ৰাজৰ্ষি চহৰীয়া

শিক্ষা হৈছে জীৱন। শিক্ষা অবিহনে কোনো ব্যক্তিৰ জীৱন সম্পূৰ্ণ হ’ব নোৱাৰে। বৰ্তমান সময়ত ভাৰত শিক্ষাৰ ক্ষেত্ৰত বহু আগবাঢ়িছে। আৰু ডিজিটেল মাধ্যমে এই ক্ষেত্ৰত বহুখিনি অৰিহণাও আগবঢ়াইছে।

মই ৰাজৰ্ষি চহৰীয়াই আপোনালোকক স্বাগতম জনাইছো ইষ্টমজ অসমৰ শিক্ষা বিশেষ অনুষ্ঠানলৈ। আজি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এক বিশেষ টুইট কৰে। টুইটটোত এটা ভিডিঅ’ সংযোগ কৰি দেশৰ শীৰ্ষ ১০ শিক্ষানুষ্ঠানৰ নাম ঘোষণা কৰা হৈছে।

আৰু আপোনালোকে জানি গৌৰৱ অনুভৱ কৰিব, কিয়নো শীৰ্ষ ১০ শিক্ষানুষ্ঠানৰ তালিকাত আছে আইআইটি, গুৱাহাটীৰ নাম। এতিয়া আহিছো এই বিশেষ তালিকাখনলৈ। সামগ্ৰিকভাৱে দেশৰ শীৰ্ষ ১০ শিক্ষানুষ্ঠানৰ প্ৰথম স্থানত আছে আইআইটি, মাদ্ৰাছ। তাৰপাছত থকা শিক্ষানুষ্ঠান কেইখন ক্ৰমে- ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েঞ্চ বাংগালুৰু, আইআইটি বোম্বাই, আইআইটি দিল্লী, আইআইটি কানপুৰ, আইআইটি খৰগপুৰ, আইআইটি ৰূৰকী, আইআইটি গুৱাহাটী, এইমছ দিল্লী আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়।

মন কৰিবলগীয়া যে, তালিকাখনৰ অষ্টম স্থানত আছে ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকনলজী গুৱাহাটী যাক আমি সহজ ভাষাত আইআইটি গুৱাহাটী বুলি জানো। আৰু নিশ্চিতভাৱে শিক্ষাৰ ক্ষেত্ৰত এয়া সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱৰ বিষয়।

এটা সময় আছিল যেতিয়া ভাৰতৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষা গ্ৰহণৰ বাবে বিদেশলৈ উৰা মাৰিছিল। কিন্তু অধিকাংশ মেধাৱী ছাত্ৰ-ছাত্ৰীৰে অভিভাৱকসকলে বিদেশত নিজৰ সন্তানক পঠিওৱা, তাত শিক্ষা গ্ৰহণ কৰোৱা আদিৰ বাবে ধন ব্যয় কৰাৰ ক্ষেত্ৰত সমৰ্থ নাছিল। ভাৰতত সেই সময়ত উচ্চ শিক্ষানুষ্ঠান আঙুলিৰ মূৰত গণিব পৰাকৈ কেইখনমানহে আছিল।

কিন্তু এতিয়া পূৰ্বৰ সেই পৰিৱেশ নাই। কিয়নো এতিয়া ভাৰতৰ শিক্ষাৰ মানদণ্ড বহু উচ্চমানৰ হোৱাৰ লগতে শিক্ষানুষ্ঠানৰো কোনো অভাৱ নাই মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে।

এতিয়া পুনৰ ঘূৰি আহিছো দেশৰ শীৰ্ষ শিক্ষানুষ্ঠানৰ তালিকাখনলৈ। শিক্ষা মন্ত্ৰালয়ৰ নেশ্যনেল ইনষ্টিটিউট ৰেংকিং ফ্ৰেমৱৰ্কত অভাৰ অল অৰ্থাত সামগ্ৰিক তালিকাত আইআইটি গুৱাহাটী অষ্টম স্থানত থকাৰ লগতে ইঞ্জিনিয়াৰিঙৰ তালিকাতো সপ্তাম স্থানত আছে এই প্ৰতিষ্ঠানটি। মুঠ ১১টা ভাগত ভাগ কৰা এই ৰেংকিঙৰ ৩খন তালিকাতে আছে আইআইটি গুৱাহাটীৰ নাম।

হয় আপুনি ঠিকেই শুনিছে। সামগ্ৰিক দিশ, অভিযান্ত্ৰিকৰ লগতে গৱেষণাৰ তালিকাতো নৱম স্থানত আছে আইআইটি গুৱাহাটী। গৱেষণাৰ ক্ষেত্ৰত গুৱাহাটীৰ আইআইটিৰ স্কৰ ৬৪.৯৯ . । লগতে ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত এই স্কৰ ৭৩.৮৪।

উল্লেখ্য যে, আইআইটি, গুৱাহাটী হৈছে ভাৰতৰ ষষ্ঠখন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। ১৯৯৪ চনত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী স্থাপন কৰা হয় যদিও ১৯৯৫ চনৰ পৰাহে শিক্ষাদান আৰম্ভ কৰা হয় এই প্ৰতিষ্ঠানত। ১৯৯৫ চনত ইয়াত বেচেলৰ অফ টেকনল’জীৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰা হৈছিল। আন আন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানসমূহৰ নিচিনাকৈ ইয়াত JEEৰ যোগেদি বি. টেক. পাঠ্যক্ৰমৰ নামভৰ্তি কৰোৱা হয়। ১৯৯৮ চনত প্ৰথম বাৰৰ বাবে GATE অৰ্থাত Graduate Aptitude Test in Engineering যোগেদি এম. টেক. পাঠ্যক্ৰমৰ বাবে নামভৰ্তি কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply