৰিচালক তথা কন্ঠশিল্পী হিমেশ ৰেশমিয়াই আপোনাক এটি গীতৰ প্ৰস্তাৱ আগবঢ়াইছিল। গীতটো আপোনাৰ কন্ঠত বাণীবদ্ধও নহ’ল। প্ৰকৃততে হৈছিল কি?

তুষাৰ অৰ্জুনঃ সেই সময়ত হিমেশ অভিনেতা হৈছিল। ‘Aak ka surroor’ নামৰ চিনেমাখনত অভিনয় কৰিছিল। নতুন অভিনেতা হিচাপে যথেষ্ট উৎসাহী হৈ আছিল। হিৰো হৈছিল সি। হিৰোই যি তি কথা কৈ দিয়ে। তাৰ পাছতে ৰাণু মণ্ডলক লৈ ব্যস্ত হৈ পৰিল। bollywood ত fake promises বাৰু চলি থাকে। সি বহুতক কৰিছে তেনেকুৱা। কিন্তু মোৰ ক্ষেত্ৰত অলপ বেলেগ আছিলে, মোৰ ক্ষেত্ৰত সি গাই শুনাইছিল গানটো। মোৰ সমস্যাটো হ’ল য’তেই যাওঁ মোক সকলোৱে সোধে গানটোৰ কথা। পাঁচ বছৰ-ছয় বছৰ সেই একেটা প্ৰশ্নৰে সন্মুখীন হ’লো। সেই কাৰণে মই বেছি কষ্ট পাইছিলো। আকৌ যদি সি কেতিয়াবা গানটো গাব দিয়েও মই কেতিয়াও নাগাও।

প্ৰশ্নঃ লাইমলাইটলৈ আপুনি কিয় নাহে?

তুষাৰ অৰ্জুনঃ মই অনলাইন বহুত ভদ্ৰ কিন্তু অফলাইন বহুত বেয়া। অফলাইন এই কাৰণে বেয়া সকলো মই সকলো কথা সহ্য কৰিব নোৱাৰো। I don’t want fake people in my life দুৰ্ভাগ্যজনক ভাৱে মোৰ কাষৰ পৰা যিমানবোৰ মানুহ ঘূৰিছে maximum fake য়ে হয়।

সম্পূৰ্ণ সাক্ষাৎকাৰটো চাবলৈ তলত উল্লেখ কৰা লিংকটো click কৰক-

YouTube video

লগতে পঢ়কঃঅভিনেতা পদ্মৰাগ গোস্বামীয়ে ভিলেইনৰ চৰিত্ৰতে কিয় অভিনয় কৰে?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply