ৱেব ডেস্কঃ ভাৰতে ঘৰুৱাভাৱে গঢ়ি তোলা তাৎক্ষণিক পেমেন্ট ব্যৱস্থাই বাণিজ্যক পুনৰ নিৰ্মাণ কৰাৰ লগতে কেইবা নিযুত লোকক আনুষ্ঠানিক অৰ্থনীতিৰে সংযুক্ত কৰিবলৈ সক্ষম হৈছে। চৰকাৰে এই “ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি”ৰ ভেটি স্থাপন কৰিছিল আৰু ইয়াৰ আধাৰত এক বলিষ্ঠ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব গঢ় লৈ উঠে।ই দৈনন্দিন জীৱনক অধিক সুবিধাজনক,ঋণ আৰু সঞ্চয়ৰ দৰে বেংকিং সেৱাসমূহ কেইবা নিযুত ভাৰতীয়লৈ সম্প্ৰসাৰিত কৰাৰ লগতে চৰকাৰৰ কাৰ্য্যক্ৰমৰাজিৰ উপলব্ধতা আৰু কৰ সংগ্ৰহক প্ৰসাৰিত কৰাত সহায় কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে জি-২০ৰ ৰাষ্ট্ৰসমূহৰ বিত্তমন্ত্ৰীসকলক ডিজিটেল পেমেন্ট বাতাবৰণটোক এক বিনামূলীয়া ৰাজহুৱা ব্যৱস্থা বুলি অভিহিত কৰি কয় যে, ই ভাৰতত শাসন ব্যৱস্থা, বিত্তীয় অন্তৰ্ভুক্তি আৰু ইজ অৱ লিভিঙক আমূলভাৱে ৰূপান্তৰিত কৰিছে।

এই পদক্ষেপৰ মূলতে আছে জনপ্ৰিয় জেম ত্ৰিনিটি (JAM trinity)– জন ধন একাউন্ট, আধাৰ আৰু ম’বাইল, এয়া হৈছে ভাৰতৰ সমগ্ৰ অৰ্থনৈতিক বাতাবৰণটোৰ বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰা তিনিটা স্তম্ভ।

ইয়াৰে প্ৰথম স্তম্ভটো আৰ্থিক অন্তৰ্ভুক্তিৰ লক্ষ্যৰে প্ৰতিজন প্ৰাপ্তবয়স্ক ভাৰতীয়লৈ বেংক একাউন্টৰ সুবিধা নিশ্চিতকৰণৰ বাবে পিএম জন ধন যোজনাৰ শুভাৰম্ভ কৰা হৈছিল। ২০২২ লৈকে ৪৬.২৫ কোটি বেংক একাউন্ট খোলা হৈছে, ইয়াৰে ৫৬% মহিলাৰ আৰু ৬৭% গ্ৰামাঞ্চল আৰু অৰ্ধ-নগৰীয়া অঞ্চলসমূহত খোলা হৈছে। এই একাউন্টসমূহত ১,৭৩,৯৫৪ কোটি টকা জমা কৰা হয়।

দ্বিতীয় স্তম্ভ আধাৰে পৰিচয় সেৱাৰ ৰূপান্তৰ ঘটালে। আধাৰ আইডিকটু-ফেক্টৰ প্ৰমাণীকৰণ বা বাঅ’মেট্ৰিক আইডিৰ জৰিয়তে ডিজিটেল প্ৰমাণীকৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰি। আধাৰ-নেতৃত্বাধীন প্ৰমাণীকৰণ বেংক আৰু টেলকোৰ দৰে প্ৰতিষ্ঠানসমূহৰ বাবে এক সম্বল হৈ পৰিছে।

আজি ৯৯ শতাংশ প্ৰাপ্তবয়স্ক লোকৰ বাঅ’মেট্ৰিক চিনাক্তকৰণ নম্বৰ আছে।এতিয়ালৈকে ১.৩ বিলিয়নৰো অধিক আইডি জাৰি কৰা হৈছে।

তৃতীয় স্তম্ভটো হৈছে ম’বাইল, যিয়ে ভাৰতৰ টেলিকম খণ্ডৰ মূল ডিজিটেল উদ্ভাৱনকে প্ৰদৰ্শন কৰিছে। ২০১৬ত ৰিলায়েন্স জিঅ’ৰ বিশাল প্ৰৱেশৰ পিছত ডাটাৰ ব্যয় ৯৫% হ্ৰাস পায়। ইয়াৰ ফলত প্ৰতিজন ভাৰতীয়ই নিম্ন- মূল্যত আৰু সহজে ইন্টাৰনেটৰ সুবিধা লাভ কৰে।

ইউপিআই হৈছে এক আন্তঃকাৰ্য্যকৰী প্লেটফৰ্মৰ জৰিয়তে ভাৰতীয় ৰাষ্ট্ৰীয় পেমেন্ট কৰ্পৰেচনে (NPCI) নেতৃত্ব প্ৰদান কৰা এটা ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (PPP)। এই প্লেটফৰ্মে শ-শ বেংক আৰু কেইবা ডজন ম‘বাইল পেমেন্ট এপৰ জৰিয়তেকোনোধৰণৰ লেনদেনৰ মাচুল অবিহনে সেৱা আগবঢ়ায়।

যোৱা বছৰ ভাৰতত হোৱা তাৎক্ষণিক ডিজিটেল লেনদেনৰ পৰিমাণযুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, জাৰ্মানী আৰুফ্ৰান্সতকৈ অধিক আছিল। ভাৰতৰ এজন কেবিনেট মন্ত্ৰী অশ্বিনীবৈষ্ণৱে জানুৱাৰীত বিশ্ব অৰ্থনৈতিক ফৰামত কৈছিল, “এই চাৰি ৰাষ্ট্ৰক একত্ৰিতকৰি চাৰিৰে পূৰণ কৰিলেও বেছি।“

ডিজিটেল পেমেন্ট ব্যৱস্থাটোৰ সফলতা কেৱল ডিজিটেল পেমেন্ট আন্তঃগাঁথনিৰ বলিষ্ঠতাতেই নিহিত নহয়, বৰঞ্চ জনতাক নগদ ধনৰপৰা ডিজিটেলৰ অভিযোজনাকৰিবলৈ উৎসাহিত কৰাতো ইয়াৰ সফলতা নিহিত হৈ আছে। যিকোনো আচৰণগত পৰিৱৰ্তনৰ দৰেই ইয়াকো ইয়াৰ মূল গোটৰ সৈতে প্ৰাসংগিকতা নিশ্চিত কৰা অন্তৰ্দৃষ্টিসম্পন্ন উদ্ভাৱনৰ জৰিয়তে ব্যৱস্থাটোৰ বিশ্বাস আৰু সুলভতাৰ ওপৰত ভিত্তি কৰি গঢ়ি তোলাহৈছে।

ইয়াত ক্ষুদ্ৰ আৰু আকৰ্ষণীয় উদ্ভাৱন যেনেঃ পেমেন্ট এপৰদ্বাৰা আগবঢ়োৱা মৃদু ভইচ বক্স স্নেক কাৰ্ট আৰু চাহৰ ষ্টলত দেখা যায়।বিক্ৰেতাসকল ব্যস্ত হৈ থকাৰ পৰিপ্ৰেক্ষিতত প্ৰতিটো ক্ষুদ্ৰ লেনদেনৰ বাবে ফোন মেছেজ পৰীক্ষা কৰিব নোৱাৰে যদিওএটা কণ্ঠই কিউআৰক’ডৰ জৰিয়তেপ্ৰতিটো পেমেন্টৰ জৰিয়তে কিমান টকা লাভ কৰা হৈছে, সেই তথ্য ঘোষণা কৰে। ইয়াৰ জৰিয়তে বহুদিন ধৰি নগদ লেনদেনত অভ্যস্ত ব্যৱসায়ীসকলৰ মাজত অনাস্থা দূৰত সহায় হৈছে।

ভাৰতৰ ডিজিটেল পেমেন্টবাতাবৰণ হৈছে অন্তৰ্নিহিত মূল সম্পদ আৰু সামৰ্থ্যসমূহৰসুদৃঢ়কৰণে ইতিবাচক প্ৰভাৱ বিস্তাৰৰ এক উদাহৰণ। ই ক্ৰমান্বয়ে ভাৰতত ব্যৱসায়, উদ্যমিতাৰ লগতে ব্যৱহাৰৰ আৰ্হিত বৈপ্লৱিক পৰিৱৰ্তন সাধনেৰে ভাৰতৰ ডিজিটেল পেমেন্টবাতাবৰণটোক চিত্ৰপট পৰিৱৰ্তনকাৰী আৰু বিশ্বৰ প্ৰেৰণা হিচাপে গঢ়ি তুলিছে।

লগতে পঢ়ক – ৰাহুল গান্ধীৰ ‘নৱৰূপ’, সলনি হ’বনে ভাৰতীয় ৰাজনীতি?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply